ৰেডিঅ’ আমাৰ জীৱনতৃষ্ণা
নাজবিন চুলতানা, পাটসাঁকো
ৰমেন আৰু নিৰুৰ সৰু পুত্ৰ পোনাকণে দৌৰি ৰেডিঅ’ টো বজাব লওঁতে দেউতাকে চিঞৰি উঠিল-
দেউতা-“সৰু পোনা ৰেডিঅ’টো কেলৈ খুলিছ ৰাতিপুৱাতে ,স্কুল ওলাব লৈছ ভাত-পানী খাই যা ,স্কুলৰ পৰা আহি শুনিবি ।”
সৰু পোনা-“ৰ’বাচোন দেউতা ,পাহৰিলানি এতিয়া যে গান দিয়ে ধুনীয়া ধুনীয়া “
তেনেতে ৰমেনৰ ছোৱালী দুজনীও আহি ক’লেহি – “ঐ ভাইটি ৰ’হ ..তই নাজান আতঁৰ হ’ সোনকালে লগাব দে, দি আছে সময় হৈ গ’ল”
তেনেতে সৰুজনী ছোৱালীজনীয়ে মাত লগালে -” ৰ’, ৰ’, এইফালে নহয় আকাশবাণীৰ ফালেহে , ইয়াতে পাম “
সৰুপোনা-“সেই পাহৰিলিনি এইফালেহে আছিল, কালি দেউতাক এইফালে লগোৱা দেখিছিলো” এনেদৰে মনৰ উৎসুকতাত বাওঁফাল-সোঁফালকৈ পকাব ধৰিলে ।
দেউতাক অৰ্থাৎ ৰমেন মাত দিলে -“ঐ তহঁতে ইমান নপকাবি ৰ’হ ..লাহে ধীৰে শুনচোন।”(অলপ চিঞৰি)
মাক(নিৰু)-“অ ডাঙৰ আই দিছেনি গানবোৰ ,আনছোন ইয়ালৈকে ভাত বাঢ়িছো , মইয়ো শুনি থাকিব পাৰিম “
ডাঙৰজনী ছোৱালী -” অঁ মা নিচো ৰ’বা ” ।
পুৱাৰ সময়কণ সুমধুৰ গীতেৰে কবিতাৰে জীপাল হৈ আৰম্ভ হ’ল দিনটো…।
ৰাতি কিতাপ পঢ়ি থকা সময়ছোৱাত ৮বজাৰ পৰা ১০ বজালৈ থকা সময়খিনিলৈ ধৈৰ্য্যৰে অপেক্ষাত আছে ৰমেনৰ ল’ৰা-ছোৱালীকেইটা( সৰুপোনা আৰু ছোৱালীদুজনী)
সৰুপোনা-“ঐ সৰু বা চাছোন ৮ বাজিছেনেকি”
সৰুজনী ছোৱালী-“নাই বজা পঢ়ি থাকচোন এতিয়া , বাজিলে ক’ম নহয়”
সৰুপোনা-“ইমান দেৰি লাগিছেনে ,ডাওৰ বা তই চাছোন যা .. গম নাপাবি কেতিয়া বাজি যাব “
ডাওৰজনী ছোৱালী -” নাই বজা ৰ’হ , দেউতা বহি আছে ৮ বাজিলে তেওঁ লগাব , তই পঢ় নিশ্চিন্ত মনেৰে , বাতৰি গৈ লওক তাৰ পিছতহে নাটক দিব “
৮ বজাৰ লগে লগে বাতৰি শুনিবলৈ সকলো সাজু হৈ থাকে ।
তেনেতে দোৱাৰত টোকৰ মাৰি ৰহিম খুৰাই মাত লগালে –
ৰহিম খুৰা- ” ঐ ৰমেন দোৱাৰখন খুল বাতৰিৰ সময় হ’লনি ? “
ৰমেন – ” অহ তই আহিলি আহ আহ , নাই দিয়া ৮ বাজিবৰ হৈছেই ঠিক সময়ত আহিছ ,
নিৰু চাহ অকণ দিয়া অ’ ৰহিমো আহিল একেলগে খাওঁ ” (পাকঘৰলৈ চাই ৰমেনে ক’লে)
সৰুপোনা – ” অ মা মোকো কিবা এটা দিয়া , “
মাক(নিৰু)-“ঐ সৰু পোনা আমনি নকৰিবি ৰ’হ, ৯ বাজিব হ’বই সোনকালে ভাত – তৰকাৰীকেইটা ৰান্ধি লওঁ হৈছেই .. এফালে দেউতাৰাই চাহ বনাব দিছে, তই বিস্কুত এটাকে খাই ল তাৰপৰা ।”
কামৰ মাজতে বিস্কুটৰ বয়ামলৈ চকুৰ ইংগিতেৰে পুতেকক দেখুওৱালে ।৯ বজাৰ নাটকখন একেলগে শুনিবলৈ আগ্ৰহেৰে সকলো সাজু হয়… ।
আজি পাৰ হৈ সময়ৰ সোঁতত ২২ টা বছৰৰ পাছতো এই ঘৰখনত , এই পৰিয়ালটোত একে আগ্ৰহ , একেই উন্মাদনা ৰেডিঅ’ শুনাৰ । ৰমেনৰ ছোৱালী দুজনী বিয়া দিলে , ল’ৰাটো অৰ্থাৎ সৰুপোনা থাকে নিয়োগৰ দৌৰত চহৰত ।
ৰহিম – ” ৰমেন আজি তহঁত দুইটাই ইমান আমন জিমনকৈ বহি আছ যে কি হৈছে , ল’ৰা-ছোৱালীকেইটা ঠিকে আছেতো । “
ৰমেন -“অ ৰহিম আহ , সিঁহত ঠিকে বাৰু ঘৰ ধৰি খাই আছে ছোৱালীকেইজনী সুখেৰে ভগৱানৰ কৃপাত । ল’ৰাটোও সি চলি খাব পৰাকে কামৰ ঠাইত সুখীয়ে ।”
ৰহিম- ” তেনে তঁহতে ইমান মন মাৰি আছ যে আজি ।”
ৰমেন- ” এ কালি ৰেডিঅ’টো বেয়া হ’ল অ’ তাকে ভাল লাগি থকা নাই ।”
নিৰু- ” ঘৰত মানুহ নহ’লেও ইমান বেয়া নালাগে অ’ এই ৰেডিঅ’টো বেয়া হ’লে বৰ বেয়া লাগি থাকে , হাতত কামে উঠা নাই ” (দুখ মনেৰে নিৰুৱে ক’লে) ।
তেনেতে নিৰ্মালী ,পদুমীহঁত আহিছে খৰখেদাকৈ ।
নিৰ্মালী – ” অ’ খুৰী আজি শুক্ৰবাৰ নহয় কি হ’ল আপোনালোকৰ ..১২ বজাত গান দিব নহয় এতিয়া । “
নিৰু- ” ৰ’হ ৰেডিঅ’টো বেয়া হ’ল অ কালি । “
নিৰ্মালী-পদুমীয়ে একেলগেই মনটো পেলাই কৈছে -“ইছ্ ,বেয়াই লাগিছে অ’, ছেহ্ ।”
পদুমী – ” আহিছিলোহে আজিও অনুষ্ঠানবোৰ শুনিম বুলি । ভিন্ন জ্ঞানৰ সুৱাদ ল’ম বুলি ।”
তেনেতে পদূলিৰ কাষেদি পাৰ হৈ যোৱা ৰুবুলে সুধিলে – ” কি হ’ল ঐ তহঁতৰ । কাৰ কি হৈছে ।”
ৰেডিঅ’ বেয়া হোৱাৰ বাবে মন বেয়া কৰা দেখি ৰুবুলে খুব হাঁহিলে ।
ৰুবুল-” এহ ৰমেন দাই আজিৰ সময়ত কোনে ৰেডিঅ’ শুনে । মোবাইলটোতে সকলো পাইছোন । নিৰ্মালী তঁহতিও ।” (এই বুলি হাঁহিব ধৰিলে)
ৰমেন- “বোপাই অ’ এই বৃদ্ধ অৱস্থাত মনটোক দুখীয়া কৰিবৰ ইচ্ছা নাই।এই প্ৰযুক্তিয়ে যদিও ভাল কৰিছে কিন্তু বহুক্ষেত্ৰত এইবোৰেই মানুহৰ মানসিকতাতো প্ৰভাৱ পেলাইছে।আনকি নিজৰ পৰিয়ালটোকো অকলশৰীয়া কৰিছে।অনবৰতে সেই মোবাইলটোত সোমাই সোমাই আৱেগবোৰো হেৰুওৱাব ধৰিছে।ভাল জ্ঞান ল’লেইটো ভালেই, কিন্তু বেছিভাগেই এই গেম, ৰিলচ্, ভিডিঅ’বোৰতে সময় পাৰ কৰে।মাক-দেউতাককে সন্মান দিব নজনা হৈছে আজিৰ ল’ৰা-ছোৱালীয়ে ।এটা ৰেডিঅ’ ই বহুতকেইটা মানুহক একগোট কৰি জ্ঞানৰ ভাগ-বতৰাৰে পোহৰ দিব পাৰে।যাৰ জৰিয়তেও তই গোটেই পৃথিৱীৰ খবৰ পাবি, শিক্ষা পাবি, গীত-মাতৰ সুৱাদ পাবি ।”
ৰুবুলে ৰমেনৰ কথাত তলমূৰ কৰিলে ।
ৰহিম- (অলপ সময় হৈ) ” কথাবোৰ ঠিকেই কৈছ তই ৰমেন । ৰ ৰ মন বেয়া কৰি নাথাক তহঁত চবেই । মিলা-প্ৰীতিৰে কিবা এটা কৰিব লাগিব, বাৰু মই ৰেডিঅ’ আছেনি বিক্ৰী কৰিব লগা ক’ৰবাত খবৰ কৰি চাম।”
ৰমেন- ” কৰিবিচোন ভাই সোনকালে, মই তেন্তে বাৰীৰ শাক কেইমুঠিমান তুলি থৈছো পুৱা, তাকে বজাৰখনলৈ লৈ যাওঁ, ৰেডিঅ’ টোকে ল’ব পাৰিম, বজাৰো আজিকালি বিক্ৰেতা বেছি আৰু ক্ৰেতা কম, দিনটো বহি থাকিব লাগে “। (আশাৰ সুৰত )
পিছদিনা ৰহিমে খবৰ কৰি ক’ৰবাৰ পৰা ৰেডিঅ’এটা পাই আনিলে । সিহঁতৰ যেন জীৱনহে ঘূৰি আহিল… ৰহিম, ৰমেনহঁতে মিলি ৰেডিঅ’টো কিনি আনিলে, নিৰুৱেও স্ফূৰ্তিতে চাহ বনাই তৃপ্তিৰে সকলোকে খোৱালে।পুনৰ হাঁহি ঘূৰি আহিল ঘৰখনলৈ ।