অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ  সমস্যা  – আস্কৰ আলী 

Pc Stockton University

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ  সমস্যা 

আস্কৰ আলী 

অসমীয়া বিভাগ,তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়

ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তত প্ৰচলিত নব্য-ভাৰতীয় আৰ্য ভাষাটোৱেই হৈছে অসমীয়া ভাষা। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ সন্দৰ্ভত ভালেকেইগৰাকী ভাষাবিদে নিজ নিজ মত আগবঢ়াইছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ সন্দৰ্ভত আগবঢ়োৱা এই মতসমূহৰো বিশেষ যুক্তি দেখিবলৈ পোৱা যায়। এই মতসমূহ পৰ্যালোচনা কৰি ক’ব পাৰি যে, অসমীয়া ভাষাৰ জন্ম সম্পৰ্কীয় মতসমূহৰ ভিতৰত প্ৰথম মত দুটাৰ সমৰ্থক সংখ্যাই বেছি। ইয়াৰ ভিতৰত প্রথম মতটোৰ সমর্থক অধিক। প্রথম মতটো অর্থাৎ মাগধী প্ৰাকৃতৰ মাগধী অপভ্রংশ (কোনো কোনোৰ মতে কামৰূপী অপভ্রংশ) ৰ পৰাই অসমীয়া ভাষা জন্ম হৈছে বুলি সাধাৰণভাৱে গ্ৰহণ কৰিব পাৰি। তদুপৰি অসমীয়া ভাষাৰ তদ্ভৱ শব্দবোৰৰ গঠন আৰু বিকাশ মাগধী ভাষাৰ শব্দবোৰৰ গঠন আৰু বিকাশ মাগধী প্ৰাকৃতৰ জৰিয়তে সুন্দৰকৈ ব্যাখ্যা কৰি দেখুৱাব পাৰি।

অসমীয়া ভাষা সম্পৰ্কীয় প্রথম উক্তিটো চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাত লক্ষ্য কৰা যায়। তেওঁৰ ভ্ৰমণ টোকাত মতে— ‘তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ।’ অসমীয়া ভাষা সম্পৰ্কে এইয়াই প্ৰথম দলিল স্বৰূপ ।হিউৱেচাঙৰ এই ঐতিহাসিক উক্তিৰ আধাৰত প্ৰমাণ কৰিব পাৰি যে, খ্ৰীষ্টিয় সপ্তম শতিকামানতেই অসমীয়া ভাষাই সুকীয়া ৰূপ লাভ কৰিছিল। অসমীয়া ভাষা সংস্কৃতৰ লগতে বিভিন্ন অনাৰ্য ভাষাৰ প্ৰভাৱ আৰু বিৱৰ্তনৰ স্বতন্ত্ৰৰূপে আত্ম-প্রকাশ কৰিছে। অসমীয়া ভাষাৰ বিশাল শব্দভাণ্ডাৰ প্রাচীন সংস্কৃত ভাষাৰ বুলি মত পোষণ কৰি অসমীয়া ভাষাৰ সৈতে সংস্কৃতৰ সম্পৰ্ক-সূত্ৰ পোনপ্ৰথমবাৰৰ বাবে নাথান ব্ৰাউনেই প্রতিষ্ঠা কৰিলে। অসম আৰু বংগৰ ‘বৰ্ণমালা’ সম্পর্কেও হলহেদে তেওঁৰ ব্যাকৰণৰ পাতনিত উল্লেখ কৰিছিল এনেদৰে “The Bengal letters, … less beautiful than the refined Shanskrit, but resembling it no less than Naagoree. They are used in Assam as well as in Bengal”. ‘সংস্কৃত মূলৰ ধাৰণা আমি উইলিয়াম কেৰীৰ A Grammar of the Bengallee Language (১৮০১) ৰ পাতনিখনতো পাওঁ।  কিন্তু নাথান ব্ৰাউনে ‘অসমীয়া ভাষা’ ৰ মূল যে সংস্কৃতৰ সেই বুলি কৈ তেওঁ নীৰৱ হৈ থকা নাই। ব্রাউনে বিভিন্ন জনগোষ্ঠীৰে ভৰা অসম ভূখণ্ডত প্ৰচলিত ভাষাটো নিৰীক্ষণ কৰি থলুৱা ভাষাভাণ্ডাৰ এটাৰ ওপৰত সংস্কৃত ভাষা জাপি দিয়াৰ ফলত এই ভাষাটোৰ সৃষ্টি হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছিল এনেদৰে “Whether it was itself a dialect of the Sanskrit, or whether it was formed by engrafting the Sanskrit upon some original native stock now extinct, is uncertain; the latter however, is the more probable opinion” নাথান ব্ৰাউনৰ এই মন্তবাৰ প্ৰায় এশ বছৰ পিছতহে ড৹  বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্ৰন্থ Assamese, its Formation and Development (১৯৪১) ত অসমীয়া ভাষাত অনার্য ভাষাৰ প্ৰভাৱৰ বিষয়ে আলাচনা কৰিছিল‌।

