হোমেন বৰগোহাঞিৰ “জীৱনৰ সাধনা” গ্ৰন্থৰ প্ৰথম খণ্ডৰ আধাৰত – নাছিৰ আহমেদ

PC - NKTV
হোমেন বৰগোহাঞিৰ “জীৱনৰ সাধনা” গ্ৰন্থৰ প্ৰথম খণ্ডৰ আধাৰত
   নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
অসমীয়া আধুনিক সাহিত্যৰ গুৰু দ্ৰোণাচাৰ্য-স্বৰূপ  কবি,সাহিত্যিক, সমালোচক আৰু সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ জীৱনৰ সাধনা গ্ৰন্থৰ আধাৰত প্ৰথম খণ্ডটি সংক্ষিপ্ত ভাবে আলোকপাত কৰিবলৈ চেষ্টা কৰিম।ফৰাচী বিপ্লৱৰ আগমুহূৰ্তত কুখ্যাত বাস্তিল কাৰাগাৰৰ এটি নিৰ্জন আন্ধাৰ কোঠাত; বতাহ সোমাবলৈ এটি সৰু ফুটাৰ বাহিৰে একো ছিদ্ৰ পথ নাছিল,  তাতেই এজন অভিজাত ফৰাচী ডেকাক বন্দী কৰি ৰখা হৈছিল।তেওঁ যদিও জানিছিল যে সেই দুৰ্ভেদ্য দুৰ্গৰ পৰা তেওঁ আৰু কোনো দিনেই পলাই সাৰিব নোৱাৰিব, তেওঁৰ কাৰণে অপেক্ষা কৰি আছে কেৱল নিঃসঙ্গ মৰ্মঘাতী মৃত্যু ; তথাপি তেওঁ যন্ত্ৰণা আৰু হতাশাৰ ওচৰত হাৰ নামানি নিজৰ মানসিক সুস্থতা আৰু নৈতিক সাহস অক্ষুণ্ণ ৰাখিবলৈ তেওঁ নিজৰ পোছাকৰ পৰা এটা পিন জাতীয় বস্তু খুলি লৈ আন্ধাৰ মজিয়াখনত পেলাই দিয়ে আৰু মাটিত বগুৱা বাই সেই পিনডাল তুলি লৈ আকৌ পিনডাল আন্ধাৰত পেলাই দিয়ে।এই অভিনৱ পদ্ধতিৰে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ অতিক্ৰম কৰি ঠিক গ্ৰীক দাৰ্শনিক ছিছিফাচৰ অবিকল অনুকৰণ কৰি এই বন্দী ডেকাজনে নৈতিক বলেৰে বলীয়ান হৈ তেওঁ নিজকে মানসিক বিকৃতিৰ পৰা ৰক্ষা কৰি প্ৰমাণ কৰিছিল Triumph of spirit over flesh. অৰ্থাৎ দেহৰ ওপৰত অধ্যয়ন শক্তিৰ বিজয়।পঁচপন্ন বছৰীয়া মহিলা হানা ইয়ামাহাতাৰ জীৱন-কাহিনী আৰু বেছি মহত্ত্বপূৰ্ণ।এটা দুৰাৰোগ্য ভয়ংকৰ ৰোগৰ কবলত পৰি এই মহিলাগৰাকীৰ সৰ্বশৰীৰ এনেভাবে পক্ষাঘাতগ্ৰস্থ যে একমাত্ৰ চকুৰ পতাৰ বাহিৰে তেওঁ কোনো অংগ-প্ৰত্যংগ তিলমানো লৰচৰ কৰিব নোৱাৰিছিল। কিন্তু ইয়ামাহাতাৰ প্ৰাণ-শক্তি ইমান প্ৰবল আছিল যে, তেওঁ যন্ত্ৰণা আৰু শঙ্কাৰ ওচৰত হাৰ নামানি বিশেষ ভাবে নিৰ্মিত কম্পিউটাৰৰ সহায়ত কেৱল চকুৰ পতাৰেই ২৮০ পৃষ্ঠাৰ এখন কিতাপ লিখি উলিয়াইছিল।