অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি পদ ত্যাগ ৰাজু চাহুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম কংগ্ৰেছৰ ভিতৰৰ দলীয় বিবাদৰ অন্ত পৰা নাই । একাধিক টিকট বঞ্চিত নেতাই দল এৰাৰ পিছত এইবাৰ দলটোৰ উপ-সভাপতি ৰাজু চাহুৱে তেওঁক গুৰুত্বহীন কৰাৰ অভিযোগত এক পত্ৰৰ জৰিয়তে উপ-সভাপতি পদ ত্যাগ কৰিছে।দলৰ সভাপতি ভূপেন বৰাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি ত্যাগ কৰে এই পদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ স্থিতিক লৈ অসন্তুষ্ট হৈ উপ-সভাপতি পদ ত্যাগ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁৰ অভিযোগ ডিব্ৰুগড়-তিনিচুকীয়াক লৈ তেওঁ সভাপতি ভূপেন বৰাই সকলো সিদ্ধান্ত একপক্ষীয়ভাৱে গ্ৰহণ কৰিছে। তেওঁৰ সৈতে কোনো কথাই আলোচনা কৰা নাই। লগতে তেওঁ নিস্বাৰ্থভাৱে জিলা দুখনত দলীয় কাম কাজ কৰি আহিছিল বুলিও উল্লেখ কৰিছে। সভাপতি ভূপেন বৰাই এনে একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, কেৱল অলংকাৰ হৈ উপ-সভাপতি হিচাপে কাম কৰাৰ মন নাই। দলৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰি যাম।