অসমীয়া ভাষা উদ্ভৱ কালৰ পৰা বৰ্তমানলৈ এক সুদীর্ঘ গতিত সৃষ্টি হোৱা সাহিত্যৰাজিৰ যুগ পৰিবৰ্তনত হোৱা বিষয়-বস্তু, ভাৱ-ভাষা, ৰূপ,ৰস-ৰীতি আদিৰ পৰিবৰ্তনলৈ লক্ষ্য কৰি অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰে নিজস্ব বিচাৰ আৰু যুক্তিৰে বিভিন্ন ভাগত ভাগ কৰিছে যদিও যুগ বিভাজন কৰাৰ ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীনো হ’বলগা হৈছে। ফলত যুগ বিভাজনৰ ক্ষেত্ৰত পণ্ডিত হেমচন্দ্ৰ গোস্বামী, কালীৰাম মেধি, দেৱানন্দ ভৰালি, ডিম্বেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, মহেশ্বৰ নেওগ, হৰিনাথ শৰ্মাদলৈ, হেমন্ত কুমাৰ শৰ্মা আদি পণ্ডিতসকলৰ মতৰ অমিল পৰিলক্ষিত হয়। অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত সৃষ্টি হোৱা এই সমস্যাসমূহৰ বিষয়ে আলোচনাৰ পূৰ্বে সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাজনৰ প্ৰয়োজনীয়তা বা সাহিত্যৰ বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰাটো অতি প্ৰয়োজনীয়।

সাহিত্য জাতিৰ দাপোন। এটা জাতিৰ সাহিত্যই ইয়াৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক আদি সকলো দিশৰ লগতে নান্দনিকতা আৰু কল্পনাৰ বিলাসীতাক সুন্দৰভাৱে প্ৰতিফলিত কৰে। সাহিত্যৰ মাজতেই জাতি, ধৰ্ম, ৰীতি-নীতি, সংস্কৃতি, সাজ-পোছাক আদি সোমাই থাকে। সাহিত্য হৈছে মানৱ জাতিৰ চিন্তাৰ অক্ষয় আৰু অমৰ ভঁৰাল।সাহিত্য জাতীৰ প্ৰকৃত পৰিচয়, সাহিত্যৰ অবিহনে কোনো জাতিয়ে জীয়াই থাকিব নোৱাৰে।এটা জাতিৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক, ধৰ্মীয়, সাংস্কৃতিক আদিৰ বিষয়ে জানিবলৈ , জাতিৰ অস্তিত্ব বুজিবলৈ হ’লে সেই জাতিটোৰ সাহিত্য বুৰঞ্জী অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়।

কিছুমান কিতাপৰ নাম মানেই সাহিত্যিৰ বুৰঞ্জী নহয়। যদি আমি কিতাপ এখনৰ আঁৰত লুকাই থকা মানুহজনৰ লগতে মানুহজনৰ আঁৰত লুকাই থকা সমাজ আৰু সময়ক অস্বীকাৰ কৰো  তেন্তে সেই কিতাপখনে সাহিত্যৰ বুৰঞ্জীত নিজৰ স্থান হেৰুৱাই পেলাব। গতিকে প্ৰকৃত সাহিত্যৰ বুৰঞ্জী হৈছে লেখকৰ কালক্ৰমিক বৰ্ণনা, সাহিত্যিক কৰ্ম আৰু ইয়াৰ পটভূমি আৰু সেই পটভূমিৰ সমাজ ব্যৱস্থা।

যুগৰ প্ৰভাৱ হৈছে সাহিত্যৰ চালিকা শক্তি। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক দিশবোৰ সলনি হয়; মানুহৰ ৰুচিও সলনি হয়। ফলত সাহিত্যই গঠন, বিষয়বস্তু, আদৰ্শ আদিও সলনি কৰে। পৃথিৱীত বিভিন্ন ধৰণৰ সাহিত্য আছে।সাহিত্য সৃষ্টিৰ কাৰণ, পৰিৱৰ্তনৰ ধাৰা, ইয়াৰ পটভূমি আদিৰ সবিশেষ সাহিত্যৰ বুৰঞ্জী অধ্যয়নৰ পৰা জানিব পাৰি। ড° সত্যেন্দ্রনাথ শৰ্মাদেৱৰ ভাষাত  “সাহিত্যৰ বুৰঞ্জী জাতি-বিশেষৰ ভাৱ-চিন্তা, কল্পনা-আদৰ্শ আৰু জীৱন ধাৰাৰ অভিব্যক্তি, সাহিত্যৰ যোগেদি প্ৰকাশ পোৱা বিভিন্ন যুগৰ ভাৱ-চিন্তা প্রকাশবাদী অভিজ্ঞতা আৰু আংগিকক পৰস্পৰৰ সূত্ৰত কামি বান্ধি-কাৰণ সম্পৰ্ক নির্ণয় কৰি জাতিৰ মানসিক বিকাশৰ ধাৰাটোৰ লগত পাঠকক পৰিচয় কৰি দিয়া সাহিত্যৰ বুৰঞ্জীৰ উদ্দেশ্য।”

Williams J . Long য়ে তেওঁৰ English Literature গ্ৰন্থত সাহিত্যৰ বুৰঞ্জী অধ্যয়নৰ পৰা আয়ত্ব কৰিব পৰা তিনিটা দিশৰ কথা উল্লেখ কৰে –

ক) সাহিত্যৰ বুৰঞ্জী অধ্যয়নে কোনো ভাষাৰ কিছু উৎকৃষ্ট গ্ৰন্থ পঢ়াৰ প্ৰতি পাঠকৰ আগ্ৰহ বৃদ্ধি কৰে, লগতে সাহিত্য কি তাক বুজিবলৈও সহায় কৰে।