বাৰ্ট্ৰাণ্ড ৰাছেল নামৰ দাৰ্শনিক জনে মন্তব্য আগবঢ়াইছিল যে “ক্লান্ত আৰু অৱসন্ন ব্যৱসায়ীসকলে দৰ্শনৰ মাজত সান্ত্বনা বিচৰাতকৈ দিনে ছমাইল খোজ কাঢ়িলে জীয়াই থকাৰ আনন্দ ঘুৰাই পোৱা বেছি সহজ হ’ব।” বাৰ্ট্ৰাণ্ড ৰাছেলৰ গ্ৰন্থ “The road of happiness” ৰ সামৰণিত তেওঁ লিখিছিল যে “মানুহ এটা জন্তু, আৰু তেওঁৰ সুখ প্ৰধানকৈ নিৰ্ভৰ কৰে তেওঁৰ শৰীৰ-তত্তৰ ওপৰত।” অৰ্থাৎ শৰীৰ আৰু মন সুস্থ ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ বিকল্প নাই।বিখ্যাত চিন্তাবিদ হোমেন বৰগোহাঞিৰ সেয়ে অনুভৱ কৰিছিল যে জীৱনৰ প্ৰতি উজ্জ্বল আশাবাদী আৰু ইতিবাচক দৃষ্টিভংগী আয়ত্ত কৰিবলৈ যিটো বস্তুৰ সৰ্বপ্ৰথম প্ৰয়োজন, সেইটো বস্তু শিক্ষা, ধৰ্ম বা দৰ্শন নহয়, সেই বস্তুটো হ’ল স্বাস্থ্য।আমেৰিকাৰ ষষ্ঠ-বিংশতম ৰাষ্ট্ৰপতি (১৯০১-১৯০৯) থিয়োডৰ ৰুজভেল্ট জন্মতেই ৰুগীয়া হৈ উপজিছিল। মাংসপেশীৰ জন্মগত দুৰ্বলতাৰ কাৰণে তেওঁৰ শৰীৰত সমূলি বল-শক্তি নাছিল । চকুৰেও তেওঁ কম দেখিছিল আৰু হাঁপানি ৰোগত আক্ৰান্ত হৈ শ্বাসকষ্টত সকলো সময়তে তেওঁ ধৰফৰাই আছিল।কিন্তু ৰুগীয়া হৈ ওপজা থিয়োডৰ ৰুজভেল্টে কেৱল নিজৰ ইচ্ছা-শক্তি আৰু সাধনাৰ বলত ডেকাকালত এনে প্ৰচণ্ড শক্তিৰ অধিকাৰী হৈছিল যে তেওঁ অকলেই দহোটা গুণ্ডাক ঘুচিয়াই ধৰাশায়ী কৰিব পৰা হৈছিল। থিয়োডৰ ৰুজভেল্টে কেৱল শৰীৰ চৰ্চাতেই কেৱল জীৱন অতিবাহিত কৰা নাছিল, তেওঁ গোটেই জীৱন ধৰি ইমান গ্ৰন্থ অধ্যয়ন কৰিছিল যে, তেওঁৰ সমান গ্ৰন্থ অধ্যয়ন কৰা মানুহ আমেৰিকাত দ্বিতীয়জন নাছিল।বিখ্যাত চৈনিক লেখক ইউটাঙে তেওঁৰ এখন ৰচনাত উল্লেখ কৰিছে যে তেওঁ দেখা পৃথিৱীৰ সকলো পুৰুষতকৈ আটাইতকৈ ধুনীয়া হ’ল জি কে চেষ্টাৰটন; যিজন প্ৰকাণ্ড পেটুৱা মানুহক বহিবৰ কাৰণে তিনিগৰাকী মহিলা বহিব পৰা এখন বেঞ্চ লাগে।লিন ইউটাঙৰ মতে নিৰ্বোধ মানুহ দৈহিক ভাবে যিমানেই ধুনীয়া নহওঁক কিয় , তেওঁ কেতিয়াও ধুনীয়া হ’ব নোৱাৰে।যিটো বস্তুয়ে এজন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তোলে, সেইটো হ’ল পুৰুষৰ মুখত ফুটি উঠা বুদ্ধিৰ দীপ্তি আৰু আৱেগৰ লাৱণ্য।বুদ্ধিৰ দীপ্তি আৰু আৱেগৰ লাৱণ্য লাভ কৰাৰ একমাত্ৰ উপায় হ’ল নিয়মিতভাৱে আত্মাৰ আলোড়ন সৃষ্টি কৰা মহৎ গ্ৰন্থ অধ্যয়ন কৰা।