কিহৰ ইমান জটিলতা- ৰামেশ্বৰ নাথ

কিহৰ ইমান জটিলতা

                ৰামেশ্বৰ নাথ

কিহৰ ইমান জটিলতা
সম্পৰ্ক বোৰ জীয়াই ৰখাৰ প্ৰচেষ্টা ।
সেয়ে কৰি গৈছো কৰ্ম ব্যস্ততা,
কেতিয়া কবিতা, কেতিয়াবা গল্প,
মাজে সময়ে লিখিছোঁ প্ৰৱন্ধ
সকলোতে মাথোঁ তোমাৰেই উপসনা।
এতিয়াও তুমি মোৰ কবিতা ভাল পোৱা নে
মই লিখা কবিতা বোৰ পঢ়া নে,
মোৰ কবিতাৰ পংক্তিত
এতিয়াও তুমি হিয়া ধাকুৰি কান্দোনে ।
মই এতিয়াও কান্দো জানা
এতিয়াও মোৰ কবিতাৰ প্ৰতিটো শব্দই
উচুপি উচুপি কান্দে
তোমাৰ স্মৃতি বোৰ সুঁৱৰি ।
লিখি লিখি শেষ কৰিব নোৱাৰা
জীৱনৰ আধা লিখা পৃষ্ঠা বোৰ
মই এতিয়াও লিখোঁ জানা
ভগ্ন হৃদয়ৰ উচুপনিৰে ।
যুদ্ধখন দেখোন আৰম্ভ হ’ল
শব্দৰ মায়াজালে তাৰেই আগভাগ ল’ল ।
প্ৰতিটো ক্ষণে তোমাৰ স্মৃতিয়ে
এতিয়াও তহল দি ফুৰে
মোৰ নেদেখা নদীৰ সিপাৰে ।
ক্ৰমাৎ বাঢ়ি আহে জটিলতা
জীৱন জীনাৰ সংগ্ৰামৰ কাহিনী ।
মইটো লিখা নাই তাহানিৰ দিনৰ বুৰঞ্জী
লিখিছোঁ মাথো বাস্তৱৰ বুৰঞ্জী
তথাপিও কিহৰ ইমান জটিলতা ।