আশাৰ কাতি
মুন শৰ্মা,লখিমপুৰ
কাতি মাহ কঙালী বেজাৰৰে বিননি,
অভাৱত জুৰুলা অসমীয়াৰ কেকনি,
তথাপিও কাতিতে আশাৰেই গজালি,
বুকুত মাথোঁ আঘোণৰ সুখৰেই ৰেঙণি।
পথাৰত কেঁচাসোণৰ সোণোৱালী ধেমালিৰ;
বেছি পৰ নাই দেখোন সময় যে পদূলিত।
কাতিতেই টঙালি আদৰিব লখিমী,
হেঁপাহ যে অতদিন অপেক্ষাত বহু দিন।
ধন্যবাদ … কাতি তোমাক, দিলা আহি জাননী,
অসমীয়াৰ সাহ বোৰ বছৰলৈ আহিব,
অন্যথা অসমীয়াৰ দুৰ্ভিক্ষত কঁপিব।
