পাভযোৰা
নাজমিনা মজিদ
বিশ্বাস আৰু সন্দেহৰ সহবাসত
ভূমিষ্ঠ হোৱা যমক দুটিৰ নাম
মৃত সপোন আৰু বিকলাঙ্গ দিঠক
কবিয়ে অভিনন্দন জনাই ক’ব খোজে
এই প্ৰাপ্তিৰ উদযাপন সুখৰ বিৰিয়ানীৰে
কেতিয়াও নহয় জানানে !
নতুবা তৃপ্তিৰ ৰসগোল্লাৰেও নহয় কিন্তু
ৰামধেনুৰ ৰঙৰ স’তে মিলাই অনা
বেলুন কেইটাইওঁ ভৱিষ্যতৰ ৰঙীন
সংকেত নিদিয়ে …!
কবিৰ এই মতামতত সমীকৰণ
মিলাব পৰা নাই ।
পাভযোৰা বুলি নিজকে দাবী কৰা
বিশ্বাস আৰু সন্দেহই ।
