ধৰ্ষিতা ফাগুন – সত্যজিৎ গগৈ

ধৰ্ষিতা ফাগুন
সত্যজিৎ গগৈ
ফাগুনৰ বৰষুণ জাক আহি
লঠঙা শিমলুৰ ডালত বহিছে
তৰাং নৈখনে গাইছে বাৰিষাৰ গান।
নিৰ্বোধ হাতৰ বিজয় উল্লাখ
বৰদৈচিলাৰ নিদাঘ যজ্ঞ
ফাগুনৰ পছোৱাত উৰি ফুৰা
মই এটি চঞ্চলা হালধীয়া পখিলা ৷
সৰাপাতৰ বিননি
উন্মনা ফাগুন
এই ফাগুনত তুমি
পলাশ-শিমলু-মদাৰ আৰু
মই উতনুৱা তুলা হৈ নাচিছো।
ধূলি,বতাহ আৰু আকাশৰ লগত
ৰঙীন সম্বন্ধ পাতিছো
কেতিয়াবা উদাৰ আকাশৰ চিলাখন হৈ
হেঁপাহৰ আঁচল টানি উৰিছোঁ।