বাগভূষণ উপাধিৰে সন্মানিত পদুম ৰাজখোৱা

বাগভূষণ উপাধিৰে সন্মানিত পদুম ৰাজখোৱা

ৰঙিলী বাৰ্ত্তাসেৱা- বাগভূষণ উপাধিৰে সন্মানিত হ’ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা । গুৱাহাটী উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত ২০২৩ বৰ্ষৰ প্ৰাগজ্যোতিষ বঁটা‌ প্ৰদান অনুষ্ঠানত ৰাজখোৱাক এই উপাধি প্ৰদান কৰা হয় । বিশিষ্ট চিকিৎসক তথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, অভিনেতা হিৰণ্য ডেকা, কণ্ঠশিল্পী কল্পনা দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা, অধ্যাপক অমিয়া পাটৰ, কবি গাৰ্গী ভূঞা আদি বহু বিশিষ্ট লেখক-শিল্পীৰ উপস্থিতিত প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱাক এই উপাধি প্ৰদান কৰে নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসে । ন্যাসৰ হৈ স্মাৰক প্ৰদান কৰে চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু ড° অমিয়া পাটৰে । প্ৰশস্তি পত্ৰ প্ৰদান কৰে ডাঃ অঞ্জনজ্যোতি চৌধুৰী, আৰক্ষী মহাপৰিদৰ্শক আবু চুফিয়ান আৰু কবি কৰুণাকান্ত শৰ্মাই ৷