‘মিগজৌম’ৰ ভয়ংকৰ ৰূপ

Pc The Hindu

‘মিগজৌম’ৰ ভয়ংকৰ ৰূপ

ৰঙিলী বাৰ্ত্তাসেৱা-  দাক্ষিণাত্যত সাগৰীয় ঘূৰ্ণী মিগজৌমে লৈছে সংহাৰী ৰূপ। সাগৰীয় ঘূৰ্ণীৰ কবলত পৰি চেন্নাইত এইপৰ্যন্ত ৫ জনকৈ লোকৰ মৃত্যু হৈছে । বাট-পথ, ঘৰ-দুৱাৰ সকলো জলমগ্ন হৈ পৰিছে চেন্নাইত। ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এনডিআৰএফ আৰু এছডিআৰএফ দল নিয়োগ কৰা হয়। মঙলবাৰে চেন্নাই, কাঞ্চিপুৰম, চেংগালপট্টু আৰু তিৰুভাল্লুৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। ব্যক্তিগত কোম্পানীকো ঘৰৰ পৰাই কৰ্মচাৰীক কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।