সত্যজিৎ গগৈৰ – কেঁচা কবিতা

PC - iStock
বিশ্লেষণ:-
সত্যজিৎ গগৈৰ “কেঁচা কবিতা” 
কেঁচা কবিতা
যোৱা দুটামান বছৰৰ পৰা
কবিতাৰ খেতি ভাল হৈছে
মানে খেতিয়কৰ সংখ্যা বাঢ়িছে
যদিওবা কবিতাবোৰ পঢ়িবলৈ
নাই কোনো সুহৃদ পাঠক।
কবিতাৰ পথাৰখন বহু যুগৰ
কিন্তু খেতিয়ক সকল নতুন
নতুন মানে অতি আধুনিক
যাৰ বাবে কবিতাবোৰ নপকে
কেঁচাতেই চপাই আনে ন-কৃষকে।
কেঁচা কবিতাবোৰৰো পাঠক আছে
আৰু আছে সমালোচক
যি সমালোচনা কৰা হয়
কেৱল খেতিয়কৰ সপক্ষে
যি সমালোচনাই কেঁচা কবিতাকো
পকাই তোলে নিৰ্বিঘ্নে
যিদৰে কেঁচা বিলাহীক পকাই তোলে।
কিছুমান কেঁচা কবিতাটো সুগন্ধি থাকে
পাকৈত খেতিয়কে জানে কিদৰে গঢ়ে সমাজ
সেয়েহে কবিতাবোৰ পকিবলৈ দিব লাগে
পকা কবিতাৰ সোৱাদেই বেলেগ…।
কবিতাৰ শিৰোনামাটোৱেই বৰ সুন্দৰ  আৰু  এটা প্ৰতীকধৰ্মী উপমা । আধুনিক কবিতাৰ এয়ে মূল বৈশিষ্ট্য। বাস্তৱৰ ঘটনা প্ৰবাহৰ পৰা বিষয়বস্তু তুলি নি তাক  শাণত দি দি মিহি ,নিপোটল কৰি সমাজলৈ আগবঢ়াই দিয়ে।কবি গগৈ এজন সংবেদনশীল কবি।সমাজৰ প্ৰতিটো কৰ্ম-কাণ্ডক তেখেতে হৃদয়েৰে অনুধাৱন কৰে। বৰ্তমান স্খলিত সমাজক লৈও তেখেতৰ আত্মাই কান্দে বা তাৰ নিৰাময়ৰ বাবে উপায় চিন্তা কৰি থাকে।তেখেতে কবিতাৰ ক্ষেত্ৰখনকো খুব ভাল পায় । কবিসকলকো । কিন্তু বৰ্তমান কবিতাৰ পথাৰখনত সৃষ্টি হোৱা পঙ্গু  অৱস্থাটোৱে তেখেতৰ মন ভাৰাক্ৰান্ত কৰি তুলিছে ।
সেয়ে তেখেতে লিখিছে –
” যোৱা দুটা দশকত
কবিতাৰ খেতি ভাল হৈছে,
মানে, খেতিয়কৰ সংখ্যা বাঢ়িছে
যদিওবা কবিতাবোৰ পঢ়িবলৈ
নাই কোনো সুহৃদয় পাঠক ।”
কবিয়ে ব্যঙ্গাত্মক সুৰতেই কৈছে যে -কবি বা কবিতা লেখা ব্যক্তি বহুত ওলাইছে আজি প্ৰায় দুটা দশক ধৰি । কবিতাৰ পথাৰখনত সৃষ্টি বহুত হৈছে ।কিন্তু কবিতা পঢ়া ব্যক্তিৰ সংখ্যা সেই অনুপাতে বৃদ্ধি হোৱা নাই । তাৰ বাবে তেখেতৰ অন্তৰ আত্মাই হাহাকাৰ কৰি ফুৰিছে ।সুন্দৰ উপমা প্ৰয়োগ কৰিছে । আচলতে মোৰ ধাৰণাত  বৰ্তমানৰ বহুত কবিয়ে কবিতা সৃষ্টি কৰে ।কিন্তু আনৰ কবিতা একেবাৰেই নপঢ়ে । সেয়ে কবিৰ মনত ক্ষোভ উদ্গিৰণ হৈছে আৰু কবিতাৰ দ্বাৰা তাক প্ৰকাশ কৰিছে ।