খ) সাহিত্যৰ বুৰঞ্জীয়ে দেশৰ ঐতিহাসিক দিশৰ লগতে লেখকসকলৰ ব্যক্তিগত বৈশিষ্ট্যও উন্মোচন কৰে। এখন মহৎ গ্ৰন্থই কেৱল লেখকৰ জীৱনী আৰু চিন্তাধাৰাকে প্ৰতিফলিত নকৰে – সেই যুগৰ ধৰ্ম, যুগৰ প্ৰতিচ্ছবি আৰু জাতিৰ পৰম্পৰাগত আদৰ্শক প্ৰতিফলিত কৰে একোখন মহৎ গ্ৰন্থই ।

গ) সময়ৰ বিৱৰ্তনৰ লগে লগে সাহিত্যৰ জ্ঞান আৰু ৰূপ সলনি হয়। সাহিত্যৰ বুৰঞ্জীয়ে সাহিত্যৰ বিৱৰ্তনশীল গতিবিধি দেখুৱাই দিয়ে।

সাহিত্য জীৱনৰ লগত জড়িত। অৰ্থাৎ সাহিত্য জীৱন আৰু জগতৰ প্ৰতিফলন। আনহাতে, যুগৰ চালিকা শক্তিয়ে সাহিত্যক প্ৰভাৱিত কৰে। যুগৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ ভাষা, ৰূপ, ৰুচি আৰু শৈলীও সলনি হয়। ই কেতিয়াবা শক্তিশালী, কেতিয়াবা দুৰ্বল, কেতিয়াবা উন্নত, কেতিয়াবা অৱনমিত। সাহিত্যৰ বুৰঞ্জী অধ্যয়নে জীৱন আৰু জগতৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ লগতে যুগৰ প্ৰভাৱত সাহিত্যৰ পৰিৱৰ্তন আৰু স্বৰূপ বুজিবলৈ সহায় কৰে। Hudson য়ে তেওঁৰ ‘An Introduction to the Study of Literature’ৰ গ্ৰন্থত কৈছে –  “…. Thus in our study of literature on the Historical side we shall have to consider two things that continuous life, or national spirit in it, and the varying phases of that continuous life or, the way in which it embodies and expresses the changing spirit of successive ages.”

যুগ যুগ ধৰি বিভিন্ন যুগৰ ধৰ্মৰ আধাৰত একোটা ভাষাৰ সাহিত্যত বিভিন্ন গ্ৰন্থ ৰচনা হৈ আহিছে। সকলো ৰচনায়েই  বিষয়বস্তু, কৌশল, ভাষা, ৰচনা আদিৰ ফালৰ পৰা সমান নহয় আৰু সকলো গ্ৰন্থই মহৎ নহয়। সাহিত্যৰ বুৰঞ্জীয়ে পাঠকক বিভিন্ন যুগৰ বিভিন্ন লেখকৰ উৎকৃষ্ট ৰচনাসমূহ বাছনি কৰি পঢ়িবলৈ উৎসাহিত কৰে আৰু কোনো বিশেষ গ্ৰন্থৰ ভাল, বেয়া আৰু গুণৰ ধাৰণা এটা কৰিবলৈ শিকাই। উইলিয়াম জে লঙৰ মতে সাহিত্য বুৰঞ্জীৰ অন্যতম উদ্দেশ্য “যাতে ছাত্ৰ-ছাত্ৰীসকলে এনে গ্ৰন্থ বাছি লৈ পঢ়ি সাহিত্যৰ গতিপথৰ ধাৰণা ল’ব পাৰে।”

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ প্ৰথম সমস্যাটো হ’ল অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত সময়ৰ অনিশ্চয়তা। বিভিন্ন বিৱৰ্তনৰ মাজেৰে সংস্কৃতৰ পৰাই অসমীয়া ভাষাৰ জন্ম হৈছিল। কিন্তু সংস্কৃতৰ পৰা ই কেতিয়া উদ্ভৱ হৈ নিজস্ব ৰূপ লৈছিল তাৰ কোনো সঠিক আৰু ঐতিহাসিক প্ৰমাণ পোৱা নাযায়। খ্ৰীষ্টীয় সপ্তম শতিকাত চীনা ভ্ৰমণকাৰী হুয়েন চাঙে মন্তব্য কৰিছিল যে “তেওঁলোকৰ (কামৰূপবাসী) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ পৃথক” । ইয়াৰোপৰি উইলিয়াম কেৰী,নাথান ব্ৰাউন, বাণীকান্ত কাকতিদেৱৰ মতৰ ওপৰত চকু ফুৰাব পাৰি। এই মতসমূহ পৰ্যালোচনা কৰিলে কব পাৰি অসমীয়া ভাষাৰ উৎপত্তিৰ আৰত সংস্কৃত জড়িত। কিন্তু অসমীয়া ভাষাৰ প্ৰথম লিখিত উদাহৰণ চৰ্যাগীতত পোৱা যায়। বাণীকান্ত কাকতিৰ মতে এই চৰ্যাগীতসমূহ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচনা কৰা হৈছিল। আনহাতে অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন পোৱা গৈছে হেম সৰস্বতীৰ “প্ৰহ্লাদ চৰিত”ত । হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত ত্ৰয়োদশ শতিকাত ৰচিত।

