শাৰদীয় প্ৰতিশ্ৰুতি
লখিমী শৰ্মা, যোৰহাট
পূজাত অহাবাৰকৈ কণমানি বাবলীক খেলনা কিনি দিম বুলি কোৱা মনীষাৰ আজি দুই নাওঁ দুই ভৰি অৱস্থা । গিৰিয়েকক হেৰুৱাব লগা হোৱা দিনাৰে পৰা তাই বহুত কষ্টৰ মাজেৰে জীৱন যাপন কৰিব লগা হৈছে । কণমানিজনীক ওচৰৰে মানুহৰ ঘৰত থৈ তাই নিতৌ কামলৈ ওলাই যায় । ঘৰখনত কেৱল মানুহ বুলিবলৈ বাবলী আৰু মনীষাহে । দিন বাগৰাৰ লগে লগে পূজা চমু চাপিল ! বাবলীয়ে মাকক ঘনাই কৈ থাকে তাইক যে মাকে পূজাত খেলনা দিম বুলি কথা দি থৈছিল । মাকে দিয়া কথামতে বাবলীক পূজাত খেলনা কিনি দিবলৈ সমৰ্থ হ’ল ! আৰু তাইক সৰু পুতলা এটা কিনি দি তাইক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰে ।