মাঘ বিহু আৰু ইয়াৰ তাৎপৰ্য
মৃন্ময় শইকীয়া, পুৰণিগুদাম, নগাঁও
অসমীয়া জাতিৰ বাপতি সাহোন বিহুৰ এটা অন্যতম বিহু হ’ল মাঘ বিহু বা ভোগালী বিহু। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিনীয়াকৈ পালন কৰা হয়। পুহমাহত কৃষকসকলে শস্য চপাই ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলৰ ভঁৰাল উপচি থাকে। বিশেষকৈ ভোগৰ উৎসৱ বাবে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়। আমাৰ হিন্দু শাস্ত্ৰমতে বাৰটা ৰাশিচক্ৰ আছে আৰু সূৰ্যই বাৰ মাহত বাৰটা ৰাশি অতিক্ৰম কৰে। সূৰ্যই পৰ্যায়ক্ৰমে যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে (পূৱ মাহৰ শেষৰ দিনটো, তথা ইংৰাজী জানুৱাৰী মাহৰ মাজভাগ) তেতিয়াই অসমীয়া লোকসকলে মাঘ বিহু উদযাপন আৰম্ভ কৰে। পুহ মাহ শেষ হ’লেই মাগজ বিহু আৰম্ভ হয়। মাঘবিহুটো মুখ্যত: তিনিদিন ধৰি চলে। সংক্ৰান্তি বা দোমাহীৰ আগদিনা ৰাতি উৰুকা হয়। উৰুকৰ পিছৰ দিনটো স্ংক্তান্তি অৰ্থাত পুহমাহৰ শেষৰ দিন। তাৰ পিছদিনা অৰ্থাত মাঘ বিহুৰ প্ৰথমদিনা আচল মাঘ বিহু হয়। এই মাঘ বিহুটোক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। কাৰণ এই সময়ত অসমৰ কৃষিজীৱি লোকসকলে অতি কষ্টেৰে কৰা কৃষি কাৰ্য সামৰি পথাৰৰ ধান-শস্য কাটি ভড়ালত ৰাখে। গতিকে কষ্টেৰে কৰা উপাৰ্জনৰ পিছত সকলোৱে লগ হৈ আনন্দ মনেৰে এসাজ তৃপ্তিৰে খাবলৈ হাবিয়াস কৰে।মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ “মিডি-য়ে-জি”ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা) পৰা সৃষ্টি হৈছিল। আনহাতে “উৰুকা” শব্দটো চুতীয়া ভাষাৰ “উৰুকুবা”ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয়।চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। এই বিহুৰ সময়তে ম’হ যুঁজৰ পৰম্পৰা সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল। মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা ম’হবোৰৰ আহিন-কাতি মাহত প্ৰতিপালন কৰি যুঁজৰ সাজু কৰোৱা হয়। ম’হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে। ম’হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম’হে অংশগ্ৰহণ কৰোঁৱা দেখা যায়। সেইদৰে আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। উদাহৰণ স্বৰূপে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি।
“পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল।”
প্ৰবাদ আছে যে মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আশা-আকাংক্ষা পূৰণ হয়। সাধাৰণতে খেৰ-নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয়, কিন্তু ঠাইভেদে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো কোনো ঠাইত দুচলীয়া শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি কামৰূপ-নলবাৰীৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়। উজনি অসমত ভেলাঘৰক হাৰলি ঘৰ বুলি জনা যায়। ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি। একো একোটা ভেলাঘৰ তিনি তলা পৰ্যন্ত ওখ হোৱা দেখা যায়। ই একো প্ৰকাৰৰ শিল্প। মেজিৰ নিৰ্মাণ কৰোঁতে দুটা কলগছৰ গাত সমান্তৰালকৈ কাঠ আৰু বাঁহ জাপি দিয়া হয় (“=” আৰু “॥” ধৰণে )। মেজিটোৰ একেবাৰে ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয়। মেজি এক প্ৰকাৰৰ শৈৱ আচাৰৰ প্ৰভাৱ পৰা প্ৰতীক। ই আদিম মানৱ সমাজৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত। ঠাইবিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ-আকৃতিৰ ভিন্নতা দেখা যায়। উদাহৰণ স্বৰূপে খামতি জনগোষ্ঠীৰ মেজি আন মেজিৰ তুলনাত বেছি ওখ। আদিতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল। নৃতাত্বিক দিশৰ পৰা চাবলৈ গ’লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শস্য চপাই