চৰ্যাপদৰ চনাকালৰ পৰা  হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত অৰ্থাৎ ত্ৰয়োদশ শতিকালৈকে এই সময়ছোৱাত অসমীয়া সাহিত্যৰ কোনো সাহিত্যিক নিদর্শন বৰ্তমানলৈ নাই। এই সময়ছোৱাত কোনো সাহিত্য সৃষ্টি হৈছিল যদিও হয়তো কালৰ গতিত লয় পালে অথবা এতিয়ালৈ উদ্ধাৰ হোৱা নাই। গতিকে কোনটো যুগৰ পৰা অসমীয়া সাহিত্যৰ আৰম্ভণি বা আদিম যুগ বা উদীয়মান যুগ বুলি গণ্য কৰিব লাগে সেই যুগৰ বিভাজনত সমস্যাৰ সৃষ্টি হৈছে। সেয়ে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ৬০০ খ্ৰীষ্টাব্দৰ পৰা ৮০০ খ্ৰীষ্টাব্দলৈ ‘গীতিযুগ’ নামেৰে অসমীয়া সাহিত্যৰ প্ৰথম সময়ছোৱা সামৰি লৈছে। ড° বাণীকান্ত কাকতিদেৱে “এতিয়ালৈকে আবিস্কৃত উপাদানবোৰৰ পৰা ক’বলৈ গ’লে বিশেষত্বপূর্ণ অসমীয়া সাহিত্যৰ যুগ ১৪শ শতিকাৰ পৰা আৰম্ভ হয়” বুলি কৈ প্রথম যুগটোক ‘প্রাচীন অসমীয়া’ নামকৰণ কৰি চতুৰ্দ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ ধৰিছে।  একেদৰে ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই ‘চাৰ্যাপদ’, ‘শ্ৰীকৃষ্ণ কীৰ্তন’ আদিক ৯৫০ৰ পৰা ১৩০০ শতিকালৈকে প্ৰথম যুগ বুলি উল্লেখ কৰিছে।

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ দ্বিতীয়টো সমস্যা হ’ল লোক সাহিত্যৰ সময় নিৰ্ধাৰণৰ সমস্যা। জাতি এটাৰ লোক সাহিত্য হৈছে প্ৰাচীন কালৰে পৰা মৌখিকভাৱে প্ৰচাৰিত হৈ অহা গীত, প্ৰবাদ, সাঁথৰ, বেলাড, সাধুকথা, কিংবদন্তি আদিৰ সংকলন।” অৰ্থাৎ “জাতিটোৰ আদিম দিনৰে পৰা মুখে মুখে প্ৰচাৰিত সাহিত্যই হৈছে লোক-সাহিত্য।” লোক সাহিত্যত যেনেকৈ ইয়াৰ লেখকৰ নাম নাথাকে, সেইদৰে ই “অখ্যাত কবিৰ বিখ্যাত ৰচনা”। ঠিক তেনেদৰে লোক সাহিত্য নিৰ্দিষ্ট সময়সীমানির্ধাৰণ কৰিব নোৱাৰি৷ মানৱ সভ্যতা আৰু সংস্কৃতিৰ বীজতলীত লোক সাহিত্যৰ জন্ম হয়।  কিছুমান ঐতিহাসিক বেলাড আৰু কিছুমান ঐতিহাসিক গীতে ৰচনাৰ সময়ছোৱাৰ কিছু অন্তৰ্দৃষ্টি দিয়ে যদিও সাধুকথা,প্ৰবাদ, উক্তি, কাহিনী ইত্যাদিৰ ৰচনাৰ সময় নিৰূপণ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে তেজিমলাৰ সাধু, বিহুগীত, বনগীত, বিয়ানাম, আইনাম, ধাইনাম, হাতী মাউতৰ গীত, নাওখেল গীত, মাছ ধৰা গীত, পচলাৰ জুনা, নাঙলৰ জুনা আদিৰ কথা উল্লেখ কৰিব পাৰি। প্ৰাক-শংকৰী কবিসকলৰ ৰচনাত ফকৰা-যোজনাৰ প্ৰয়োগ দেখা যায়। সেয়েহে কব পাৰি প্ৰাচীন কালৰ পৰাই এইবোৰৰ ব্যৱহাৰ হৈ আহিছে। কিন্তু এই সমূহৰ সঠিক সময় নিৰ্ণয় কৰিব পৰা নাযায়।

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ তৃতীয় সমস্যাটো হ’ল প্ৰাক-শংকৰী যুগৰ কবিসকলৰ কাল আৰু ৰচনা সম্পৰ্কীয় সমস্যা। প্ৰাক-শংকৰী যুগৰ পাঁচজন কবি – হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী। প্ৰাক-শংকৰী যুগৰ কবিসকলে নিজৰ উদ্ভৱৰ কথা ক’তো উল্লেখ কৰা নাই । পৃষ্ঠপোষক ৰজাৰ কথা উল্লেখ আছে যদিও সেয়াও স্পষ্ট নহয় আৰু পৃষ্ঠপোষক ৰজাৰ সময়ৰ বিষয়ে ইতিহাসে সবিশেষ তথ্যও আমাক দিব নোৱাৰে।