জি কে চেষ্টাৰটন নামৰ বিখ্যাত ইংৰাজী কবিজনে নিয়মীয়াকৈ তেনে গ্ৰন্থ অধ্যয়ন কৰাৰ বাবে চৈনিক লেখকজনে তেওঁৰ মুখত সেই বুদ্ধি দীপ্তি আৰু আৱেগৰ লাৱণ্য লক্ষ্য কৰি তেওঁক আটাইতকৈ ধুনীয়া পুৰুষ বুলি গণ্য কৰিছিল।বাৰ্ধক্যৰ প্ৰতি কবি ইয়েটচৰ আছিল প্ৰবল অৰুচি। বৃদ্ধ বয়সতো তেওঁ প্ৰেমৰ কবিতা ৰচনা কৰি যৌৱনক ধৰি ৰাখিব বিচাৰিছিল। তেওঁ বাৰ্ধক্যৰ মোকাবিলা কৰাৰ একমাত্ৰ উপায় হ’ল বাৰ্ধক্যক সহনীয় কৰি তুলিবলৈ চেষ্টা কৰা ; পাৰিলে উপভোগ্য কৰি তোলা। ইয়াৰ কাৰণে দীঘলীয়া প্ৰস্তুতিৰ দৰকাৰ।ইংৰাজ কবি ব্ৰাউনিঙে কৈছিল “Grow old with me, the best is yet to be.” কোয়েষ্টলাৰে তেওঁৰ “The Yogi and The Commissar” গ্ৰন্থত উল্লেখ কৰিছে যে, বাৰ্ধক্যক জয় কৰাৰ আটাইতকৈ ফলপ্ৰসু উপায় হ’ল এনেভাবে জীৱনটো যাপন কৰা- যাতে বাৰ্ধক্য কেতিয়া আহিল, আপুনি গমেই নাপালে। শেষ মুহূৰ্তলৈকে জীৱনটো যাপন কৰাত আপুনি এনেদৰে মত্ত হৈ থাকিব লাগিব যে বাৰ্ধক্যৰ অস্তিত্ব অনুভৱ কৰিবলৈ আপোনাৰ সময়েই নাই।মানুহৰ স্মৃতিশক্তি তেওঁৰ মস্তিষ্কৰ মাজত অৱস্থিত। মেকবেথৰ ভাষাত That memory, the warder of the brain” বিজ্ঞানীসকলৰ মতে ষাঠি বছৰ বয়সৰ পিছৰ পৰাই প্ৰতি দিনে মানুহৰ মস্তিষ্কৰ লক্ষ লক্ষ কোষ মৰিবলৈ ধৰে।সেই মৃত কোষবোৰ পূৰণ কৰিবলৈ নতুন কোষৰ জন্ম নহয়; যাৰ ফলত মানুহৰ স্মৃতিশক্তি লোপ পাবলৈ ধৰে।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰতিদিনে নিয়মিতভাৱে স্মৃতিশক্তি জীৱনৰ শেষ সময়লৈকে ধৰিবলৈ অনুশীলন চলাই যোৱা উচিত।বিখ্যাত ব্ৰিটিছ অভিনেতা ছাৰ জন গিয়েলগাডে ৮৫ বছৰ বয়সতো মঞ্চত দীঘলীয়া বচন মাতিবলৈ শ্বেইকছপীয়েৰৰ নাটকবোৰ মুখস্থ কৰিছিল।এবাৰ বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল যে যদি কেতিয়াবা দৃষ্টিশক্তি আৰু শ্ৰাৱণ-শক্তিৰ মাজত যি কোনো এটাক বাছি ল’ব লগা হয়, তেনেহলে তেওঁ বাছি ল’ব শ্ৰৱণ-শক্তি। কাৰণ, কোনোবা এজন মানুহক যদি এপাহ ৰক্ত-গোলাপৰ মাদকতাময় সৌন্দৰ্য্যই বেছি আনন্দ দিয়ে,আন কোনোবা এজনক বেছি আৱেগ-বিহ্বল কৰি তোলে সেই একে পাহি গোলাপৰ মধুৰ সুবাসে। ওৱৰ্ডচৱৰ্থৰ কবিতাত প্ৰকৃতিৰ ধ্বনিময় ৰূপটো বেছিকৈ ধৰা পৰিছে; আনহাতে শ্বেলীৰ কবিতাত দেখা যায় প্ৰকৃতিৰ চিত্ৰময়-বৰ্ণময় ৰূপ।