মহালয়া
জ্যোতিস্মিতা গোস্বামী শৰ্মা
অকণিহঁত আমি সকলোৱে “মহালয়া”শব্দটো শুনিছোঁ নহয় নে? এই মহালয়ানো কি? পিতৃ পক্ষৰ শ্ৰাদ্ধ তিথিক মহালয়া বোলা হয়।এই দিনটোত পূৰ্ব পুৰুষক স্মৰণ কৰি মৃতকৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰাদ্ধ, ভোজন আৰু দান কৰা নিয়ম চলি আহিছে।মহালয়া শব্দটো সংস্কৃত শব্দ। “মহা” শব্দৰ অৰ্থ মহান আৰু “লয়া”শব্দৰ অৰ্থ নিবাস। কোনোৱে কয়”মহা”মানে পৰম আৰু “লয়” মানে বিলীন হোৱা।প্ৰবাদ মতে,মহালয়া দিনটোত ব্ৰহ্মা,বিষ্ণু, মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দূৰ্গা দেৱীক সৃষ্টি কৰিছিল।মহালয়া দিনা পিতৃ পক্ষ শেষ হৈ দেৱী পক্ষ আৰম্ভ হয় আৰু মা দূৰ্গাক মৰ্ত্যলৈ আমন্ত্ৰণ কৰা হয়।পৃথিৱীবাসীয়ে দেৱী মাক আৱাহন কৰে,”হে দেৱী মা তুমি ধৰালৈ নামি আহি আমাক অশুভ শক্তিৰ পৰা মুক্ত কৰা। হে শক্তি দায়িনী তুমি অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমাক শক্তি দিয়া। তুমি আমাৰ মনৰ আশা পূৰণৰ বাবে ধৰালৈ নামি আহা।” মহালয়া আৰু মহা ষষ্ঠীৰ মাজত ছয় দিনৰ ব্যৱধান থাকে। এই দিনটোতে খনিকৰে দেৱীৰ চকু যুৰি আকে । ইয়াক চকু দান বুলিও কোৱা হয়। দেৱী পক্ষত মা দূৰ্গা, লক্ষ্মী সৰস্বতী গনেশ আৰু কাৰ্তিকৰ সৈতে দহ দিনৰ বাবে পৃথিৱীলৈ আহে । জনবিশ্বাস মতে মহালয়াৰ দিনা ভ্ৰমণ কৰিলে মা দূৰ্গাৰ আশীৰ্বাদ পোৱা যায় । দূৰ্গা মাৰ আশীৰ্বাদ পাবৰ বাবে সেইদিনা মানুহে ৰাতিতে উঠি প্ৰাতঃ ভ্ৰমণ কৰে। ২৬আহিন (চৈধ্য অক্টোবৰ ,২০২৩ চন) শনি বাৰে মহালয়া । দেৱী মাৰ আশীৰ্বাদত ভক্ত সকলৰ মনৰ আশা পুৰণ হোৱাৰ কামনাৰে।