এখন স্কুটি আৰু এটা দূখীয়া পৰিয়াল
অভিজিত বৰা, কলিয়াবৰ
প্ৰায় ৫ বছৰৰ পাছত ৰমেন আজি ঘৰলৈ আহিছে । আহত তলৰ দোকানৰ ওচৰতে গাড়ীৰ পৰা নামি কলেজৰ বাটেৰে ঘৰ মুৱা হ’ল। কলেজৰ বাটেৰে আহি থাকোঁতে তাৰ এনেকুৱা অনুভৱ হ’ল যে এই ৫বছৰত কলেজ খনৰ বহুত কিবাকিবি সলনি হৈ গ’ল । সুন্দৰ পৰিবেশ সেউজীয়া ৰঙৰ ডাঙৰ ডাঙৰ বিল্ডিং নিলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পায় উঠা কলেজ দেৱালৰ ছবি বোৰ । কলেজখনত সোমালে মনটো কিবা বেলেগ এখন পৃথিৱীত থকাৰ দৰে হৈ পৰে । কলেজত সোনালী জয়ন্তী উপলক্ষে বনোৱা কলেজৰ গেটত সোনালী আখৰেৰে লিখা কলিয়াবৰ মহাবিদ্যালয় , সেই ঠাইতে ৰৈ এখন selfie উঠি অতীতৰ কলেজীয়া স্মৃতি বোৰ সোৱৰী Facebook ত post এটা দি ,সি ঘৰমুৱা হ’ল।খোজ কাঢ়ি কাঢ়ি আহি সি গাঁৱৰ তিনিআলিটো পালেহি । সি দেখিলে গোলাপকাই দোকানখন বন্ধ দেখোন বন্ধ মানে বন্ধ হোৱা দিন হ’ল যেন লাগিছে গছৰ পাতৰে ছাল ভৰি আছে ,বেৰৰ মাটি খহি আবস্থা নাই , সি ৰৈ নাথাকিল ঘৰলৈ খোজ ললে।আহি থাকোঁতে গাৱৰ দাদা, বাইদেউ নবৌ, ভন্টি খুৰা সকলোকে ৰমেন ঘৰলৈ অহা জাননী দি আহি আহি গোলাপকাই পদুলী পালে চিঞৰি চিঞৰি মাত লগালে গোলাপকাই কি হ’ল দোকান বন্ধ যে কিয়? গোলাপৰ সেমেকা উত্তৰ আলপ দিন হ’ল বন্ধ ই ৰাখিছোঁ অ বোপাই ।ৰমেন গৈ গোলাপৰ ওচৰ পালেগৈ ,কিয় বন্ধ ৰাখিছে কাইদেউ। গোলাপঃ কিনো কম জীৱনত যেতিয়া দুখৰ দিন আহে নহয় নিজৰ ছাঁ টোৱেও লগ এৰা দিয়ে বুজিছ। ৰমেনঃআৰে কি হৈছে বুজায় ক আৰু লিলি ক’ত তাইতো হাইচেকেন্দাৰী পৰিক্ষাত 1st devison পাইছিল ৰঙা স্কুটি পাই পোৰা আনন্দ চাগে (হেহেহেই বুলি হাহি এটা মাৰিলে)। গোলাপঃ (খঙত কোৱাদি) সেই খনেতো কাল হ’ল আমাৰ জীৱনৰ ।
ৰমেনঃ অ গোলাপ কাই কি হ’ল বুজায় ক (অ লিলি লিলি বুলি ৰমেনে চিঞৰিব ধৰিলে) হুইলচিয়াৰৰ চকা পকাই পকাই লিলি ওলাই আহিল । লিলিৰ অবস্থা দেখি ৰমেন হতভম্ব হৈ পৰিল, চকুত চকুপানী ভৰি পৰিল ।সি ভাবিব ধৰিলে (কালিলৈকে Army officer হোৱা সপোন দেখা ছোৱালী জনীৰ সপোন বোৰ আজি চিচা আইনা ভঙা দি ভাঙি গ’ল ) ৰমেন একেঠাইতে থৰ হৈ ৰৈ গ’ল । লিলিৰ মাতত ৰমেন ভাবনাসাগৰৰ পৰা ঘুৰি আহিল। ৰমেনঃ কি হ’ল তোৰ এই বোৰ লিলি, লিলিঃ একো নকলে মাথো চকুপানীৰে বুজাব খুজিলে। (গোলাপে কব ঘটনাটোৰ কথা)
