অসমীয়াৰ জাতীয়স্তম্ভ মাজুলীৰ মণিকাঞ্চন মিলন ক্ষেত্ৰ – মাজুলীৰ সাহিত্য
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- দুজনা গুৰুৰ মহামিলনৰ আদিস্থান মাজুলী আঁহতগুৰিত পুনৰুজ্জীৱিত হোৱা শ্ৰীশ্ৰী ধূৱাঁহাট বেলগুৰি (থান) সত্ৰ অসমীয়াৰ জাতীয়স্তম্ভ , জাতিৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এই থানক পূৰ্ণাংগ ৰূপ দিবলৈ ৰাইজ আৰু চৰকাৰ আগবাঢ়ি আহক বুলি আহ্বান জনায় মাজুলীৰ সাহিত্যৰ হৈ কমল দত্তই। ঐতিহ্যমণ্ডিত শঙ্কৰ-মাধৱৰ মিলনক্ষেত্ৰ মণিকাঞ্চন সংযোগৰ প্ৰতিষ্ঠা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অতি উলহ -মালহেৰে উদ্যাপন কৰা হৈছে । আঁহতগুৰি শিকলি চাপৰি, মাজুলী মূল ভূখণ্ড আদি স্থানত ধুৱাহাট বেলগুৰি থান মণিকাঞ্চন ক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোৰ আজি পুৱা পতাকা উত্তোলন কৰে আঁহতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী আৰু মাজুলী সাহিত্য ৰ সভাপতি কমল দত্তই এইদৰে আহ্বান কৰে। মণিকাঞ্চন মিলন ক্ষেত্ৰৰ প্ৰথম বৰ্ষীয় পুনৰুজ্জীৱিত দিৱসৰ ক্ষেত্ৰ উদ্বোধন প্ৰয়াত ৰামেশ্বৰ নেওগৰ ডাঙৰ পুত্ৰ প্ৰণৱ নেওগে, স্মৃতি তৰ্পণ – বিমান ভূঞা, কালুৰাম পেগু, ৰাজেন পূজাৰীয়ে কৰাৰ পিছতে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে- যুগল ভূঞা, জীৱেশ্বৰ শইকীয়াই, প্ৰভাত শইকীয়া । ইয়াৰ পাছতে আৰম্ভ হোৱা মুকলি সভা থান পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিত্ব কৰে ৰূপচন্দ্ৰ গোস্বামীয়ে। স্মৃতিগ্ৰন্থ ” মণিকাঞ্চন মিলন দৰ্পণ” উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী যুগল ভূঞাই। কাৰ্যসূচীৰ আঁত ধৰে মাজুলীৰ সাহিত্যৰ সম্পাদক গোবিন কুমাৰ খাউণ্ডে।

সভাত মাজুলীৰ সাহিত্যই প্ৰৱৰ্তন কৰা ” “আঁহতগুৰি প্ৰাণ” ৰামেশ্বৰ নেওগ সোঁৱৰণী বঁটা ” মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তই প্ৰদান কৰে ৰাজেন পূজাৰী, আনন্দ খাউণ্ড, দুৰ্লভ চন্দ্ৰ বৰা, বীৰেণ শৰ্মা,বিনন্দ চন্দ্ৰ বৰুৱা আৰু প্ৰফুল্ল কুমাৰ পূজাৰীক। বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত ৰামেশ্বৰ নেওগৰ তিনিগৰাকী পুত্ৰ প্ৰণৱ নেওগ, গজেন নেওগ, নৱজ্যোতি নেওগ, জীয়ৰী জুনমণি হাজৰিকা, বোৱাৰী স্মৃতা শইকীয়া নেওগ উপস্থিত থাকে। এই অনুষ্ঠানৰ পূৰ্বে নাম-প্ৰসঙ্গ, গায়ন-বায়ন জোৰা, নৃত্য ,গায়ন- বায়নত ৰঞ্জন গোস্বামী, পোলেন বৰা – বায়ন ৰূপচন্দ্ৰ গোস্বামী, গোপাল গোস্বামী,প্ৰাঞ্জল বৰা,দুল পাঠক, তাল – পদ্ম বৰা,ৰাজীৱ বৰা, প্ৰদীপ বৰাই পৰিৱেশন কৰে। বিয়লি বিলতীয়া গাঁৱৰ ৰাইজৰ গায়ন বায়নৰ পিছত শ্ৰী শ্ৰী আঁহতগুৰি বৰসত্ৰৰ সত্ৰীয়া ৰঞ্জন গোস্বামীৰ নেতৃত্বত শিকলিচাপৰিৰ বিভিন্ন গাঁৱৰ শিল্পীসকলৰ দ্বাৰা ৰাস ঝুমুৰা অভিনয় কৰে লগতে সাংস্কৃতিক অনুষ্ঠান, দিহানাম, বৰগীত আৰু ৰাতিলৈ ভাগৱত ব্যাখ্যা কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । দিনৰ মুকলি সভাত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু ভাষণ প্ৰদান কৰে- বিমান ভূঞা,যুগল ভূঞা,ৰাজেন পূজাৰী, দুগ্ধচন্দ্ৰ গোস্বামী, প্ৰফুল্ল কুমাৰ পূজাৰী, আনন্দ খাউণ্ড,ভবেন ফুকন আদিয়ে । দুদিনীয়া কাৰ্যসূচীৰ কালিলৈ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব মাজুলীৰ আয়ুক্ত ড০ কাবেৰী বি শৰ্মাই।