আঘোণ সমাগত
আয়নাল হক,ধুবুৰী
সেউজীয়া বুকুখনত
গৌৰৱৰ সোণালী ৰহণ ঢালি
হেঁপাহৰ আঘোণ আহি আছে
এবুকু মৰম উজাৰি–!
কিমান প্ৰত্যাশিত আঘোণৰ হাঁহি !
এই হাঁহিতেই বাজি উঠে পথৰুৱা বাঁহী।
শাওণৰ কেঁচা ঘাম পাহৰি
আঘোণৰ মৰমবোৰ দুহাতেৰে সামৰি
ঘৰলৈ আদৰি আনোঁ লখিমী।
আই-পিতাইৰ প্ৰসন্ন মুখত
সুখৰ তিৰ্ বিৰণি–!
প্ৰাপ্তিৰ আনন্দত
গদ্ গদ্ হৈ পৰে বুকুৰ চুবুৰী।
আঘোণ মানেই পূৰ্ণতা
আঘোণ মানেই পূৰ্ণতা
সেইবাবেই আঘোণ বুকুৰ আপোন।
কৃষকক শ্ৰমৰ সফলতাৰ
জীয়া জীয়া ৰঙীন সপোন…।