বেজী
দিপ্তী মনি গোস্বামী
আজি জোনবাইক বেজী এটি নিবিচাৰোঁ
মোনা সিঁবলৈ
আজি বিচাৰিম বেজী এটি
টাপলি মাৰিবলৈ।
ককাদেউতাৰ কামিজ টো আজি
তৰপে তৰপে ফাটিছে
কাৰো দেখুন নাই মন কাণ
কোনেও ভু-ক্ষেপ নকৰে ককা দেউতাৰ স্বভিমান!
মোৰ অনুভৱী হিয়াই আজি
হাহাকাৰ কৰিছে
ককাদেউতাৰ কামিজটোৰ দৰে
মোৰ হিয়াখনো ফাটিছে।
জোনবাইৰ পৰা মই
বেজী এটি খুজি লম
অন্তৰৰ আবেগ ঢালি
ককাদেউতাৰ কামিজটোৰ টাপলি মাৰিম।