আকৌ কবি সত্যজিৎ গগৈদেৱে লেখিছে –
”  কবিতাৰ পথাৰখন বহুযুগৰ
কিন্তু ,খেতিয়কসকল নতুন –
নতুন মানে , অতি আধুনিক
যাৰবাবে কবিতাবোৰ নপকে
কেঁচাতেই চপাই আনে কৃষকে ।”
আমি সকলোৱে জানো কবিতা সৃষ্টি বহু আগৰ । গদ্যতকৈও পুৰণি । সেয়ে কবিয়ে কৈছে -কবিতাৰ থলীখন /পথাৰখনো পুৰণি । কিন্তু ,যিয়ে খেতি কৰিছে সেইসকল বৰ আধুনিক । আধুনিক কবিসকলে  কবিতা সৃষ্টি কৌশল বা ধ্যান ধাৰণা ভালদৰে আয়ত্ব কৰিব পৰা নাই। সেয়ে তেখেতসকলৰ পৰা পূৰঠ কবিতা সৃষ্টি হোৱা নাই ।  কবি গগৈদেৱে সেই কবিতাবোৰক “কেঁচা কবিতা ” বুলিছে । সেই কেঁচা কবিতাবোৰকে হোৰাহোৰে টকাৰ জোৰত কোনো সম্পাদনা নোহোৱাকৈ প্ৰকাশ কৰি সমাজলৈ এৰি দিছে । ফলত পথাৰখনত অপৈণত সৃষ্টিৰে ভৰি পৰিছে । কবি গগৈৰ কবিতা লেখাৰ ধৰণ,উপমা আৰু ব্যঞ্জনা প্ৰয়োগ বৰ সুন্দৰ । বাস্তৱৰ জগতত থাকি কল্পনাৰ সংমিশ্ৰণত সুন্দৰ শব্দশৈলীৰে বৰ সুন্দৰকৈ “কেঁচা কবিতা” লেখিছে । কবি মাত্ৰেই সমাজ প্ৰিয় । সমাজৰ অৱক্ষয়ত কবিৰ মন অশান্ত হয় । ফলত নীৰবে কাগজ কলম লৈ অশান্ত মনক শান্ত কৰে । শব্দৰ সৈতে একান্ত মনে কথা পাতে ।
কবি সত্যজিৎ গগৈয়ে আকৌ লেখিছে –
” কেঁচা কবিতাবোৰৰো পাঠক আছে
আৰু আছে সমালোচক,
যি সমালোচনা কৰা হয়
কেৱল খেতিয়কৰ সপক্ষে,
যি সমালোচনাই কেঁচা কবিতাক
পকাই তোলে নিবিঘ্নে
যিদৰে কেঁচা বিলাহী পকাই তোলে
পাকৈত খেতিয়কে জানে কিদৰে গঢ়ে সমাজ
সেয়েহে কবিতাবোৰো পকিবলৈ দিব লাগে ,
পকা কবিতাৰ সোৱাদেই বেলেগ ।”
কবি গগৈ যিহেতু এজন প্ৰকৃত কবি ।সেয়ে কবিতাৰ স্বাদ ভালদৰে আয়ত্ব কৰিব পাৰে ।  কবিতাৰ পথাৰখনৰ স্খলন দেখি তেখেতৰ মন ভাৰাক্ৰান্ত হৈছে । বৰ্তমান কবিতাৰ বিষয়বস্তু ,ভাৱ প্ৰকাশ, তুলুঙা শব্দ প্ৰয়োগ, অসংযত, নিম্নমানৰ শব্দসম্ভাৰ আদিবোৰে কবিৰ মন অশান্ত কৰি তুলিছে । আকৌ মন কৰিবলগীয়া সেই কবিতাবোৰকে পাঠকে পঢ়ি সুন্দৰ সুন্দৰ মন্তব্য দিয়ে ,সমালোচনাও কৰে ।কিন্তু দোষ-ক্ৰুটিবোৰ দেখুৱাই নিদি কেৱল ভাল কবিতা বুলি তোষামোদেৰে উপচাই পেলোৱাত কবিৰ মন তিক্ততাত ভৰি গৈছে । যদি সমালোচনাবোৰ উন্নত হয় ,তেতিয়া অপৈণত   কবি এজনেই ভুল ক্ৰুটিবোৰ শুধৰাই সুন্দৰকৈ লেখিবলৈ চেষ্টা কৰিব ।