আত্মোপলব্ধি – কাজি শ্বাহাদত ইছলাম

Pc Youtube

আত্মোপলব্ধি

কাজি শ্বাহাদত ইছলাম

প্ৰথমবাৰৰ বাবে যেতিয়া কাণৰ কাষত লক্ষ্য কৰিলোঁ এডাল চুলি পকিছে , প্ৰথমতে চক খাই উঠিলোঁ । তাৰপাছত লাজতে ভিৰৰ মাজৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলোঁ । ভাবিলোঁ… “ইছ্ লোকে দেখিলে কি ক’ব!” এডাল পকা চুলিয়ে যেন মন-মস্তিষ্কত ধুমুহাৰ সৃষ্টি কৰিলে । ক্ষণিকতেই অদূৰ ভৱিষ্যতে আহিবলগীয়া বাৰ্ধক্যৰ তিতা মুহূৰ্তবোৰ চকুৰ আগতে চিনেমাৰ দৰে ভাহি উঠিল । নিজকে তেতিয়া আইনাৰ সন্মুখত থিয় কৰালোঁ আৰু নিজৰ পিনে একেথিৰে চাই ৰ’লোঁ । ততাতৈয়াকৈ চুলিডাল তুলি পেলালোঁ যদিও তেতিয়াৰ পৰাই  “মই সঁচাকৈয়ে বুঢ়া হৈ গ’লোঁ নে ?” এই প্ৰশ্নটোৱে দহিব ধৰিলে । আৰু চুলিবোৰে মোৰ সৈতে হয়তো খং মিশ্ৰিত অভিমান কৰিছিল যাৰ বাবে পৰৱৰ্তী সময়ত দুবৰিবনক ডাৱৰে ছানি ধৰাৰ দৰে বগা ৰংটোৱে মোৰ ওৰে মূৰটোক ছানি ধৰিলে । এয়াই মানুহৰ জীৱন ।

ছয় ঋতুৰ দৰে মানুহৰ জীৱনতো চাৰিটা ঋতু থাকে । শৈশৱ , কৈশোৰ , যৌৱন , বৃদ্ধ ।  ইয়াৰে এটা ঋতু মানুহৰ বৰ প্ৰিয় সেয়া হ’ল “যৌৱন” । জীৱনৰ যত অভিজ্ঞতা  , তাৰে বেছিভাগ অভিজ্ঞতা এই সময়ছোৱাতে ঊপলব্ধ হয় । সেই সময়ছোৱাত পাৰ হ’ব ধৰোঁতেই মনটোৱে বিচাৰে “শৈশৱ” কালটোক ঘূৰাই পাবলৈ । কিন্তু সময় যে বৰ নিৰ্দয় । সেইবাবে আমাৰ হেজাৰ অনুৰোধতো উভতি নাহে । এটা সময়ত নকৰিবলগীয়া কামবোৰ কৰি কৰি ভাগৰি পৰোঁ তেতিয়া নিজকে বিচাৰ কৰাৰ অৱকাশ নাথাকে । কিন্তু এনে এটা সময় আহে আমি ভাবোঁ যে – “হায় ! জীৱনটো যদি দুনাই ঘূৰাই পালোঁহেতেন তেতিয়া জীৱনটোক নিষ্কলুষ জীৱন হিচাপে গঢ়ি তুলিলোঁহেতেন ।”

মানুহ পাপপ্ৰিয় জাতি । যাৰ চকুৰে বেয়া বস্তুবোৰ বৰ ধুনীয়া দেখে , বেয়া বস্তুত আনন্দ পায় , বেয়া কাম কৰিবলৈ সময় মিলে , বেয়া কামবোৰ কৰিবলৈ সহজ পায় । এজন মানুহে যেতিয়া পাপ কাম এটাৰ কাৰণে সংকল্প কৰে তেতিয়া সময় তাৰ পক্ষত আহি যায় । তাৰ প্ৰায়ভাগ ভাবনা বাস্তৱলৈ ৰূপান্তৰিত হ’বলৈ ধৰে । তাৰপাছত মানুহজন অহংকাৰী হ’বলৈ ধৰে । আৰু এটা সময়ত ইমানেই অহংকাৰী হৈ পৰে যে নিজকে সৰ্বেসৰ্বা বুলি ধাৰণা কৰে । কিন্তু তেনে অহংকাৰবোৰৰ আয়ুস যে কম সেই কথাটোও বুজিবলৈ বেছি সময় নেলাগে । যি সময়ে তেওঁৰ পক্ষপাতিত্ব কৰি তেওঁক আকাশত উৰুৱায় , সেই সময়েই আকৌ বিশ্বাসঘাতকতা কৰি তেওঁৰ জীৱনক চূৰমাৰ কৰি দিয়ে । যেতিয়ালৈকে নিজৰ ভুলবোৰ বুজি পায় তেতিয়ালৈকে বহুত দেৰি হৈ যায় । গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰি নিজৰ জীৱনক উদাহৰণৰ স্তম্ভ ৰূপে নিৰ্মাণ কৰি থৈ যাব লাগে ।

