বৰপথাৰলৈ ৰিঙিয়াই মাতে
যমুনা দুলু বৈশ্য
শুৱালকুছি
তোৰ উশাহতে আছো যে মই
পাহি মেলি শেৱালিয়েও
শৰৎ অভিমানত ঠেহ পাতে কিয়নো ।
অ” সপোন আহ কিয় ,বাৰে বাৰেনো
অনুভৱ বোৰে জোনাকৰ বুকুত
আজিও বলীয়া কৰে চোন ।
নিচুকাই জোন গ’লা নিশা
জেতুকা বুলীয়া দিনৰ কথা ভাবি
বৰপথাৰলৈ ৰিঙিয়াই মাতে ।
চিনাকী চানেকিৰে অচিনাকি
কিয়নো হোৱা
কাইটে বিন্ধাদি বুকুতে বিন্ধেহি ।