ফলত সৃষ্টিবোৰ উন্নত হ’ব ।কবিতাৰ পথাৰত নিপোটল কবিতা পঢ়ুৱৈয়ে পঢ়িবলৈ পাব । যেনেকৈ আমি হীৰেণ ভট্টাচাৰ্য ,নীলমণি ফুকন, সমীৰ তাঁতি,সনন্ত তাঁতি আদি স্বনাম-ধন্য কবিসকলৰ কবিতাবোৰ বাৰে বাৰে পঢ়িবলৈ ভাল পাওঁ, তেনেকৈ বৰ্তমান কবিসকলৰ পূৰঠ কবিতাও আমি পঢ়িবলৈ ভাল পাম । সেয়ে সুন্দৰ সমালোচনাৰে কবিসকলক উৎসাহ যোগাই পূৰঠ কবিতা লিখিবলৈ শিকায় । তাৰ বাবে প্ৰত্যেক কবিয়ে কবিতা পঢ়াতো অতি জৰুৰী ।ভাষাজ্ঞান নাথাকিলে, শব্দৰ ভঁৰাল টনকিয়াল নহ’লে কবিতা সৃষ্টি পূৰঠ নহয় । সমাজৰ প্ৰতিটো ঘটনা-পৰিঘটনাই আমাক হৃদয়ক খুন্দিয়াব লাগিব । তাৰপিছত মনত তাৰ ছবি আঁকিব লাগিব । বাৰে বাৰে আমি আমাৰ মগজুৰ শব্দ ভাণ্ডাৰৰ পৰা শব্দ আনি আনি ছবিখন মনত আঁকিব লাগিব ।তেতিয়াহে উকা কাগজত সেইবোৰ লেখিব লাগে ।  বাৰে বাৰে শব্দবোৰ সংযোগ কৰি কৰি  সংশোধন কৰি আকৌ ঘঁহি -পিহি আমি সমাজলৈ কবিতাৰ আঁকাৰে এৰি দিওঁ। তাৰ বাবে আমাক ধৈৰ্য্য লাগিব । অধ্যয়নশীল মন লাগিব । কিন্তু আজিকালি বহুত কবিয়ে একেদিনতে তিনি বা চাৰিটা কবিতা লিখে । কবিতা লিখাতকৈ সৃষ্টি হ’লেহে পকে ।শেষত কবি সত্যজিৎ গগৈ এজন আধুনিক, সংবেদনশীল মনৰ ,কাল-চেতনা জাগ্ৰত কবি । আশা-নিৰাশাৰ দ্বন্দ্বই তেখেতৰ কবিতাত সামগ্ৰিকভাৱে এটি যন্ত্ৰণা-কাতৰ স্বপ্ন-মুগ্ধ সুৰ বাজি আছে । সংযত প্ৰকাশ ভঙ্গী, গদ্য-ছন্দৰ সাৱলীল প্ৰয়োগ, অস্পষ্টতা-মুক্ত, যথাযথ উপমা আৰু ব্যঞ্জনা প্ৰয়োগে “কেঁচা কবিতা” এটা পূৰঠ নিপোটল কবিতা ৰূপে আমাৰ আগত দাঙি ধৰাত সফল হৈছে বুলি মই ধাৰণা কৰোঁ। কবিতাটোৰ ভাষা ব্যঞ্জনাধৰ্মী বা পৰোক্ষ, আলঙ্কাৰিক মতে বক্ৰোক্তিমূলক।ভাল লাগিল কবিতাটো পঢ়ি। তেখেতৰ কাপেৰে সুন্দৰ সৃষ্টি নিগৰি অসমীয়া সাহিত্যৰ ভঁৰাল আৰু চহকী হ’ব বুলি মোৰ সম্পূৰ্ণ  বিশ্বাস জন্মিছে । তেখেতলৈ আন্তৰিক শুভেচ্ছা জনালো লগতে এটি সুন্দৰ কবিতা আমাক পঢ়িবলৈ উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনালো ।”কেঁচা কবিতা ” এটা সুন্দৰ ডঁহচীয়া কবিতা বুলিব পাৰি।