আশাৰ কাতি – মুন শৰ্মা

Pc Unsplash
আশাৰ কাতি
মুন শৰ্মা,লখিমপুৰ
কাতি মাহ কঙালী বেজাৰৰে বিননি,
অভাৱত জুৰুলা অসমীয়াৰ কেকনি,
তথাপিও কাতিতে আশাৰেই গজালি,
বুকুত মাথোঁ আঘোণৰ সুখৰেই ৰেঙণি।
পথাৰত কেঁচাসোণৰ  সোণোৱালী ধেমালিৰ;
বেছি পৰ নাই দেখোন  সময় যে পদূলিত।
 কাতিতেই টঙালি আদৰিব লখিমী,
হেঁপাহ যে  অতদিন  অপেক্ষাত বহু দিন।
ধন্যবাদ … কাতি তোমাক, দিলা আহি জাননী,
অসমীয়াৰ সাহ বোৰ বছৰলৈ আহিব,
অন্যথা অসমীয়াৰ দুৰ্ভিক্ষত কঁপিব।