জীৱন এক অৱধাৰিত সংগ্ৰাম – আয়নাল হক

PC - MensXP
জীৱন এক অৱধাৰিত সংগ্ৰাম
আয়নাল হক, ধুবুৰী 
জীৱনৰ পথ নহয় মসৃণ
ওখোৰা-মোখোৰা জীৱন বাটত
সন্তৰ্পণে আগ বাঢ়িলেও
খাব লাগে উজুটি।
পিছল নোখোৱাকৈ আগবাঢ়িবলৈকে
কৰিব লগা হয় অৱধাৰিত সংগ্ৰাম…!
সংগ্ৰাম আছে বাবেই
কষ্টোপাৰ্জিত প্ৰাপ্তিত থাকে
সাফল্যতাৰ সেউজীয়া হাঁহি।
জী থাকিবলৈকে
জীৱনে সন্মুখীন হয় অৱধাৰিত সংগ্ৰামৰ…।
পোৱা-নোপোৱা, সুখ-দুখেৰে আবৃত
আমাৰ জীৱন-চক্ৰ,
মোহ-মায়াৰে হয়
জীৱন প্ৰলোভিত,
কোনেও নাজানে
সুখ-দুখে কেতিয়া মাৰিব ভুমুকি।
কালৰ চকৰি ঘূৰে
অবিৰত সংগ্ৰামৰ লহৰে লহৰে…!
হয়,
জীৱন এক অৱধাৰিত সংগ্ৰাম
যি সংগ্ৰামক বাদ দি
ব্যাপ্ত নহয় জীৱনৰ পৰিধি…।