আমি সকলোৱে স্বাৰ্থপৰ । কিন্তু স্বাৰ্থপৰতাৰো দুটা দিশ থাকে । সেয়া হ’ল – “ঋণাত্মক স্বাৰ্থপৰতা আৰু যোগাত্মক স্বাৰ্থপৰতা।”

আমি সাধাৰণতে ঋণাত্মক স্বাৰ্থপৰতাক আঁকোৱালি লওঁ । সেইবাবে সামান্যতম বিষয় এটাক পৰ্বতসম প্ৰকাণ্ড কৰোঁ । আমি তেনে স্বাৰ্থপৰতাৰ বাবে ৰক্তসম্পৰ্ককো টুকুৰা-টুকুৰ কৰি জনমানসত হাঁহিয়াতৰ পাত্ৰত পৰিণত হওঁ । তেনে স্বাৰ্থপৰতাত ইমানেই অন্ধ হৈ পৰোঁ যে মগনীয়াই মাগি ফুৰাটোকো আমাৰ ওচৰত অভিনয় বুলি ধাৰণা হয় । আমি “মানুহ” , “মানৱতা” আজি শব্দবোৰৰ মাহাত্ম্য পাহৰি যাওঁ । কৃপণতাৰ সকলো পৰিসীমা পাৰ কৰি নিজকে আত্মতোষামোদত ব্যস্ত কৰি ৰাখোঁ । এই স্বাৰ্থপৰতা বৰ নিকৃষ্ট । এই স্বাৰ্থপৰতাৰ কাৰণে ভ্ৰাতৃৰ হাতত ভ্ৰাতৃৰ খুন হয় , নিৰ্বল অথচ সৎ মানুহবোৰক জালত পেলাই শিয়ালীমনা মানুহবোৰ মছনদৰ গৰাকী হয় । এনে স্বাৰ্থপৰতাৰ চিকাৰ হোৱা মানুহৰ কপালত চকু দুটা ঠিকেই দেখা পাব কিন্তু প্ৰকৃততে সিহঁত অন্ধ হয় । গতিকে এনে মানুহবোৰৰ পৰা নিজকে আঁতৰাই ৰখাটোৱেই শ্ৰেয় ।

কিন্তু ধণাত্মক স্বাৰ্থপৰ হোৱাটো বৰ ভাগ্যৰ কথা । পৃথিৱীৰ প্ৰায়ভাগ মানুহেই কোনোবা নহয় কোনোবা ধৰ্মৰ অনুসাৰী । প্ৰতিটো ধৰ্মতেই কিছু হুবহু নিয়ম আছে । তাৰে ভিতৰত মানৱতাও এটা । কোনো ধৰ্মকেই বিশ্বাস নকৰাজনেও মানৱতাৰ কথা কয় অথবা মানৱতাৰ পক্ষে কাম কৰে । ধাৰ্মিকসকলে মানৱতাৰ উপৰিও মৃত্যুৰ পিছত যে আৰু এখন জগৎ আছে সেইটো বিশ্বাস কৰে । পৃথিৱীত সৎ কাম কৰি মৃত্যু হ’লে মৃত্যুৰ পিছত জান্নাত অথবা স্বৰ্গ আছে আৰু পাপ কাম কৰি গ’লে জাহান্নাম অথবা নৰক আছে। মৃত্যুৰ পিছৰ জীৱনটো সুখৰ হোৱাৰ হেতু ধাৰ্মিক সকলে পুণ্যৰ কামবোৰ কৰে । যেনে দুখীয়াক দান কৰা , বিপৰ্যস্ত মানুহক উদ্ধাৰ কৰা ইত্যাদি । এই সকলো ধৰণৰ সহায় বা উপকাৰৰ মাজতো স্বাৰ্থ লুকাই থাকে সেয়া হ’ল মৃত্যুৰ পিছত জান্নাত তথা স্বৰ্গ পোৱা আৰু জীৱনকালত মানসিক শান্তি পোৱা । এনে স্বাৰ্থপৰতাক যোগাত্মক স্বাৰ্থপৰতা বুলি কোৱা হয় ।

