শ্লীলতাহানি কৰা ছাত্ৰ-ছাত্ৰীক শাস্তি প্ৰদানৰ দাবী

শ্লীলতাহানি কৰা ছাত্ৰ-ছাত্ৰীক শাস্তি প্ৰদানৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  ০১ নৱেম্বৰত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ আই আই টি ক্যাম্পাচত একদল অপৰাধীয়ে এগৰাকী ছাত্রীৰ শ্লীলতাহানি আৰু টানি আজুৰি পোছাক খুলি ভিডিও কৰি সেই ভিডিও ছচিয়েল মিডিয়াত ভাইৰাল কৰি দিয়ে । এ আই ডি এছ ৰ অসম ৰাজ্যিক কমিটীয়ে দ্ব্যর্থহীন ভাষাৰে এই ঘটনাক তীব্র নিন্দা জানায় আৰু অতিদ্রুত তদন্ত কৰি অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে। সংগঠনৰ পক্ষৰ পৰা জনায় যে এই ধৰণৰ ঘটনাৰ পিছত কেৱলমাত্র একজন অপৰাধী দায়ী নহয় বৰঞ্চ আমাৰ দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু নীতিহীন ৰাজনৈতিক চিস্টেমেই মূলত দায়ী। বর্তমান দেশ বিদেশৰ অৱক্ষয়িত সমাজব্যৱস্থা আৰু অপসংস্কৃতিৰ গর্ভৰ পৰাই এই অমানৱিক, অসামাজিক লম্পট চৰিত্রসমূহৰ জন্ম হৈছে । শ্লীলতাহানি,ধর্ষণ, হত্যাৰ অসংখ্য ঘটনাৰ খবৰ প্রায় প্রতিদিন প্রকাশ্যভাৱে আহিছে । এনেকি দেশৰ অন্যতম খ্যাতনামা এই বিশ্ববিদ্যালয়ৰ ছাত্রীসকলৰ নিৰাপত্তা জনিত সমস্যা, শ্লীলতাহানিৰ বহু ঘটনাৰ অভিযোগ থাকা সত্বেও ইতিপূর্বে বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষ আৰু প্রশাসনে কোনো ভুমিকাই লোৱা নাই । যি দেশৰ বেছিৰভাগ সাংসদ, বিধায়ক শ্লীলতাহানি,ধর্ষণৰ অভিযোগত অভিযুক্ত সেই দেশৰ ৰাজনৈতিক নেতাসকলৰ পক্ষৰ পৰা ইয়াতকৈ বেছি কি আৰু আশা কৰা যায় । এই ধৰণৰ অগণতান্ত্রিক আৰু কুৰাজনৈতিক পৰিৱেশত বাচি থাকটো অসহনীয় হৈ উঠিছে। এ আই ডি এছ ই নির্যাতিত ছাত্রী আৰু আন্দোলনকাৰী বিশ্ববিদ্যালয়ৰ সকলো ছাত্র ছাত্রীৰ প্রতি সংহতি জানায় আৰু এই লড়াইৰ শেষ পর্যন্ত লগত থকাৰ আশ্বাস দিয়ে। লগতে সংগঠনে মহিলাসকলৰ নিৰাপত্তা ৰক্ষা, অশ্লীল প্রদর্শনী বন্ধ কৰা সহ নিচা জাতীয় সামগ্রীৰ বন্ধৰ দাবীত দেশৰ আপামৰ গণতন্ত্র প্রিয় ছাত্র ছাত্রী সহ সকলো স্তৰৰ মানুহক ঐক্যবদ্ধভাৱে আগুৱাই অহাৰ আহ্বান জানাওঁ । ইয়াৰোপৰিও উক্ত দাবীসমূহক সন্মূখত ৰাখি এ আই ডি এছ ৰ সর্বভাৰতীয় কমিটিয়ে আজি ৪ নৱেম্বৰ ২০২৩ তাৰিখে সৰ্বভাৰতীয় ‘কলা দিৱস’ৰ আহ্বান দিয়ে । অসমতো এই উপলক্ষে গুৱাহাটী,নলবাৰী,লক্ষীমপুৰ,নগাওঁ ,কৰিমগঞ্জ সহ বিভিন্ন জিলাত ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৰপায়ন কৰা হয়।