মে – ডাম – মে – ফী
লখিমী শৰ্মা, যোৰহাট
মে ডাম মে ফী হ’ল টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ । এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ ডাম – ফী পৰম্পৰা ৰূপে বিকাশ ঘটে । ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা ঊনবিংশ শতিকাৰ তৃতীয় দশকলৈকে নিৰৱছিন্ন ভাবে আহোম স্বৰ্গদেউ সকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি থৈ গৈছে । প্ৰায় ছশ বছৰৰ ( ১২২৮ – ১৮২৬ খ্ৰীঃ ) এই দীঘলীয়া কালছোৱাত অনেক জয় পৰাজয় , ঘাত – প্ৰতিঘাত , সন্ধি বিগ্ৰহ , মিত্ৰতা – শত্ৰুতা , বিনিময় সংগ্ৰহ আদিৰ যোগেদি তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহৎ অসমীয়া জাতি । আহোম যুগৰ এই ইতিহাস বিস্ময় আৰু ৰোমাঞ্চেৰে ভৰা । আহোম যুগৰ এক ধৰ্মীয় সামাজিক উৎসৱ মে – ডাম – মে – ফী । এই উৎসৱ টাই আহোমসকলে উদযাপন কৰা পূৰ্বপুৰুষৰ পূজা । মে – ডাম – মে – ফী ৰ অৰ্থ হ’ল- মে মানে প্ৰাৰ্থনা বা পূজা কৰা , ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফী মানে দেও বা দেৱতা । এই পূজাৰ জৰিয়তে উপৰি পুৰুষৰ হৈ অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে পমিং ( আশীৰ্বাদ ) বিচৰা হয় । টাই আহোম সকলে বিশ্বাস কৰে যে , পূৰ্বপুৰুষৰ মৃত্যুৰ পিছত দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো – নাতি , জীয়ৰী – বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে । টাই আহোম সকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে । তেওঁলোকে মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিবলগীয়া হয় , উত্তৰ – পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয় । ইয়াৰ উপৰিও ঘৰত বিয়া – বাৰু , বিহু আদি উৎসৱত আৰু খেতি চপাই ন – খাওঁতে টাই আহোমসকলে পূৰ্বপুৰুষ সকলক সুঁৱৰি তেওঁলোকে পূজা কৰে । এনে পূজাক ” মৃতকক দিয়া পূজা ” বুলি কোৱা হয় । এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ – মাংস , ৰন্ধা ভাত , পায়স , মিঠাই আৰু সাঁজ উৎসৰ্গা কৰা হয় । মৃতকক দিয়াৰ যোগেদি জীৱিত পৰিয়ালটোৱে পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ বিচাৰে বুলি এক বিশ্বাস আছে । অন্যান্য পূজাৰ দৰে মে – ডাম – মে – ফী পালনৰ বাবে টাই ভাষাত খেক্ – লাই বুলি এখন পূজা বিধি থকা বুলি জনা যায় ।