উৰণীয়া চৰাই- সত্যজিৎ গগৈ

উৰণীয়া চৰাই
সত্যজিৎ গগৈ,নাহৰকটীয়া
চৰাই এজাক উৰি যোৱা দেখিছিলোঁ
সৌ নীলা আকাশৰ মাজে মাজে
সিহঁতৰ বৈচিত্ৰময় উৰণ যেন লীন হ’ব
গভীৰ আন্ধাৰৰ আঁচলত,
বলুকাত তপনৰ কিৰণেৰে উদ্ভাসিত
হালধীয়া মৰিচীকাত স্বপ্নৰ পম খেদিছোঁ,
নিসংগতাৰে আৱৰি থকা
তেওঁৰ নিস্তেজ আলাপ
আৰু এডাল প্ৰকাণ্ড গছ
মোৰ পৰা বহু যোজন আঁতৰত ।