গল্প লিখা নহ’ল
শিৱানী বৰুৱা, যোৰহাট
কাহানিও শেষ নোহোৱা
এটা বিষাদৰ টোপোলা আছিল ।
কাষতে থকা সুখবোৰে তাক
বজাৰত বিক্ৰি কৰিব বিছাৰিছিল ।
শেষ বুলিলেও যে
তাৰ শেষ কেতিয়াও নহৈছিল ।
যিমানে টোপোলাটি মেলিছিল
সিমানে বিষাদবোৰ উতপ্ত হৈ উঠিছিল।
বিষাদবোৰেও এদিন পাৰ ভাঙিছিল
সুখবোৰ তাতে উটি গৈছিল।
এডিঙি বিষাদক গিলি লোৱাৰ পাছত
উশাহবোৰৰ কষ্ট হৈছিল।
চকুলোৰ নিজৰাত জীৱন
জলমগ্ন হৈ পৰিছিল ।
তেতিয়াই একাঁজলি বিৰহৰ এটি
গল্পৰ সৃষ্টি হৈছিল ।
বহু চেষ্টাৰ পাছতো সেই গল্প লিখা নহৈছিল
কাৰণ…
গল্পকাৰে তেতিয়াই শেষ ঠিকনাটি হেৰুৱাই পেলাইছিল ।।