হেম সৰস্বতীয়ে তেওঁৰ পৃষ্ঠপোষক ৰজা দুৰ্লভ নাৰায়ণৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে। দুৰ্লভ নাৰায়ণৰ ৰাজত্বকালক লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য আছে। পদ্মনাথ গোহাঞি বৰুৱাৰ মতে দুৰ্লভ নাৰায়ণে ১২৯৫ খ্ৰীষ্টাব্দৰ পৰা ১৩৩০ খ্ৰীষ্টাব্দলৈ কমতাপুৰত শাসন কৰিছিল — “নীলধ্বজ লোকান্তৰৰ পাছত তেওঁৰ পুতেক দুৰ্লভ নাৰায়ণ ১২৯৫ খৃঃত কমতাপুৰৰ ৰাজপাটত উঠে……….. দুৰ্লভ নাৰায়ণৰ লোকান্তৰৰ পিছত তেওঁৰ পুতেক আৰু নাতিয়েকসকলে খৃঃ ১৩৩০ চনৰ পৰা ১৪২০ চনলৈ ৰাজত্ব কৰে।”  চাৰ এডোৱাৰ্ড গেইটৰ মতে দূর্লভ নাৰায়ণে ১৩ শ শতিকাৰ শেষ ভাগত ৰাজত্ব কৰিছিল – . . . .Durlabh Narayana as a Raja of Kamata and, it it can be relied upon, he would seem to have ruled, at the end of the 13th century.”।

স্বৰ্ণ লতা বৰুৱাৰই তেখেতৰ গ্ৰন্থ A Comprehensive History of Assam (1986) ১৭৮ নং পৃষ্ঠাত এনেদৰে বৰ্ণনা কৰে “As part of the settlement in about 1330, Durlabhnarayan received from Dharmanarayan the custody of fourteen families of Brahmans and Kayasthas, one among whom was Candivara, the great-great-grandfather of Sankardev. The court poets of Durlabhnarayan (Hema Saraswati and Harivara Vipra) and Indranarayan produced literary works that are considered to be the first examples of Early Assamese.

কনকলাল বৰুৱাদেৱৰ মতে দূর্লভ নাৰায়ণৰ ৰাজত্ব কাল ১৪শ শতিকাৰ দ্বিতীয়-চতুর্থাংশ – “We can, therefore, place Durlabh Narayana’s reign about the second quarter of the fourteenth century.” । কালিৰাম মেধি ডাঙৰীয়া আৰু ড° বাণীকান্ত কাকতিদেৱৰ মতে ১৩শ শতিকাৰ শেষ ভাগত দূর্লভ নাৰায়ণে ৰাজত্ব কৰিছিল। ড° হৰিনাথ শৰ্মাদলৈদেৱৰ মতে দুৰ্লভ নাৰায়ণে ১৩শ শতিকাৰ শেষাংশৰ পৰা ১৪শ শতিকাৰ প্রথমাংশৰ ভিতৰত ৰাজত্ব কৰিছিল। এনেদৰে প্ৰাক্-শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী যাক শঙ্কৰদেৱে ‘অপ্রমাদী’ কবি বুলি উল্লেখ কৰি গৈছে তেওঁৰ জীৱন কালক লৈও পণ্ডিতসকলৰ মাজত মতানৈক্য আছে। মাধৱ কন্দলীয়ে তেওঁৰ পৃষ্ঠপোষক বৰাহী ৰজা মহামাণিক্যৰ কথা উল্লেখ কৰিছে। মহামাণিক্যৰ ৰাজত্ব কাল পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে খৃঃ চতুৰ্দ্দশ শতিকাৰ মাজ ভাগ বুলি মন্তব্য কৰিছে। ড° সত্যেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই মাধৱ কন্দলীৰ সময় চতুৰ্দ্দশ শতিকা, কনকলাল বৰুৱাদেৱে চতুৰ্দ্দশ শতিকাৰ শেষৰ ফালে, কালিৰাম মেধি ডাঙৰীয়াই চতুৰ্দ্দশ শতিকাৰ মাজ ভাগ, ড° মহেশ্বৰ নেওগদেৱে চতুৰ্দ্দশ শতিকা; ড° বাণীকান্ত কাকতিদেৱৰ মতে মাধৱ কন্দলীক চতুৰ্দ্দশ শতিকাতকৈ আগলৈ আনিব নোৱাৰি – “Madhava Kandali can not be placed later then the fourteenth century” বুলি মন্তব্য দাঙি ধৰিছে। আনকি মাধৱ কন্দলীৰ কাব্য কৃতি সম্পর্কেও পণ্ডিতসকলৰ মাজত মত বিৰোধ দেখা যায়। মাধৱ কন্দলীৰ ভণিতাত ‘দেৱজিত’ নামৰ এখন কাব্য পোৱা গৈছে। কোনো কোনো পণ্ডিতে ‘দেৱজিত’ কাব্যখন মাধৱ কন্দলীৰ ৰচনা নহয় বুলি ক’ব বিচাৰে। আনহাতে, পণ্ডিত হেমচন্দ্ৰ গোস্বামীদেৱে “মাধৱ কন্দলীয়ে লিখা আমি কেৱল দুখন গ্রন্থহে দেখিছো – সপ্ত কাণ্ড ৰামায়ণ আৰু দেৱজিত কাব্য” বুলি কৈছে। ড° শৈলেন ভৰালীদেৱেও দেৱজিত মাধৱ কন্দলীৰে ৰচনা বুলি দৃঢ় মত ব্যক্ত কৰিছে। এনেবোৰ কাৰণতে প্ৰাত শঙ্কৰী যুগৰ কবিসকলৰ সঠিক সময় নিৰূপণ আৰু কাব্য কৃতি সম্পৰ্কত সমস্যাই দেখা দিয়ে।

