গোৱালপাৰাত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

pc- onmanorama

 গোৱালপাৰাত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  গোৱালপাৰাত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হয় তিনিজন লোকৰ। পৃথকে পৃথকে দুটা দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। ৰংজুলিত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা  মাৰে এখন ৰিক’ভাৰী ট্ৰাকে। থিতাতে মৃত্যু হৈ ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। মৃত্যু হোৱা দুজনৰ নাম অঞ্জয় ৰাভা আৰু অজয় সৰকাৰ। অঞ্জয় ৰাভাৰ ঘৰ লখিমপুৰত আৰু অজয় সৰকাৰৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে।  আনহাতে,কৃষ্ণাইৰ আৰিমাৰাত বাইক আৰু পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত মৃত্যু হয় বগুৱানৰ কুলদীপ নাথ নামৰ এজন যুৱকৰ।