এই পৃথিৱীখন বৰ ৰঙীন । আৰু পৃথিৱীৰ মায়াই হৈছে শ্ৰেষ্ঠ মায়া । কিন্তু আমি যে এদিন পৃথিৱীৰ মোহ মায়া ত্যাগিবই লাগিব এই কথাষাৰ আমাৰ হৃদয়ে মানি ল’ব নিবিচাৰে । “মানুহ মৰণশীল” কথাটো জানিও মাত্ৰ ৬০/৭০ বছৰীয়া জীৱনকালত কত যে প্লেনিং কৰোঁ । আমি যদি হিচাপ কৰোঁ ৬০/৭০ বছৰীয়া জীৱনকালত পৃথিৱীৰ প্ৰকৃত আমেজ কিমান বছৰ ল’ব পৰা যায় তেন্তে প্ৰতিজন  মানুহৰ ইচ্ছা আকাংক্ষা ব্যস্ততা হ্ৰাস পাব । ধৰা হওক এজন মানুহ জীয়াই থাকিব ৭০ বছৰ । জন্মৰ পৰা ১৮ বছৰ সময় জীৱনক বুজিবলৈ গুচি যায় । ২২ / ২৪ বছৰত  বিয়া পাতে তথা উপাৰ্জন কৰে লগতে জীৱনৰ পৰা আমেজ ল’বলৈ আৰম্ভ কৰে । ৩৫ বছৰ নহওঁতেই ২/৩ জন সন্তান জন্ম পায় । ৩৪/৩৫  বছৰ হোৱাৰ লগে লগে চুলি পকিবলৈ ধৰে । তেনে পৰিস্থিতিতেই ৪০ ৰ পৰা ৪৫ বছৰ ঢুকি পায় । তেতিয়াৰ পৰা বেমাৰ-আজাৰে ভুতৰ দৰে শৰীৰত লম্ভিবলৈ ধৰে আৰু ডাক্তৰৰ সংবিধান প্ৰযোজ্য হ’বলৈ ধৰে । ডাক্তৰে কোৱা আৰম্ভ কৰে এইটো নাখাবা সেইটো নাখাবা । আৰু মানুহৰ যেতিয়া খোৱা-লোৱাৰ ক্ষেত্ৰত বাধা নিষেধ আহি পৰে তেতিয়া ভাবিব লাগিব জীৱনৰ সুখ গুচি যোৱাৰ প্ৰথম পদক্ষেপ সেয়া । ৫০ বছৰ বয়সতে মানুহ বুঢ়াৰ তালিকাত পৰিয়েই যায় । তেতিয়াৰে  পৰা বাকী থকা জীৱনখিনিক সুখৰ বুলিব নোৱাৰি । তাৰমানে ২০ বছৰৰ পৰা আৰম্ভ কৰি ৪০ বছৰলৈ হে জীৱনৰ আমেজ । বুজা গ’ল ৭০ বছৰীয়া জীৱন এটাত ২০ বছৰ হে সুখৰ হয় । এই ২০ বছৰকালৰ বাবেই মানুহৰ যত অহংকাৰ, মৰামৰি , কটাকটি ।

যিকি নহওক , প্ৰতিজন মানুহৰ জীৱন যাতে ওচৰ-চুবুৰীয়াৰ বাবে আশীৰ্বাদস্বৰূপ হয় এই চিন্তা মগজুত ৰাখি চলাটো অত্যন্ত প্ৰয়োজন । ই মৰিও অমৰ হোৱাৰ এক ধুনীয়া কৌশল । সাধাৰণতে মানুহে পৰৰ দোষ খুঁচৰি থাকি ভাল পায় । কিন্তু সেইখিনি যদি নিজৰ ক্ষেত্ৰত কৰে তেন্তে মানুহ এজন স্বতঃষ্ফুৰ্তভাৱে বিশুদ্ধ হৈ পৰিব ।

গতিকে আহক আমি কথাৰে নহয় কামেৰে অমৰ হ’বলৈ প্ৰযত্ন কৰোঁ ।