অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ভিন-ভিন দল-সংগঠনৰ

Pc Real Simple

অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ভিন-ভিন দল-সংগঠনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এটি বছৰে মেলানি মাগিলে । হৰ্ষ-বিষাদ, ঘাট-প্ৰতিঘাট, আশা-নিৰাশা, পোৱা- নোপোৱা, ভয়-শংকা, বেমাৰ- আজাৰ, হা-হুমুনিয়াহ আদিৰে পাৰ হৈ এক নতুন উজ্জ্বল-প্ৰজ্জ্বলয়েৰে সূৰ্য উদয় হ’ল । পহিলা দিনটোত অসমৰ প্ৰতিগৰাকী মানুহৰ লগতে দেশবাসী জনগণলৈ ভিন-ভিন দল-সংগঠনে একেমুখে শুভেচ্ছা জনাইছে । এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “আমি প্ৰতিটো দিন যোগাত্মক চিন্তাৰে আগুৱাই যাব লাগিব । ইজনে-আনজনক হাতে হাত ধৰি আগুৱাই নিব লাগিব । যিকোনো মূল্যৰ বিনিময় বিনিময়ত অসমৰ সাতামপুৰুষীয়া সম্পদসমূহ ধৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব । প্ৰতিজন অসমীয়া মানুহে অসমীয়াৰ মানুহৰ বাবে এপলক চিন্তা কৰিব পাৰিব লাগিব । এই বৰ্ষটো সকলোৰে বাবে ইতিবাচক চিন্তাৰ হ’ব বুলি আশা কৰিলোঁ।” ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই বাতৰি কাকতলৈ বিবৃতি প্ৰেৰণ কৰিছে- সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, আগশাৰীৰ গীতিকাৰ – সাহিত্যিক শচীন দাস, বিশিষ্ট চিকিৎসক ডা: যাদৱ কুমাৰ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, “মাহেকীয়া সংযোগ” ৰ সম্পাদক প্ৰশান্ত গগৈ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, চি পি আই এম (এল)ৰ ৰাজ্যিক নেতা পংকজ কুমাৰ দাস, “আসাম লুতাদ” ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, প্ৰবীণ কবি- সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না দেৱী, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে । সকলোৰে এটাই আশা- বৰ্ষটো সকলোৰে বাবে সুখৰ হওক । মধুৰ হওক । সকলোৰে অন্তৰৰ পৰা হিংসা, ঈৰ্ষা ভাববোৰ আঁতৰি যাওক ।