ৰবীন্দ্ৰনাথে কৈছে যে, তেওঁৰ সকলো সৃষ্টি-কৰ্ম কিবা কাৰণত যদি ধ্বংস -প্ৰাপ্ত হয়, তথাপি তেওঁৰ সংগীতসমূহ চিৰকাল জীয়াই থাকিব। সংগীত যিহেতু শ্ৰৱণ-নিৰ্ভৰ, সেই কাৰণে দৃষ্টি-শক্তিতকৈ শ্ৰাৱণ-শক্তিৰ ওপৰত বেছি নিৰ্ভৰশীল।” The story of the mankind “গ্ৰন্থত ভান লুনে লিখিছে যে” মই মোৰ আৰামদায়ক কোঠাত মোৰ লেখাৰ টেবুলৰ কাষৰ মোৰ মৰমৰ মেকুৰীজনীক কোলাত লৈ বহি আছোঁ আৰু তোমালোকক কৈছোঁ যে নেপোলিয়ন আছিল এজন অতি ঘৃণনীয় মানুহ।কিন্তু মই যদি এইমাত্ৰ খিৰিকীৰ বাহিৰলৈ চাই দেখোঁ যে সৈন্যবাহিনী আৰু যান-বাহনৰ এটা অন্তহীন সমদল মোৰ ঘৰৰ কাষত থমকি ৰৈছে আৰু সেই সমদলৰ একেবাৰে সন্মুখত সেই সৰুফুটীয়া মানুহজন তেওঁৰ বগা ঘোঁৰাটোৰ ওপৰত বহি আছে, তেতিয়া মই মই মোৰ কিতাপ,মৰমৰ মেকুৰীজনী, ঘৰ-সংসাৰ আৰু মোৰ সৰ্বস্য ত্যাগ কৰি মই সেই মানুহজনক অনুসৰণ কৰিম।আমেৰিকাৰ এগৰাকী প্ৰখ্যাত সঙ্গীতজ্ঞ কেথাৰিন ড্ৰিংকাৰ বাৱেনে লিখিছে- ” মহৎ শিল্পীসকলৰ জীৱন অধ্যয়ন কৰি মই এটা কথা লক্ষ্য কৰিছোঁ যে, যিসকল শিল্পীয়ে অতি কঠিন আৰু প্ৰতিকুল পৰিস্থিতিৰ মাজতো কাম কৰিবলৈ অভ্যাসৰ দ্বাৰা নিজকে প্ৰস্তুত কৰি তোলে তেওঁলোকৰেই সৃষ্টি ক্ষমতা আটাইতকৈ বেছি স্থায়ী হয়। যি কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তিতাৰ মাজত তেওঁলোকে কাম কৰে সি সচাঁকৈয়ে বিস্ময়কৰ। অনুশাসন মানে মই নৈতিক অনুশাসনৰ কথা কব খোজা নাই। মই কব খুজিছো শৈল্পিক অনুশাসনৰ  কথা; যাৰ অৰ্থ হ’ল কঠোৰ নিয়মানুৱৰ্তিতা। কাম কৰাৰ নিৰ্দিষ্ট সময় শক্তিৰ সংৰক্ষণ, সকলো ধৰণৰ অপচয় পৰিহাৰ কৰি চলা ইত্যাদি।” প্ৰতিভাৰ ৰহস্য উদ্ঘাটন কৰি চাৰ্লচ ডিকেন্সে কৈছিল যে ই হ’ল- ” one percent inspiration and ninety nine percent perspiration” অৰ্থাৎ প্ৰতিভা হ’ল শতকৰা এভাগ মাত্ৰ অনুপ্ৰেৰণা, বাকী নিৰানব্বৈ ভাগেই কঠোৰ ঘৰ্মাক্ত পৰিশ্ৰম।খ্যাতি আৰু সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰা বিখ্যাত টেনিছ তাৰকা ইভান লেণ্ডলে তেওঁৰ এই সাফল্যৰ ৰহস্য ব্যাখ্যা কৰি কৈছে যে, ” মই যেতিয়া যিটো কাম কৰিবলৈ ঠিৰাং কৰোঁ, সেই কাম কেতিয়াও আধৰুৱাকৈ নকৰোঁ। মই যেতিয়া টেনিছ খেলোঁ, তেতিয়া টেনিছৰ মাজতেই সম্পূৰ্ণ মগ্ন হওঁ।