গোলাপঃ সেই দিনা ডিচেম্বৰ মাহৰ ৭ তাৰিখ আছিল । আমাৰ লিলিয়ে চৰকাৰৰ পৰা উপহাৰ পাইছিল স্কুটি খন, হাজাৰ দুখৰ মাজতো মনত এটা ষ্ফুটি ,নিজে কিনি দিয়াৰ সকতি নাই যদিও ছোৱালীয়ে চৰকাৰৰ পৰা এটা ডাঙৰ উপহাৰ পালে বুলি ভাবি লোক। কিন্তু কি হ’ব আনাৰ পাছ দিনাৰ পৰাই সেই খনত ১০০ টকাৰ তেল ভৰাব লাগে । যেনে তেনে দোকান খন দি চলি আছিলো কেতিয়াবা বিক্ৰী হয় কেতিয়াবা নহয় । ৩০০ টকাৰ বিক্ৰী হলে ১০০ তাইক দিও তেল ভৰাবলে , ১০০ঘৰৰ বজাৰ ১০০দোকানৰ তামোল পান আনো যেনে তেনে চলি আছিলো আৰু।সেই দিনা কলেজৰ ল’ৰা দুটা আহি খবৰ দিলে আমাৰ লিলিৰ বোলে এক্সিডেন হৈছে ততাতৈয়াকৈ গলো তাইক তেতিয়া জখলাবন্ধা হস্পিটেলত ভৰ্তি কৰিছিল আছুৰ লৰা কেইটাই। ডাক্তৰে তেজপুৰ নিবলৈ কলে , তেজপুৰ নি মিছন হস্পিটেলত ভৰ্তি কৰিলো তাত প্ৰায় ২০ দিন মান ৰাখিলোঁ ব্ৰেনত তেজ জমা হ’ল ভৰি ভাঙিল । প্ৰায় ২লাখ টকা খৰচ ঘৰৰ ভেঁটিটোয়ো বিক্ৰী কৰিব লগিয়া হ’ল । চৰকাৰৰ পৰা একো সহাৰি নাপালোঁ । স্কুটি খন বেছিব খোজোতে চৰকাৰী গাড়ী বুলি কোনেও ল’ব নিবিচাৰে কিনিব আহিলে ১৫-২০ হাজাৰ দিয়ে ।এখন স্কুটিয়ে আমাৰ জীৱনৰ দিনবোৰ সলাই দিলে অ ৰমেন ( চিঞৰি চিঞৰি কান্দিলে গোলাপে) ৰমেনে মানুহ জনক সান্তনা দি ওচৰত থকা চকী খনত বহাই কলেঃ আচলতে কি জানে গোলাপ কাই চৰকাৰে স্কুটি খন দিছে আমি বেয়া পোৱা নাই । এজন মেধাৱী ছাত্ৰ বা ছাত্ৰীৰ উপহাৰ স্কুটিয়ে যে হ’ব লাগিব তেনেকুৱা নহয় ।অসমত বহুত ল’ৰা ছোৱালীয়ে 1st division ,star ,distinction পাইছে তাত ধনী ঘৰৰ বা দুখীয়া ঘৰৰ বহুত ল’ৰা ছোৱালী আছে সকলোৰে মে স্কুটি খনে প্ৰয়োজন বুলি মই নাভাবো । চৰকাৰে যদি এই ছাত্ৰ ছাত্ৰী সকলক উচ্চ শিক্ষাৰ বাবে পইচায়ে দিলে হয় হয়তো সেই পইচা সৎ কামত ব্যৱহাৰ হ’ল হয় । আৰু লিলিৰ দৰে বহু ল’ৰা ছোৱালীৰ সপোন ভাগি নগল হয় । আৰু কি জানে এই আইজনী, বাইদেউ, পেহীদেউ আঁচনি বোৰ বনাই টকা কেইটামান বিলাই থকাত কৈ চৰকাৰে অসমত যদি ভাল ইন্দাষ্টি কেইটামান বনালে হয় বহু অসমীয়া নিবনুৱাৰ কৰ্মস্থান হায়দৰাবাদ নহয় অসম হ’ল হয় ।
গোলাপঃ তই ঠিকেই কৈছ লংকা পালে চব ৰাৱণ হৈ যায় ।
ৰমেনঃ নহয় কাইদেউ লংকালে ৰাম আৰু হনোমানো গৈছিল লংকাত ৰাজত্ব কৰিবলে নহয় । বাৰু আমি সৰু মানুহ এইবোৰ কথা পাতি লাভ নাই ,মই যাও ,তই কাম এটা কৰিবি লিলিক মেডিকেল ৰ পৰা কাগজ বোৰ ঠিক কৰি থবি কালিলৈ MLA ওচৰৰ পৰা আহিম গৈ । তোৰ ভেটিতো গ’লে ক’ত থাকিবি । তোকতো ৰাষ্টাৰ অঘৰী হ’ব দিব নোৱাৰো এখন স্কুটিৰ কাৰনে ।।