চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষীত এক নতুন সংযোজন

pc Hub News
অনলাইন বাৰ্ত্তাসেৱা – চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষীত এক নতুন সংযোজন। ‘চাইবাৰ ফৰেনচিক লেব-কাম-ট্ৰেইনিং চেণ্টাৰ’ উদ্বোধন আৰু ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেণ্ট চিষ্টেম’ আৰম্ভ কৰাৰ লগে লগে ৰাজ্যখনত চাইবাৰ অপৰাধজনিত বৰ্ধিত ঘটনাৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰাৰ প্ৰচেষ্টাত অসম আৰক্ষীয়ে লাভ কৰে এক গুৰুত্বপূৰ্ণ শক্তি। চিআইডিৰ মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান (ডি.জি.পি.) ভাস্কৰ জ্যোতি মহন্তই আঁচনিসমূহ উদ্বোধন কৰে। মহন্তই কয় যে এইটো অসম আৰক্ষীৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু এই বাহিনীটোৱে অনাগত দিনবোৰত চাইবাৰস্পেচৰ পৰা উদ্ভৱ হোৱা নতুন নতুন প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰিবলৈ সক্ষম হ’ব।
(UD.)