নীৰৱতাৰ পাঠ – ৰুমী কলিতা দত্ত

PC Pixabay
 নীৰৱতাৰ পাঠ
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
এজন বিশিষ্ট কবিয়ে নীৰৱতাৰ পাঠ দিছে
শুনি সকলো নীৰৱ হ’ল ।
গুচি গ’ল সকলো নীৰৱতাৰ পিঠিত উঠি
নদীৰ পাৰলৈ
নদীখন নীৰৱ হৈয়ে আছে ।
আজি হাবিখন নীৰৱ হৈ পৰিছে
কাৰণ বনদস্যুৱে ধ্বংসযজ্ঞ পাতিছে
তথাপি জুৰিটি নীৰৱে বৈ গৈছে।
জীৱন সংগ্ৰামে মানুহজনক
নীৰৱ হ’বলৈ শিকালে
কুটুমে কুটুমক হেৰুৱাই
নীৰৱে চকুলো টুকিছে ।
প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখি
আকাশখনো উচুপি উঠিছে
সেউজবুলীয়া চোলাটো সোলকাই
শস্যবোৰ লঠঙা হৈ পৰিছে ।
কৃষকে কেঁচা ঘাম পেলাই
চোলাটো চিৰাচিৰ কৰিছে
তথাপি মাটিৰ আকৰ্ষনে টানিছে।
পিছে এতিয়া বেৰত ওলমি থকা চোলাটোৱে
নীৰৱতাৰ পাঠ শিকিছে ।