নীলাচল জাতীয় বিদ্যালয়ত একবিংশতিতম হেপাহ ২০২৩-২৪ শীৰ্ষক গীত মাতৰ গধূলি অনুষ্ঠান উদযাপন

নীলাচল জাতীয় বিদ্যালয়ত একবিংশতিতম হেপাহ ২০২৩-২৪ শীৰ্ষক গীত মাতৰ গধূলি অনুষ্ঠান উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- নীলাচল এডুকেশ্বন ৱেলফেয়াৰ ছচাইটি ( নিউজ) ৰ উদ্যোগত মালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত নীলাচল জাতীয় বিদ্যালয়ৰ একবিংশতিতম গীত মাতৰ গধূলি অনুষ্ঠান “হেপাহ ২০২৩-২০২৪” অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠান বিয়লি ২:৩০ বজাৰ পৰা বঁটা বিতৰণী সভাৰ আয়োজন কৰা হয় । সভাত উপস্থিত থাকে নীলাচল জাতীয় বিদ্যালয়ৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ শৰ্মা , পুঠিমাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিজেন বৰ্মন , কালিৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা কলিতা , মালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামেশ্বৰ ডেকা, ১৩ নং ৱাৰ্ডৰ নিৰ্বাচনী আয়োগৰ সভাপতি বীৰেন্দ্ৰ দেৱ অধিকাৰী, অৱসৰপ্ৰাপ্ত উপায়ুক্ত জগদীশ চৌধুৰী । বঁটা বিতৰণী সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে জাতীয় বিদ্যালয় সংগীত আৰু সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ গীত জিলিকাব লুইতৰে পাৰ পৰিৱেশন কৰে। ইয়াৰ পাছতেই উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভাষণ প্ৰদান কৰাৰ লগে লগে তেওঁলোকক একোখনকৈ গামোচা আৰু একোটিকৈ স্মাৰক প্ৰদান কৰা হয় লগতে তেওঁলোকৰ দ্বাৰা বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। সন্ধিয়া ৪.৩০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় সৰস্বতী বন্দনাৰে লগতে বন্তি প্ৰজ্বলন কৰে নীলাচল জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিশিষ্ট ফটো সাংবাদিক চিন্ময় ৰয়, আৰু বিশিষ্ট সংগীত শিল্পী হাচিনা হাজৰিকা। ৰমেন্দ্ৰ নাৰায়ণ কলিতাক তেওঁৰ সমাজিক তথা ৰাজনৈতিক জীৱনৰ প্ৰতি সন্মান জনাই সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়, প্ৰতিদিন কাকতৰ এজন বিশিষ্ট ফটো সাংবাদিক হিচাপে অহৰহ নিষ্ঠা সহকাৰে কাম কৰি যোৱাৰ বাবে আৰু তেওঁৰ জীৱনজোৰা সাধনাৰ বাবে এখন সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে নিৰলস সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে পালন কৰি আগুৱাই যোৱাৰ বাবে হাচিনা হাজৰিকালৈ এখন সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালান, বিশিষ্ট শিক্ষাবিদ তথা অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিৰ উপদেষ্টা ৰোহিনী গোস্বামী, বিশিষ্ট সংগীত শিল্পী তথা প্ৰশিক্ষক আলেখ্য চক্ৰৱৰ্তী, দুৰ্গাসৰোবৰ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জানকী বৰ্মন, গায়ক স্পন্দন চক্ৰৱৰ্তী ,আকাশবাণী গুৱাহাটীৰ অৱসৰ প্ৰাপ্ত কেন্দ্ৰ সঞ্চালক অৱনী ৰঞ্জন পাঠক। গোপাল জালানে তেওঁৰ পিতৃ আৰু মাতৃৰ সোঁৱৰণত কিছুসংখ্যক ছাত্ৰ ছাত্ৰীক বাসুদেৱ জালান সোঁৱৰণি বঁটা আৰু পুষ্পা দেৱী সোঁৱৰণি বঁটা আগবঢ়ায়।ইং ২০২২-২৩ বৰ্ষৰ সৰ্বাধিক মূল্যাংক প্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৰাগিণী গোস্বামী আৰু দশম শ্ৰেণীৰ ছাত্ৰী নম্ৰতা দে বাসুদেৱ জালান সোঁৱৰণি বঁটা লাভ কৰে৷আনহাতে সহপাঠ্যক্ৰমৰ সংগীত বিষয়ত সৰ্বাধিক মূল্যাংক লাভ কৰা বাবে বাস্তবিকা ৰাজনন্দিনী(শ্ৰুতি মাধুৰ্য)ই লাভ কৰে পুষ্পাদেৱী জালান সোঁৱৰণি বঁটা৷ ইয়াৰ পাছতে গীত-মাতৰ গধূলি অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকলৰ দ্বাৰা বিভিন্ন সৃজনশীল নৃত্য, স্পেনিছ লোকগীত, যোগাসন শিল্পী সম্বৰ্ধনা গীত, ফেশ্বন শ্ব, নাটক ইত্যাদি পৰিৱেশন কৰে৷