অসম কুডু সন্থাৰ শিৱসাগৰ জিলা সমিতি গঠন   

অসম কুডু সন্থাৰ শিৱসাগৰ জিলা সমিতি গঠন   
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা অ’এন জি চি কলনীত অৱস্থিত ই ডব্লিউ  চি  প্ৰেক্ষাগৃহত অসম কুডু সন্থাৰ আজি এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। অসম কুডু সন্থাৰ প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি মহন্তই আঁতধৰা উক্ত সভাত যোৱা ২২ নবেম্বৰৰ পৰা ২৯ নবেম্বৰ,২০২৩ লৈকে গুজৰাটৰ চুৰাটত অৱস্থিত বীৰ নৰমদ দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়ত উদ্ধানাত আয়োজিত ভাৰত চৰকাৰৰ  Ministry of Youth Affairs, ফেডাৰেচন কাপ, অক্ষয় কুমাৰ কুডু টুৰ্ণমেণ্টৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুডু প্ৰতিযোগিতাত অসম কুডু সন্থাৰ তৰফৰ পৰা ১৮ জনীয়া দলে অংশগ্ৰহণ কৰিছি বিভিন্ন শিতানতক্ৰমে  জয়চন্দ্ৰ মিলি, সুৰজিৎ বৰা ,নবনীতা বৰা আৰু  মেহৱিজ ৰিয়ানে সোণৰ, ৰাজেশ ৰাংফাৰে ৰূপ, স্বাৰশ্বত দাস, লিয়া মিলি, ব্ৰতৰঞ্জন গগৈ,  নিভাজ চুতীয়াই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।আজি অনুষ্ঠানত অসম কুডু সন্থাৰ  তৰফৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈ সকলক সকলোৰে আগত চিনাকি কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়।উক্ত সভাতেই  জয়চন্দ্ৰ মিলিক সভাপতি আৰু ৰিতুস্মৃতা গগৈক সম্পাদক হিচাপে লৈ কুডু শিৱসাগৰ জিলা সমিতিখন গঠন কৰে। লগতে ডাক্টৰ ফণীধৰ গগৈ, খামচেং বহাগী  ৰাজকুমাৰী, মুচেংফা গগৈ, নবনীতা বড়াক ললৈ ইণ্টাৰনেল কম্প্লেইনছ কমিটি (ICC) খন গঠন কৰে। অনুষ্ঠানৰ শেষত অসম কুডু সন্থাৰ সভাপতি নয়নমণি গগৈ আৰু সম্পাদক মুচেংফা গগৈয়ে কুডু খেলৰ ওপৰত লগতে এই খেলৰ জৰিয়তে যুৱ প্ৰজন্মই কিদৰে নিজৰ প্ৰতিভা বিকাশ কৰি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে তাৰ ওপৰত বক্তব্য আগবঢ়ায় ।