মাছ মাৰিবলৈ যাওঁ ব’ল – লখিমী শৰ্মা

মাছ মাৰিবলৈ যাওঁ ব’ল
লখিমী শৰ্মা
যোৰহাট
ৰঙিলীহঁতে পুৱাই ওলাল
 জাকৈ জুলুকী লৈ
গাঁৱতে থকা বৰপুখুৰীত
নামি মাছ ধৰিবলৈ ,
জাকৈত লাগিল পুঠি , খলিহনা
গৰৈ , শিঙি , কাৱৈ
ঘৰলৈ গৈ তৃপ্তিৰে এসাঁজ
ৰান্ধি খাবলৈ ,
এগৰাকীয়ে আকৌ বৰশী কোবাল
বৰপুখুৰীৰ পাৰত গৈ ,
মনত লাগিল উগুল – থুগুল
মাছ মাৰিব পাই আনন্দত ।
খালৈত উঠিল শ’ল , মাগুৰ ,
দৰিকনা আৰু শিঙৰা
টেঙা জোলেৰে ৰান্ধি খাব
দুপৰীয়াৰ আঞ্জা ।
ৰঙিলী , পমিলী , মামনীহঁতৰ
আনন্দত গাত তত নাইকিয়া আজি ।
ভোগালী বিহুৰ উৰুকাৰ ক্ষণত
মাছলৈ আহিছোঁ আমি ,
ভোগৰ উৎসৱ ভোগালীক
আদৰোগৈ আজি আমি ।