ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাস  – জ্যোতিস্মিতা গোস্বামী শৰ্মা

ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাস

 – জ্যোতিস্মিতা গোস্বামী শৰ্মা

মানুহৰ শাৰীৰিক আৰু মানসিক সন্তুলন বজাই ৰাখিবলৈ ধ্যান, প্ৰাণায়াম তথা যোগবিদ্যাৰ প্ৰয়োজন। একান্তমনে কোনো এটা বিষয়ৰ ওপৰত মনটো স্থিৰ কৰিব পৰাটোৱেই ধ্যান। ধ্যানৰ যোগেদি মনৰ অৱসাদ অশান্তি দূৰ কৰি মনক স্থিৰ কৰিব পাৰি।আনহাতে, প্ৰাণায়াম মানে হ’ল শ্বাস – প্ৰশ্বাস নিয়ন্ত্ৰণ কৰা।সংস্কৃতত “প্ৰাণ” মানে প্ৰাণ শক্তি বা শ্বাস – প্ৰশ্বাস আৰু “আয়াম” মানে প্ৰাণৰ নিয়ন্ত্ৰণ।

যোগ শব্দৰ অৰ্থ হ’ল মিলন ঘটোৱা। সংস্কৃত “যুঁজ” ধাতুৰ পৰা যোগ শব্দৰ উৎপত্তি হৈছে। মন আৰু শৰীৰ, আত্মাৰ লগত পৰমাত্মাৰ মিলন। সুস্থ শৰীৰৰ অধিকাৰী জন সুস্থ মনৰ অধিকাৰী হয়।

যোগৰ বিভিন্ন ভাগ যেনে জ্ঞানী সকলৰ বাবে জ্ঞান যোগ,কৰ্মথ সকলৰ বাবে কৰ্ম যোগ, ভক্ত সকলৰ বাবে ভক্তি যোগ আৰু চিন্তাশীল সকলৰ বাবে ৰাজ যোগ।পতঞ্জলিৰ মতে , য়ম, নিয়ম, আসন, প্ৰাণায়াম,প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি – এই

আঠটা প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰ স্বাস্থ্যৱান, নিৰোগী, প্ৰফুল্ল মন আৰু এজন আদৰ্শৱান ব্যক্তিৰ শাৰীলৈ উন্নত কৰি তুলিব পাৰে।

স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যোগবিদ্যা মহৌষধ স্বৰূপ। ই কেৱল শৰীৰেই  নহয়,মানসিক, আধ্যাত্মিক আৰু নৈতিক দিশৰো উন্নতি কৰে।যোগৰ প্ৰাধান্যতাৰ বাবে ২০১৫চনৰ পৰা ২১জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাবে পালন কৰি অহা হৈছে। ধ্যান, প্ৰাণায়াম তথা যোগ বিদ্যা  জীৱন ধাৰণৰ এক অপৰিহাৰ্য প্ৰণালী।