‘দৈনিক অসম’ কাকতৰ ডেপুটী চীফ অৱ নিউজ ব্যুৰো জিতেন্দ্ৰ কুমাৰ চৌধুৰীক স্মাৰক সাংবাদিকতা বঁটা

‘দৈনিক অসম’ কাকতৰ ডেপুটী চীফ অৱ নিউজ ব্যুৰো জিতেন্দ্ৰ কুমাৰ চৌধুৰীক স্মাৰক সাংবাদিকতা বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘দৈনিক অসম’ কাকতৰ ডেপুটী চীফ অৱ নিউজ ব্যুৰো বৰপেটা জিলাৰ সৰুপেটাৰ প্ৰয়াত ফণীন্দ্ৰ কুমাৰ চৌধুৰী আৰু অনুপমা চৌধুৰীৰ সন্তান জিতেন্দ্ৰ কুমাৰ চৌধুৰী এই বছৰৰ আৰ এন বৰুৱা স্মাৰক সাংবাদিকতা বটাঁ লাভ কৰিছে৷পৰিৱেশ, পৰ্যটন আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে অনুসন্ধানমৃলক বাতৰিৰ বাবে আৰ এন বৰুৱা অনুসন্ধানমৃলক সাংবাদিকতা বটাঁ প্ৰদান কৰা হয়৷ চৌধুৰীয়ে ইতিমধ্যেই অসম বিধানসভাৰ কাৰ্য্য বিৱৰণীৰ শ্ৰেষ্ঠ উপস্থাপন সাংবাদিকতাৰ বটাঁৰ উপৰিও কুঞ্জবালা দেৱী, নিউজ লাইভৰ মণিদ্বীপ বড়ো, প্ৰবীন্দ্ৰ নাথ শৰ্মা,কেয়াৰ লুইতৰ ছন অৱ দ্য ছইল ,মঙলদৈ গ্ৰন্থমেলা আদিয়ে প্ৰদান কৰা অনুসন্ধানমূলক সাংবাদিকতা বটাঁ লাভ কৰিছে৷গ্ৰন্থ লিখাৰ বাবে অসম চৰকাৰৰ পৰা সম্বৰ্দ্ধনা লাভ কৰা সাংবাদিক চৌধুৰীয়ে বিষ্ণুৰাম মেধিৰ পৰা সৰ্বানন্দ সোণোৱাললৈ, অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন, অসমলৈ বিদেশী প্ৰব্ৰজন- নেহৰুৰ পৰা মোডীলৈ, ভালুকপুঙৰ দুৰ্দান্ত গজৰাজ আদি গ্ৰন্থ লিখিছে৷মুক্তিনাথ গোৱালা আৰু হিতেশ্বৰ শইকীয়াৰ সোঁৱৰণত অসম ভিত্তিত অনুষ্ঠিত নিৰ্দিষ্ট বিষয়ৰ প্ৰৱন্ধ লিখা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা চৌধুৰীয়ে ৰাজ্যৰা অৰ্থনীতি, ৰাজনীতি, সমাজনীতি, বৃহৎ নদীবান্ধ, ভূমি, আত্মনিৰ্ভৰশীল অসমীয়া আদি বিভিন্ন বিষয়ত বাতৰি লিখি আহিছে৷