পৰুৱা – ছেলিমা বেগম

PC - Vectorstock
পৰুৱা
ছেলিমা বেগম, নগাঁও
মোৰ নাম পৰুৱা,
কৰ্মকৰ্তা জীৱন লৈ ব্যস্ততা
থাকি দিনে নিশাই পৰিশ্ৰম।
আমি পৰুৱা বোৰ কৰ্মিক
কৰ্ম আমাৰ ধৰ্ম ।
আইন শৃংখলা বজাই ৰখা টো
আমাৰ প্ৰতিটো দলৰ নিয়ম।
আমাৰ নিয়ম কোনেও উলঙ্ঘা কৰিব নোৱাৰে।
যতে থাকোঁ তাতেই শৃংখলা বজাই ৰখা টো আমাৰ কাম।
আমাৰ নাকত আছে গোন্ধৰ
যাদু ঘ্ৰাণ শক্তি কোনো কীট পতংগৰ লগত তুলনা কৰিব
নালাগে সবাতোকৈ ঘ্ৰাণ শক্তি
আমাৰ থাকে বেছি যি শক্তি
আমাক দিছে সৃষ্টি কৰ্তা নিজে
এই শক্তি লৈ আমি ঘূৰি ফুৰোঁতে
খাদ্যৰ অনুসন্ধান পাওঁ লাইন বিচ্ছিন্ন নকৰি
শাৰী পাতি এটাৰ পিছে পিছে দৌৰি দৌৰি
খাদ্যৰ যোগান ধৰি থকাটো আমাৰ কৰ্ম ।
আমাৰ মাজত আছে ৰজা ৰাণী, আমিও বংশ বৃদ্ধি কৰোঁ,
কণী ফুটি পোৱালি জন্ম দি  নিৰাপদে থাকিব জানো।
গছৰ কেঁচা পাতত ঘৰ সাজি লৈ নিৰাপদে থাকোঁ
প্ৰাকৃতিৰ নিয়মত চলা ফিৰা কৰি থাকোঁ
এটাৰ বিপদ পৰিলে সকলো জপিয়াই পৰে উদ্ধাৰ কৰিবলৈ।