বিজেপি নেতা অজিত কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত সোনোৱাল

বিজেপি নেতা অজিত কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত সোনোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন উপ-সভাপতি, ৰাজ্যিক সাধাৰণ সম্পাদক তথা দলৰ এগৰাকী প্ৰবীণ নেতা সদ্যপ্ৰয়াত অজিত কুমাৰ ভট্টাচাৰ্যৰ গুৱাহাটীৰ বাসগৃহত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে। লগতে তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জনায়। সোণোৱালে উল্লেখ কৰে, “বহু প্ৰত্যাহ্বান নেওচি বৰাক উপত্যকাকে ধৰি ৰাজ্যখনত বিজেপিৰ সাংগঠনিক শক্তিৰ বিস্তাৰৰ দিশত ভট্টাচাৰ্যই অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ বিয়োগ বিজেপি অসম প্ৰদেশ পৰিয়ালৰ লগতে সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।”