ত্ৰিপাক্ষিক চুক্তিক ৰাজ্যিক বিজেপিৰ আদৰণি

ত্ৰিপাক্ষিক চুক্তিক ৰাজ্যিক বিজেপিৰ আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সংযুক্ত মুক্তি বাহিনী,অসম (আলফা)নেতৃবৃন্দৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ মাজত আজি নতুন দিল্লীত এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই চুক্তিক আদৰণি জনাই আজি দিনটো সমগ্ৰ অসমবাসীৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে।তেওঁ কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ পৰাই দৃঢ়তাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সমগ্ৰ অঞ্চলটোৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে স্বাক্ষৰিত শান্তি চুক্তি আৰু ইয়াক ক্ষীপ্ৰ ৰূপায়নে অঞ্চলটোত স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে। আজি স্বাক্ষৰিত হোৱা চুক্তিখনে অনাগত দিনত অসমৰ সমাজ জীৱনত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব বুলি সভাপতি কলিতাই মন্তব্য কৰে। ঐতিহাসিক সিদ্ধান্তৰে অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক বিষয়সমূহ নিষ্পত্তি হকে আজিৰ স্বাক্ষৰিত চুক্তিৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আলফাৰ নেতৃবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰে।