নৱবৰ্ষ – সত্যজিৎ গগৈ

PC - Shutterstock
নৱবৰ্ষ
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
ঘড়ীৰ কাটাই লুটিয়াই গ’ল
কেলেণ্ডাৰৰ শেষ নোহোৱা পৃষ্ঠাবোৰ
চকুৰ প্ৰচাৰতে পাৰ হৈ গ’ল
বাৱন্ন সপ্তাহ অথবা বাৰটা মাহ।
পদবীৰ বাবে নেতা-পালিনেতাৰ খোৱা-কামোৰা
এডোখৰ মাটিৰ বাবে
ঘৰে ঘৰে তেজৰ খেলা।
প্ৰকৃতিৰ ওপৰত চলিল
জীৱশ্ৰেষ্ঠৰ ধ্বংস লীলা
ক’ত নৰ-নাৰী,বৃদ্ধ-বনিতা
অকালতে হ’ল পংগু
নহ’লেবা ঘূণীয়া।
সময়বোৰ ছেকেণ্ড হৈ
ঘণ্টাবোৰ সপ্তাহ হৈ
মাহবোৰ বাগৰী বছৰ হ’ল
স্বাধীন দেশৰ নাগৰিক সকল
পৰাধীন হৈ ৰ’ল।
বিশ্ব জয়ৰ সপোন দেখি
বহু দেশ ভ্ৰমিলোঁ
নিজ মাতৃক নিচিনি
আনকহে আদৰিলোঁ।
আকৌ আহিব নতুন দিন
নতুন সপোন ৰচিম
সেউজীয়া পৃথিৱীৰ ঘাঁহনি ডৰাত
সকলোৱে ওমলিম…।