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ চতুৰ্থ সমস্যা মহাপুৰুষ শংকৰদেৱৰ জন্ম তাৰিখ । এই সন্দৰ্ভত বিভিন্ন মতামত আছে। শংকৰদেৱৰ দ্বিতীয় তীৰ্থযাত্ৰাৰ পিছৰ সময়ছোৱা অতি গুৰুত্বপূৰ্ণ। ধৰ্ম প্ৰচাৰৰ উপৰিও শংকৰদেৱে এই সময়ছোৱা সাহিত্য সৃষ্টিৰে ভৰাই তুলিছিল। কিন্তু শংকৰদেৱে দ্বিতীয় তীৰ্থযাত্ৰা কৰা বয়সত পণ্ডিতসকলৰ মতানৈক্য। যদিও এই পাৰ্থক্যবোৰে যুগ বিভাজনত প্ৰত্যক্ষভাৱে সমস্যাৰ সৃষ্টি নকৰে, তথাপিও সাহিত্যৰ চৰিত্ৰায়ন আৰু ৰচনাৰ ক্ৰমৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰে।

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ পঞ্চম সমস্যা হ’ল শংকৰী আৰু উত্তৰ শংকৰী যুগত বহু সাহিত্যিকে সমসাময়িক  বিখ্যাত সাহিত্যিকৰ নামত নিজৰ ৰচনা প্ৰকাশ। যেনে ‘ভূষণ-হৰণ’, ‘কোটোৰা খেলা’, ‘ৰস ঝুমুৰা’ আৰু ‘ব্ৰহ্মমোহন’ নাটকৰ নাম মাধৱৰ নামেৰে প্ৰচলিত হৈছে যদিও এইবোৰ তেওঁৰ ৰচনা নহয়; পণ্ডিতসকলৰ মতে আন কোনোবা নাট্যকাৰে মাধৱদেৱ নামেৰে তেওঁৰ ৰচনাৰ প্ৰচাৰ কৰিছিল। এই সময়ছোৱাত বহু ৰচনা লিখা যদিও আজিলৈকে উদ্ধাৰ হোৱা নাই। গোবৰ্ধন যাত্ৰা, নৰসিংহ যাত্ৰা, ৰাম যাত্ৰা আদি উদ্ধাৰ হোৱা নাই। যুগ বিভাজনৰ উদ্দেশ্য হৈছে বিভিন্ন পৰিবেশ আৰু সময়ত ৰচিত সাহিত্যৰ কালক্ৰমিক বিৱৰণ উপস্থাপন কৰা। কিন্তু প্ৰক্ষেপ কৰা আৰু উদ্ধাৰ হোৱা নাই বুলি অনুমান কৰা সাহিত্যিক ৰচনাৰ প্ৰকৃত তথ্য উপস্থাপন কৰিব নোৱাৰাটো সাহিত্য যুগৰ বিভাজনৰ এক অনিবাৰ্য সমস্যা।

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ষষ্ঠ সমস্যা হল যুগ বিভাজন, নামাকৰণ, আলোচনীৰ লগতে লেখকসকলৰ যুগ বিভাজনত সঠিক স্হান নিৰূপণ। দেখা যায় যে বহু সাহিত্য বুৰঞ্জীবিদে শংকৰদেৱৰ যুগক বৈষ্ণৱ আৰু শংকৰদেৱৰ আগৰ সময়ছোৱাক প্ৰাক-বৈষ্ণৱ আৰু পিছৰ সময়ছোৱাক বৈষ্ণৱৱোত্তৰ  বুলি ভাগ কৰি নামাকৰণ কৰিছে। কিন্তু অধিক নিৰীক্ষণত শংকৰদেৱৰ আগৰ কবিসকলেও বিষ্ণুক মহিমামণ্ডিত কৰি শ্লোক সৃষ্টি কৰিছিল। হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ক প্ৰথম অসমীয়া বৈষ্ণৱ কবিতা বুলি কলিৰাম মেধিয়ে তৰ্কসাপেক্ষভাৱে মন্তব্য কৰিছে। গতিকে বৈষ্ণৱ যুগ আৰু বৈষ্ণৱৰ পূৰ্বৰ আৰু বৈষ্ণৱৰ পিছৰ যুগ নিৰ্ণয় কৰাটো পাঠকৰ বাবে টান।