আনন্দ কৰিছিল। এফালৰ পৰা চাবলৈ গ’লে ই মানৱ সমাজৰ বুদ্ধি-বৃত্তিকো সূচায়, য’ত খেতি কৰাৰ সামৰ্থ কেৱল মানৱ সমাজেহে আয়ত্ত কৰিলে। ভেলাঘৰ বা মেজিৰ জুইকুৰাই মানুহক প্ৰাণীসমাজৰ পৰা পৃথক কৰে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সেইদিশৰ পৰা মাঘ বিহুৰ উৰুকা একমতে হাজাৰ বছৰৰো অধিক প্ৰাচীন উৎসৱ। সামাজিক স্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদ সমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়। উৰুকা বা তাৰ আগৰে পৰা অসমীয়া সমাজৰ জীয়ৰী বোৱাৰীসকলে নিজৰ ঘৰতে বা অন্য ঠাইত লগ হৈ বিভিন্ন সুস্বাদ্য খাদ্য সামগ্ৰী যেনে লাৰু, পিঠা, চিৰা প্ৰস্তুত কৰাৰ পৰিৱৰ্তে সমাজৰ পুৰুষসকলে আনন্দ উৎসাহৰ মাজেৰে বাহ, খেৰ, কলগছৰ শুকান পাতেৰে ভেলাঘৰ আৰু মেজি আদি বনোৱত ব্যস্ত হৈ পৰে। উৰুকাৰ ৰাতি ঘৰৰ সকলো সদস্যি একেলেগে মিলি ঘৰতে অথবা ভেলাঘৰৰ ভিতৰত এসাজ আমিষ ভোজনৰ তৃপ্তি লয়। উৰুকাৰ পিছদিনা অৰ্থাত সংক্ৰান্তিৰ দিনা ঘৰৰ সকলো সদস্যই ৰাতিপুৱাই সোনকালে গা-পা ধুই পৰিস্কাৰ কাপোৰ পিন্ধি আগদিনাই বনাই থোৱা মেজি আৰু ভেলাঘৰৰ ওচৰলৈ আহে। ইয়ালৈ সমাজৰ সকলো লোকৰে আগমন হয়-জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে। অনুভৱ হয় প্ৰ্কৃততে মাঘ বিহু যেন সম্প্ৰীতিৰহে উৎসৱ। সাধাৰণতে সমাজৰ বয়োজেষ্ঠ্যজনে মুকলি ঠাইত বনোৱা মেজি বা ভেলাঘৰ জ্বলায়। ভক্তিসহকাৰে অগ্নিদেৱতালৈ নাৰিকল, তামোল, ঘি, তিল, মাহ, চাউল, লাৰু-পিঠা আদি নানান দ্ৰৱ্য অৰ্পণ কৰা হয়। এনেদৰে সকলো দেৱতাৰ প্ৰতিনিধি স্বৰুপে অগ্নিদেৱতাক মানুহে পূজা-অৰ্চনা কৰাৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। মেজি বা ভেলাভৰত অগ্নিস্ংযোগ কৰাৰ সময়ত সকলো লোকে কামনা কৰে যাতে সমাজৰ পৰা অশুভ শক্তিসমূহৰ নাশ হয়। চাৰিবেদৰ (ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ) অন্যতম বেদ অথৰ্ববেদৰ পোষ্টকানি সুক্তসমূহৰ মাজতো এনে অশুভশক্তিৰ নাশৰ উল্ল্লেখ পোৱা যায়। মেজিত জুই লগোৱাৰ সময়ত সমাজৰ পুৰুষ-মহিলাসকলে যি অগ্নি দেৱতাৰ পূজা-অৰ্চনা কৰে তাৰ উল্লেখ প্ৰাচীন বৈদিক যুগতো দেখা যায়। অগ্নিক স্তুতি কৰি বিভিন্ন সামগ্ৰী অৰ্পণ কৰাৰ সময়ত এতিয়াও নিম্নোক্ত মন্ত্ৰ উচ্চাৰণ কৰা হয়-
“অগ্নিং প্ৰজ্বলিত্ং বন্দে চাতুৰৰ্ণ্যং হুতশনম্।
সুবৰ্ণবৰ্ণমমলং জ্যোতিৰুপায়ে তে নম:।।”
অগ্নিক যিহেতু সকলো দেৱতাৰে প্ৰতিনিধি বুলি গণ্য কৰা হয়, সেয়ে অতি প্ৰাচীন কালৰে পৰা সুবৰ্ণময় পবিত্ৰ অগ্নিক ভক্তিসহকাৰে পূজা অৰ্চনা কৰি অহা হৈছে। ঋকবেদৰ মন্ত্ৰসমূহত অগ্নিদেৱতাক প্ৰমুখভাবে স্তুতি কৰা হৈছে। আমাৰ অসমীয়া সমাজত এটা প্ৰচলিত প্ৰথা আছে যে মেজিৰ জুইৰ ছাই খেতিপথাৰত বা বাগিছাৰ গছ-গছনিত ছটিয়াই দিলে পোক-পৰুৱা নাশ হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। এনেধৰণৰ প্ৰথা প্ৰাচীনকালতো প্ৰচলিত আছিল, যাৰ উল্লেখ আমি অথৰ্ববেদৰ পোষ্টিকানি অংশত বিচাৰি পাওঁ।এইখিনিতে উল্লেখযোগ্য যে অসমীয়া ‘মেজি’ শব্দটো বৈদিক ‘মেধ্য’ শব্দৰ পৰা আহিছে। এই ‘মেধ’ শব্দটোৱে ‘যজ্ঞ’কে প্ৰতিনিধিত্ব কৰে।অসমীয়া সমাজত অনুষ্ঠিত মাঘবিহু উৎসৱ উত্তৰ ভাৰতত ‘মকৰ সংক্ৰান্তি’ উৎসৱ বুলি পালন কৰ হয়। আকৌ দক্ষিণ ভাৰতত ইয়াক পোংগেল বুলি জনা যায়। অকল ভাৰতবৰ্ষতেই কিয় দক্ষিণ-এছিয়াৰ বহুকেইখন দেশতো এই সংক্ৰান্তি উৎসৱ বিভিন্ন নামেৰে পালন কৰা হয়। সেই দেশসমূহ হৈছে- নেপাল, থাইলেণ্ড, লাওচ, ম্যানমাৰ, শ্ৰীলংকা, কম্বোদিয়া ইত্যাদি। এই উৎসৱ পালনৰ জৰিয়তে এইটোৱেই কামনা কৰা হয় যতে সকলোৰে মাজত ভাতৃত্ববোধ তথা সমন্বয় বৰ্তি থাকে। ঠাই বিশেষে বিহু উৎযাপনৰ ধৰণ কিছু ভিন্ন হ’লেও বিহুৱে সমগ্ৰ অসম তথা অসমীয়া জাতিটোক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ এক বিশাল সংস্কৃতিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।