যেতিয়া ব্যৱসায়ত ব্যস্ত হৈ পৰোঁ, তেতিয়া ব্যৱসায়ৰ বাহিৰে অইন কামত মনোযোগ নিদিওঁ।” বিখ্যাত ইটালীয় সংগীতজ্ঞ ভাৰ্দিয়ে অনুৰাগীৰ এটা প্ৰশ্নৰ উত্তৰত কৈছিল যে, ” গোপন ৰহস্য-তহস্য একো নাই। মই যিটো কাম কৰোঁ তাতেই সম্পূৰ্ণ ভাবে মনটো নিবিষ্ট কৰোঁ। এটা নতুন সুৰ সৃষ্টি কৰিবৰ সময়ত মই যিমান মনোযোগ দিওঁ, ঠিক সিমান খিনি মনোযোগ দিওঁ এটা সুমিথিৰা টেঙাৰ বাকলি গুচাবৰ সময়তো।” গুৰু দ্ৰোণাচাৰ্যৰ আদেশ মৰ্মে কৌৰৱ-পাণ্ডৱৰ অস্ত্ৰবিদ্যা পৰীক্ষাৰ সময়ত কোনোবাই গোটেই গছজোপাৰ সৈতে চৰাইটো দেখিছিল ; কোনোবাই গোটেই চৰাইটো দেখিছিল ; কিন্তু একমাত্ৰ অৰ্জুনে দেখিছিল চৰাইৰ মূৰটো। তেওঁৰ শৰৰ লক্ষ্য চৰাইৰ মূৰটোৰ বাহিৰে সকলো বস্তুৱেই চেতনাৰ পৰা বিলুপ্ত হৈ গৈছিল। সেই কাৰণেই অস্ত্ৰবিদ্যা পৰীক্ষাত সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰৰ সন্মান লাভ কৰিব পাৰিছিল অৰ্জুনে।
মানুহে যিমানেই সাধনা নকৰক কিয়, সেই সাধনাত সিদ্ধি লাভ কৰিবলৈ হলে আটাইতকৈ দৰকাৰী হ’ল একাগ্ৰতা তথা পৰিপূৰ্ণ মনঃসংযোগ।বাৰ্ট্ৰাণ্ড ৰাছেলে জোছেফ কনৰাডৰ বিষয়ে স্মৃতিচাৰণ কৰিবলৈ গৈ কৈছিল, –” জোছেফ কনৰাডৰ দৃষ্টিভংগী আছিল ৰুছোৰ সম্পূৰ্ণ বিপৰীত। ৰুছোৱে কৈছিল—” Man is born free, but everywhere he is in chained.অৰ্থাৎ মানুহে জন্মগত ভাবে স্বাধীন হৈ জন্মে কিন্তু তাৰ পিছত তেওঁ সমাজত দাসত্বৰ শৃংখল পিন্ধিবলৈ বাধ্য হয়। কিন্তু জোছেফ কনৰাডে কৈছিল যে ,মানুহে ইচ্ছা কৰিলে মুক্ত হ’ব পাৰে ঠিকেই ; কিন্তু তেওঁ মুক্তি লাভ কৰিব পাৰে কেৱল জীৱনৰ এটা কেন্দ্ৰীয় তথা প্ৰধান উদ্দেশ্য সাধনৰ কাৰণে আন সকলোবোৰ উচ্ছৃঙ্খল আশা-আকাঙ্খা আৰু আৱেগ-অনুভূতিক কঠোৰ ভাবে নিয়ন্ত্ৰণ কৰিহে। যি মানুহৰ পাল মাৰি কাম কৰা স্বভাৱ,সি নিজকে কেতিয়াও সংযত কৰিব নোৱাৰে ; তেওঁ কেতিয়াও এই মুক্তিৰ সোৱাদ লাভ কৰিব নোৱাৰে।মুঠতে, আমাৰ সমাজৰ দিক্ দৰ্শনকাৰী হিচাপে বিখ্যাত চিন্তাশীল লেখক হোমেন বৰগোহাঞি দেৱে ” জীৱনৰ সাধনা” গ্ৰন্থৰ আধাৰত পৃথিৱীৰ বিভিন্ন চিন্তানায়কৰ জীৱনৰ দৃষ্টান্ত দাঙি ধৰি কেনেকৈ মহান জীৱন লাভ কৰিব পাৰি তাৰ উৎকৃষ্ট উদাহৰণ  উল্লেখ কৰিছে।