দেখা যায় যে, বহুতো সাহিত্যৰ বুৰঞ্জীকাৰে যুগ বিভাজনত শঙ্কৰদেৱৰ সময়ছোৱাক বৈষ্ণৱ আৰু শঙ্কৰদেৱৰ পূৰ্বৱৰ্তী সময়ছোৱাক প্রাক্-বৈষ্ণৱ, পিছৰ খিনিক উত্তৰ বৈষ্ণৱ বা বৈষ্ণৱোত্তৰ যুগ বুলি চিহ্নিত কৰিছে। কিন্তু দকৈ গমি চালে শঙ্কৰদেৱৰ পূৰ্বৱৰ্তী কবিসকলৰ হাততো বিষ্ণু মাহাত্ম্যসূচক পদ সৃষ্টি হৈছিল। কালিৰাম মেধি ডাঙৰীয়াই হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিতক যুক্তি সহকাৰে প্ৰথম অসমীয়া বৈষ্ণৱ কাব্য বুলি মন্তব্য আগবঢ়াই গৈছে। একেদৰে শংকৰদেৱৰ পিছৰ কালত বহু বৈষ্ণৱ গীত, কবিতা আৰু নাটক ৰচনা হৈছিল। যাৰ বাবে বৈষ্ণৱ যুগ আৰু বৈষ্ণৱৰ পূৰ্বৰ আৰু বৈষ্ণৱৰ পিছৰ যুগ নিৰ্ণয় কৰাটো  বাবে টান।

১৮৪৬ চনত ‘অৰুণোদয়’ আৰু ১৮৮৯ চনত ‘জোনাকী’ কাকতখনে অসমীয়া সাহিত্যলৈ আধুনিকতা আৰু ৰোমান্টিকতাৰ জোৱাৰ আনিছিল। অসমীয়া সাহিত্যৰ এই সময়ছোৱা অৰুণোদয় যুগ আৰু জোনাকী যুগ নামৰ দুই যুগান্তকাৰী আলোচনীৰ নামেৰে নামাকৰণ কৰা হৈছে। কেইবাখনো সাহিত্য বুৰঞ্জীত এই দুখন কাকতৰ সামগ্ৰিক বৈশিষ্ট্য আৰু ইয়াৰ লগত জড়িত লেখকসকলৰ সাহিত্যিক ৰচনাৰ চমু পৰিচয় দিয়া হৈছে যদিও ইয়াৰ লগত জড়িত নোহোৱা লেখকসকলৰ পৰিচয় আৰু সাহিত্যিক ৰচনাৰ বিষয়ে বিতং আলোচনা কৰা হোৱা নাই। ইয়াৰোপৰি কিছু যুগৰ নাম সাহিত্যৰ বুৰঞ্জীত ব্যক্তি বিশেষ। ব্যক্তি বিশেষ হলে এজনক বুজাই। কোনোবা এজন ব্যক্তিৰ প্ৰভাৱৰ ওপৰত যুগৰ নামাকৰণ যুক্তিসম্পন্ন নহয়।ইয়াৰ ফলত বহু ভাল সাহিত্যিকে সাহিত্যৰ বুৰঞ্জীত স্হান হেৰাই।

অসমীয়া সাহিত্যৰ ইতিহাসত আলোচনীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিছুমান সাহিত্য বুৰঞ্জীবিদে অসমীয়া সাহিত্যৰ যুগবোৰ বিভাজিত কৰাত আলোচনীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনী এখনৰ নামেৰে সেই সময়ছোৱাৰ নাম ৰখাটো পছন্দ কৰিছে। যেনে ‘অৰুণোদয় যুগ’, ‘জোনাকী যুগ’, ‘জয়ন্তী যুগ’ ইত্যাদি কিন্তু দেখা যায় যে কেতিয়াবা কোনোবা সাহিত্যিকে এখন কাকতত লিখিবলৈ আৰম্ভ কৰিছিল আৰু আন আলোচনীতো সবলভাৱে লেখা অব্যাহত ৰাখিছিল। গতিকে যুগ বিভাজনত এনে লেখকসকলক কোন যুগত বিবেচনা কৰা উচিত; এনেবোৰ বিষয়ত বহু সমস্যাৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, অৰুণোদয় যুগৰ শেষৰ ফালে কমলা কান্ত ভট্টাচাৰ্যই যি সাহিত্যিক কাম আৰম্ভ কৰিছিল, সেই সাহিত্য ৰচনা আছাম নিউজ, আছাম বন্ধু, জোনাকী, বাঁহী আৰু উষাৰ মাজেৰে গৈ আৱাহন যুগৰ আৰম্ভণিতে শেষ হৈছিল। এই কাৰণতে একাংশ সাহিত্য বুৰঞ্জীবিদে ভট্টাচাৰ্যক প্ৰাক-ৰোমান্টিক সাহিত্যিকসকলৰ লগত স্থান দিছে, আনহাতে ড° হৰিনাথ শৰ্মাই তেওঁক ৰোমান্টিক যুগৰ ভিতৰত স্থান দিছে। একে উদাহৰণ আমি মামণি ৰয়ছম গোস্বামীৰ ক্ষেত্ৰতো লব পাৰোঁ। মামণি ৰয়ছম গোস্বামী ৰামধেনুৰ শেষৰ যদিও তেখেতক ৰামধেনু যুগত ধৰা হৈছে।

অসমীয়া সাহিত্যৰ আধুনিক যুগ ১৮৪৬ চনৰ পৰা আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয় যদিও দৰাচলতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ কালতহে আধুনিকতাৰ সম্পূৰ্ণ চিন দেখা গ’ল। বহু লেখকে এই যুগটোক উত্তৰ আধুনিকতাবাদী সাহিত্য বুলি চিনাক্ত কৰিব বিচাৰে, কিন্তু আচলতে আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদৰ মাজৰ সীমা সাহিত্যত স্পষ্ট নহয়, সাহিত্যত দেখা দিয়া লক্ষণ মাথোঁ। অসমীয়া সাহিত্যৰ যুগ বিভাজনতো এয়া এক সমস্যা।

