স্বাগতম নৰ্ববৰ্ষ – জুমী চিৰিং

Pc ABP LIVE- ABP News
  স্বাগতম নৰ্ববৰ্ষ 
       
 জুমী চিৰিং,কঠালগুৰি, লক্ষীমপুৰ
স্বাগতম নৰ্ববৰ্ষ ২০২৪ বছৰটোৱে
 কঢ়িয়াই আনক  সুখ-সমৃদ্ধি বতৰা
অনাগত প্ৰতিটো দিনেই কৰ্ম ব্যস্ততাৰে
 ভাগ্যৰেখা হওকসফলতাৰ সঁফুৰা।
পুৰণি স্মৃতিবোৰক বিদায় জনাই
ভৱিষ্যতৰ সুন্দৰতাক আকোঁৱালি লৈ
হেঙুল হাইতালেৰে নতুনক আদৰি
লোৱাটো জীৱ শ্ৰেষ্ঠ মানৱৰ প্ৰবৃত্তি।
আলফুল সপোনৰ আকুলতা সানি
জোনাকৰ ৰং সকলোৱে ভাল পাই
নতুন উদ্যমেৰে জীৱনটো সজাই
ৰামধেনু সাতোৰঙীত মিনা কৰাই
গঢ়িব বিচাৰে ৰঙীন জীৱনৰ সুগন্ধি।
মোৰ দেশ মহান বুলি গণ্য কৰি
দেশৰ হকেও যোগাবা বৰঙণি,
মেলি দিলোঁ জীৱনৰ নৌকাখনি
আশা- আকাংক্ষাবোৰ বাস্তবায়িত
ৰূপ দিবলৈ অসাধ্যকো সাধ্য কৰি
সুন্দৰকৈ সজাই লোৱা ২০২৪ বৰ্ষটি।