ফাগুন – ববিতা বৰুৱা

ফাগুন 

ববিতা বৰুৱা
বোকাখাত

কনেংহঁতৰ অইঃনিতম আৰু
‘গুমৰাগ’ৰ তালে-তালে
ফাগুন আহিল…..
আলি- আই- লৃগাং জীপাল হ’ল।

বতাহৰ সুৰুঙাত মূৰ সুমুৱাই চাওঁ….
গছবোৰ দেখোন লঠঙা হ’ল…..!
ক’তো এজোপাও ছাঁ দিব পৰা
গছ দেখা নাই ….!
ক’তো দোৰোল খোৱা সেউজীয়া
দেখা নাই ……!

তুমি সুধিছা! মদাৰ, শিমলু, পলাশৰ
ৰঙা ৰং ক’ত…….?
গছ নোহোৱাকৈ ফুলে জানো ফুল….?
মসৃণ বাট- পথ নিৰ্মাণৰ নামত
প্ৰকৃতিৰ সৌন্দৰ্য্য নোহোৱা হ’ল….!
খৰালি বুকু শুকুৱা নৈৰ দৰে
টুটি আহিছে মানৱতা….!

লঠঙা গছবোৰে এবুকু
সেউজীয়া আশা লৈ…..
ন- সাজ পিন্ধিবলৈ থাকে ৰৈ…..!
সৰাপাতৰ ফাঁকেৰে জুমি চাওঁ…
নাই তুমি নাই …….
তুমি আহিলেই মোৰ মন
ফাগুন ফাগুন…..
কঁপি উঠে মোৰ হৃদয়ৰ
সমস্ত কোণ…..!

ফাগুনেই কুৰুকি, কুৰুকি উলিয়াই আনে
হৃদয়ৰ বতৰা …..!
হৃদয়ৰ বাবেই
হৃদয়ৰ ইমান গভীৰতা ……!!