সূৰ্যদেৱতা অভিমুখে আদিত্য এল ১য়ে উৰা মাৰিলে – নাছিৰ আহমেদ

PC - Organiser
সূৰ্যদেৱতা অভিমুখে আদিত্য এল ১ য়ে উৰা মাৰিলে
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) স্বপ্নদ্ৰষ্টা বিজ্ঞানীসকলে ২০০৮ চনৰ পৰা কল্পনা-জল্পনাৰ অন্ত পেলাই চন্দ্ৰযান-৩ৰ চন্দ্ৰলৈ সফল অৱতৰণ কৰাত উৎফুল্লিত হৈ আগষ্ট মাহৰ দুই তাৰিখ শনিবাৰে ১১.৫০ মিনিটত প্ৰধান কাৰ্যালয় শ্ৰী হৰিকোটাৰ সতীশ ধাৱান অন্তৰীক্ষ  উৎক্ষেপণ কেন্দ্ৰৰ পৰা “আদিত্য- এল১” (Aditya – L 1 ) মহাকাশ যানখন পি এছ এল ভি -এক্স এল ছি ৫৭ ( PSLV- XL C 57 শক্তিশালী ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰে।যিহেতু পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ১.৫ নিযুত কিঃমিঃ। গতিকে সূৰ্যৰ নিকটৱৰ্তী অঞ্চল পাওঁতে কমেও চাৰিমাহ লাগিব। যথাসম্ভৱ ২০২৪ চনৰ জানুৱাৰী মাহৰ মাজভাগত গৈ নিদ্দিষ্ট ঠাই পাব। আৰু  ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডল আদি পৰিৱেশ সম্পৰ্কীয় নানা তথ্য সংগ্ৰহ কৰিব। যিহেতু সূৰ্য এটি জ্বলন্ত অগ্নিপিণ্ড। গতিকে চন্দ্ৰ-পৃষ্ঠত অৱতৰণ কৰাৰ দৰে সূৰ্য-পৃষ্ঠত মহাকাশ যান অৱতৰণ কৰাৰ বহুত আগতেই ভস্মীভূত হৈ পৰিব। সেয়ে আদিত্য এল ১ ( Aditya L 1) পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত্বত থকা ল্যাগ্ৰেঞ্জ(Lagrange এল ১ (L1) ৰ বিন্দুত অৱস্থান কৰি হেলো অৰবিটৰ(Halo Orbit ) কক্ষপথত অৱস্থান কৰি ভি ই এল  ছি (VELC) দ্বাৰা সৰ্বমুঠ ১৪৪০ ছবি সংগ্ৰহ কৰিব। এই ভি ই এল ছিয়ে দৈনিক ছবি প্ৰেৰণ কৰি থাকিব । এই এল ১ বিন্দুত পৃথিৱী আৰু সূৰ্যৰ মাজত আকৰ্ষণ আৰু বিকৰ্ষণ সম পৰিমাণত চলি থাকে। যাৰ ফলত ইয়াত অৱস্থান কৰা এটা কৃত্ৰিম উপগ্ৰহ স্থিত অৱস্থাত থাকে। ” আদিত্য -এল ১ পৃথিৱীক ১৬ বাৰ প্ৰদক্ষিণ কৰাৰ পাছত ১৫ লাখ কিঃমিঃ দূৰত্বত থকা ল্যাগ্ৰেঞ্জ এল ১ পাওঁতে ২০০ দিন লাগিব।ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে সূৰ্যৰ পৰিৱেশ সম্পৰ্কীয় নানা পৰীক্ষা-নিৰীক্ষা চলাই যোৱাৰ বাবে আদিত্য এল ১ ৰ লগত সাতবিধ সজুঁলি যুক্ত কৰা হৈছে।এইখিনিতে আমি অসমীয়া হিচাপে গৌৰৱান্বিত যে, সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা সাতবিধ সজুঁলিৰ ভিতৰত Solar Ultra Violet Imaging Telescope সংক্ষেপে ( S U I T) সজুঁলিয়ে  পঠিয়াই দিয়া তথ্যৰ পৰা যোৰহাটৰ বাহানা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ঐশ্বন্যা শৰ্মাই যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত বিভিন্ন তৰঙ্গ আৰু  কম্পন  সম্পৰ্কে অভিজ্ঞতা লাভ কৰি এইবোৰৰ দ্বাৰা পৃথিৱীৰ ওপৰত কেনেধৰণে প্ৰভাৱ পৰে ,তাকো অধ্যয়ন কৰিব। মন‌ কৰিব লগীয়া ২০১৫ চনৰ পৰা আদিত্যৰ সৈতে যুক্ত সাতটা সজুঁলিৰ অন্যতম এছ ইউ আই টি (SUIT)ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী‌ তথা পুণেৰ জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা কেন্দ্ৰ (IUCAA)ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ ডঃ দুৰ্গেশ ত্ৰিপাঠীৰ সৈতে ডঃ ঐশ্বন্যা শৰ্মাই যুটীয়া ভাবে  কৰ্মৰত হৈ আছে। যিকি নহওক, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে এই মহাকাশ অভিযানৰ জৰিয়তে সূৰ্যৰ পৰিৱেশ সম্পৰ্কীয় নানা তথ্য সংগ্ৰহ কৰাৰ উপৰিও সূৰ্যৰ উপৰিভাগ (Corona) সূৰ্যৰ বাহিৰৰ আৱৰণ (Crosmosphere )ৰ গতিবিধি,চুম্বকীয় ক্ষেত্ৰ( Magnetic field)   সূৰ্যৰ পোহৰৰ বৰ্ণালীমালাৰ তথ্য সংগ্ৰহ  কৰাৰ বাবে সম্পূৰ্ণ সফলতা লাভ কৰিব বুলি আশা কৰিছে। ২ আগষ্টত সূৰ্য দেৱতাৰ অভিমুখে আদিত্য এল ১ ৰ ঠিক ১১.৫০ মিনিটত এই উৰণ অভিযানৰ বিৰল ঘটনাৰ সাক্ষী হৈ প্ৰত্যেকজন ভাৰতীয় জনতাই গৌৰৱ অনুভৱ কৰিলে আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ এই অভিযান যাতে সফল হয়, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।