মৌনতাৰে চাই ৰওঁ – আয়নাল হক

মৌনতাৰে চাই ৰওঁ
আয়নাল হক, ধুবুৰী 
কিয় গভীৰ শীতাৰ্ত ৰাতিবোৰ ?
কিয় বাৰু ৰাতিবোৰ ইমান অকলশৰীয়া?
মাথোঁ পোহৰ বা আন্ধাৰবোৰ সাৱটি
নীৰৱতাৰ ক্ষণ গণে…।
অবুজ স্পন্দনেৰে
অভিসাৰিকাৰ বুকুত হেঁপাহৰ হিল্লোল তুলি
ৰাতিবোৰে গাব পাৰে প্ৰেমৰ গান–
যি প্ৰেমত গলি যাওঁ সন্তৰ্পণে…।
কুঁৱলীৰ আচ্ছাদন ভেদি
ভাহি অহা কৰুণ বাঁহীৰ সুৰত
ৰাতিবোৰে গোপনে উচুপে।
শেতেলিৰ উম লৈ খিৰিকীৰ ফাঁকেৰে
মৌনতাৰে চাই ৰওঁ
হাস্নাহানাই কেনেকৈ
হিম-সিক্ত ৰাতি সুবাস বিলাই
প্ৰেমৰ ৰাগিণী তোলে…।