সেউজীয়া আচলৰ ছাঁত – কিশোৰ কুমাৰ কলিতা

PC Shutterstock
সেউজীয়া আচলৰ ছাঁত
কিশোৰ কুমাৰ কলিতা
হেপাঁহৰ আহিনীয়া বৰষুণজাকত তিতিছে
ভৰদুপৰীয়াৰ সেউজীয়া আপোন পথাৰখন
পিৰালীত বহি পিতাই বেঙামেলি চাই
দুখ নাথাকিলে কিহৰ এই সুখী জীৱন !
আবেলিটো লুকাই পজাটোৰ জোলোঙাত
সহোদৰ বুলিবলৈ বাহজোপা হলেওটো আছে !
চহা জীৱনৰো নানাৰঙী ছন্দ আছে
সাইলাখ ৰামধেনুখনৰ দৰেই।
জোন চোৱা কাহিনীৰ সাধু এটাৰ জোখাৰে
পথাৰখনে সুখী হবলৈ সকলো দিছে
আয়ে উদযাপন কৰে বিষাদৰ উজাগৰী ৰাতি
বোকোচাত কঢ়িয়াই হেৰুওৱাৰ এবোজা দুখ
তথাপিও নতুন প্ৰভাতৰ আশাত বন্দী এই জীৱন।
হৃদয় নাভাগিলে জীৱনৰ সাৰ্থকতাই বা কত !
খামি ডাঠ কৰি আগুৱাই জীৱনৰ বাট
এই যে পুৱা-দুপৰীয়া- আবেলি অথবা নিশাবোৰ !
আমিবোৰটো আজোককাৰ পথৰেই পথিক
এয়াইটো জীৱন
একাবেকা বাটৰ বিনন্দীয়া অজুহাত
সেউজীয়া আচলৰ ছাঁত ভাগৰ জিৰাই
দুখৰ বুকুত সুখী হোৱাৰ প্ৰয়াস … !