শিশুৰ মনত ৰং বিলোৱা শিল্পী গৰাকী – বন্দিতা শৰ্মা কন্দলি

pc- Wikipedia

শিশুৰ মনত ৰং বিলোৱা শিল্পী গৰাকী

বন্দিতা শৰ্মা কন্দলি

ৰং কিনিবা কোনে
ৰং কিনিবা কোনে?
মোনা ভৰাই ৰং আনিছোঁ
কিনা মোনে মোনে ।

এনেহেন মনোমোহা গীতটি কোনে ৰচনা কৰিছিল বাৰু মনত আছেনে? আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ ভূপেন মামাই নহয় জানো! ১৯৫৫ চনতে এই মধুৰ গীতটি ৰচনা কৰিছিল। শিশুসকলৰ মন চুই যোৱাকৈ ‘ অকণ ‘ বোলছবিৰ বাবেও আন এটা শিশু উপযোগী গীত ৰচনা কৰিছিল ।সেইটো হৈছে ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ …. শিশু সকলক মনে প্ৰাণে ভালপোৱা, শিশুৰ অকৃত্ৰিম আলসুৱা ভাব-অনুভুতি অনুভৱ কৰিব পৰা ভূপেন মামাই শিশুসকলৰ বাবে লিখি থৈ গৈছে ভূপেন মামাৰ গীতে মাতে অ ,আ,ক,খ শীৰ্ষক গ্ৰন্থ খনি। এই গ্ৰন্থখন অকণিহঁতৰ মাজৰ বহুতেই পঢ়িছা নিশ্চয়। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ অঁকা নামৰ এখন ভিতৰুৱা গাঁৱত জন্ম গ্ৰহণ কৰা ভূপেন মামাৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা। ভূপেন মামাক বহুমুখী প্ৰতিভাৰ গৰাকী বুলি কয়। কিয়নো তেখেত একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, সাহিত্যিক, সাংবাদিক ,কলা- সমালোচক,বোলছবি পৰিচালক, কাহিনীকাৰ আৰু এজন ৰাজনীতিবিদ। আচৰিত হʼবৰে কথা নহয়নে বাৰু! পাঁচ বছৰ বয়সতে তেওঁ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত সভাত গীত পৰিৱেশন কৰি তাত উপস্থিত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আশীষ লাভ কৰে।দহ বছৰ বয়সতে তেওঁ প্ৰথম গীত ৰচনা কৰি গায়। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰা ভূপেন মামাই ১৯৪৪ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৪৬ চনত তাৰ পৰাই ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৯৫২ চনত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। সাহিত্য – সংস্কৃতিৰ অক্লান্ত কৰ্মী ভূপেন মামাক কেৱল অসম ৰাজ্যতে নহয় দেশ বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, সংগীত নাটক অকাডেমী বঁটা,দাদা চাহেব ফাল্কে বঁটা আদিৰে সন্মানিত হৈছে।১৯৯৩ চনৰ শিৱসাগৰৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি পদ অলংকৃত কৰে। ভূপেন মামাই ৰচনা আৰু সুৰ কৰা গীত সমূহক ভূপেন্দ্ৰ সংগীত নামেৰে নামাকৰণ কৰা হয়।এই গৰাকী মহান শিল্পীৰ মৃত্যু হয় ২০১১ চনৰ ৫ নবেম্বৰ তাৰিখে।অসম আৰু অসমীয়া ক মনে প্ৰাণে ভালপোৱা ভূপেন মামাৰ সৃষ্টিৰাজী অধ্যয়ন কৰা বৰ প্ৰয়োজনীয় কথা। ভূপেন মামাৰ কণ্ঠৰ গীত সমূহ শুনি থাকিলে আমি আমাৰ ভাষাটোৰ শুদ্ধ উচ্চাৰণ আৰু বহু উন্নত মানৰ শব্দ শিকিব পাৰিম। এনেদৰেই ভূপেন মামাক আমি আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম নহয়নে বাৰু!