যুগ বিভাজনৰ সপ্তম সমস্যা হ’ল সাহিত্যৰ সমল সমূহক উপেক্ষা। সাহিত্যৰ অন্য সমলৰ তুলনাত সাহিত্যৰ বুৰঞ্জীত প্ৰৱন্ধ সাহিত্য ,বিজ্ঞান সাহিত্য,স্বাস্থ্য সাহিত্য,থিয়েটাৰ সাহিত্য,চৰ-চাপৰিৰ সাহিত্য আৰু নাৰী নাট্যকাৰক সাহিত্যৰ বুৰঞ্জী এতিয়ালৈকে স্হান দিয়া হোৱা নাই । বিশেষকৈ নাৰী সাহিত্যিক সকলক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পৰা উপেক্ষা কৰা হৈছে। সাহিত্য বুৰঞ্জীসমূহত কেৱল মাত্ৰ লিখিত সমলসমূহকহে স্হান দিয়ে। লিখিত সাহিত্যই কেৱল সাহিত্য নহয়,মৌখিক সাহিত্য,দৃশ্যমান সাহিত্যও সাহিত্য।

সাহিত্য বুৰঞ্জীৰ যুগ বিভাজনৰ নৱম সমস্যা হ’ল ডিজিটেল সাহিত্যক উপেক্ষা। বৰ্তমানত ডিজিটেল সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰ অধিক। সামাজিক মাধ্যম সমূহ সাহিত্য প্ৰচাৰৰ এক নতুন বাট।বিংশ শতিকাৰ শেষৰ দশকত আধুনিক বিশ্বত ই-প্ৰযুক্তিৰ বহু দিশে ব্যাপক ব্যৱহাৰ লাভ কৰিছে। সামাজিক মাধ্যমে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ ক্ষেত্ৰখন অতি গতিশীল, আৰু ই সমসাময়িক আৰু ঐতিহাসিক পৰিস্থিতিৰ পৰিশোধিত সংস্কৰণ। অৱশ্যে ইয়াত প্ৰকাশিত প্ৰবন্ধ আৰু তথ্যসমূহ সম্পাদনাহীন। অৱশ্যে আমি স্বীকাৰ কৰিব লাগিব যে এই মাধ্যমে সাহিত্য সৃষ্টি আৰু মনোভাৱ প্ৰকাশৰ বাবে এক মঞ্চ প্ৰদান কৰিছে ।

সামাজিক মাধ্যমৰ সহায়ত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে অসমীয়া ভাষাক সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত ল’ব পাৰি। আমি মনত ৰাখিব লাগিব যে অসমৰ বাহিৰত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বহু অসমীয়া মানুহ বসবাস কৰি আছে। বিশ্বায়নে সমগ্ৰ বিশ্বক গোলকীয় গাঁওলৈ ৰূপান্তৰিত কৰিছে আৰু এই মাধ্যমে প্ৰবাসী অসমীয়াক অসমীয়া ভাষাৰ ওচৰলৈ লৈ আনিছে।ইতিমধ্যে কেইবাখনো উৎকৃষ্ট গ্ৰন্থ,উপন্যাস সামাজিক মাধ্যমৰ পিছতে ছপা হৈ প্ৰকাশিত হোৱা আমাৰ চকুত পৰিছে। কৌশিক নন্দন বৰুৱাৰ তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰীক কেম্পাছ উপন্যাস “নিৰিবিলি” নৱপ্ৰজন্মৰ মাজত খুবেই চৰ্চিত। এই উপন্যাসখন ২০২২ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ মণিকূট প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হয় । ফেচবুকত প্ৰকাশ হোৱাৰ পাছতহে পঢ়ুৱৈৰ দাবীত এই উপন্যাসখন ছপা হৈ আহিছে।এনে উদাহৰণ বহুত আছে। এই ডিজিটেল সাহিত্য সমূহকো সাহিত্যৰ বুৰঞ্জীত স্থান দিয়া প্ৰয়োজন।

এই সমস্যাসমূহৰ ওপৰিও সত্তৰ দশকৰ পিছৰ সাহিত্যক আমি নতুনকৈ সাহিত্যৰ বুৰঞ্জীৰ পাতত বিভাজন কৰি দেখুৱাৰ প্ৰয়োজন আছে বুলি কব পাৰি। ইতিমধ্যে প্ৰকাশিত সাহিত্য বুৰঞ্জী সমূহত সত্তৰ দশকৰ পিছৰ কালছোৱাৰ কোনো আলোচনা নাই। ইতিমধ্যে স্বীকৃতি প্ৰাপ্ত সাহিত্যৰ বুৰঞ্জী সমূহ সংস্কৰণ আৰু সংশোধন কৰা হোৱা নাই। প্ৰকাশিত বুৰঞ্জী সময়ত ৭০ দশকলৈকে হে আলোচনা পৰ্যালোচনা কৰা হৈছে । গতিকে ৭০ দশকৰ পিছৰ সাহিত্যৰাজিক সাহিত্যৰ বুৰঞ্জী স্হান দিয়া প্ৰয়োজন আছে সাহিত্য বুৰঞ্জী সময় অনুযায়ী সংস্কৰণ নোহোৱাটোও সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাজনৰ এক উল্লেখযোগ্য সমস্যা বুলি ধৰিব পাৰি।