কুঁউ কুঁউ বুলি – আয়নাল হক

PC - Wikipedia
কুঁউ কুঁউ বুলি
আয়নাল হক, ধুবুৰী 
দোপাল-পিটা বৰষুণজাকে
বুৰালেহি চোতালখন
শালিকীয়ে গা ধুলে কিৰীলিয়াই কিৰীলিয়াই,
কজলা কলিজাত ৰহণ ঢালি
বুকুৰ উশাহত হেঁপাহ ফুলিল।
নাম নজনা অনুভৱত
হিল্লোলিত হ’ল মনৰ আকাশ
কুঁহি-ৰঙী মৰমত
ঢৌ তুলি তুলি
তৰাফুলে ভুমুকিয়ায়
আকাশ ভেদি।
জোনাকবোৰ আঁচল পাতি
শুনি আছোঁ কপৌফুলৰ সুহুৰি,
ডেও দি ডেও দি আহিল
প্ৰেমিক কুলিজনী…
ৰাতিৰ নিৰ্জনতাক বুকুত সাৱটি
কুঁউ কুঁউ বুলি…।