বিপথগামী – অনিতা গগৈ

বিপথগামী 
অনিতা গগৈ
নগাঁও 
  •  কোনফালে যোৱা একেবাৰে সাঁজি কাঁচি ওলালা ..!  ?
  •  জানিনো কি কৰিবা এনেয়ে এপাক মাৰি আহো  ?”
  • ”  তোমাৰ লগত কথা কেইটামান আছিল যদি সময় হয় শুনি যোৱা।”
  • “শুনিব পাৰিম কিন্তু মুডটো অফ কৰি নিদিবা ৷”
  • ” মোৰ কথাবোৰ কেতিয়াৰ পৰা ইমান বেয়া লগা হ’ল  মোৰ কথা শুনিলে তোমাৰ মুড অফ হয় ৷ আগতে দেখোন কিবা এটা কোৱাচোন ইমান মনে মনে আছা কিয় এনেকৈয়ে কোৱা , আজি মোৰ কথাই তোমাৰ মুড অফ কৰি দিব নে ? “
  • ” নহয় মানে তুমি সকলো সময়তে মোক খোচা বিন্ধা কৰাৰ সুবিধা এটা বিচাৰি ফুৰা যে ৷”
  • “সেইকণ সুবিধা তুমিয়ে জানো দিয়া নাই তোমাৰ চাল চলন ,আচৰণেই মোক তেনে হবলৈ বাধ্য কৰালা ৷”
  • “অ হেল্ল মই কি কৰিলো কোৱাচোন ?”
  • ” কবলৈ বহুতেই আছে কিন্তু তুমি প্ৰমাণ বিচাৰিবা গতিকে এইবাৰ প্ৰমাণ গোটাই লৈছো , কিয় মুখখন ক’লা পৰি গ’লযে একো নোকোৱা নেকি ?”
  • “মোৰ দেৰি হৈছে —- ৷”
  • “এতিয়া কেৱল তোমাক মই কৈছো যদি শুদ্ধ পথ নোলোৱা তেন্ত পৰিয়ালৰ ডাঙৰৰ পৰা পৰামৰ্শ লম ৷”
  • “তুমি মোক ভয় খোৱাইছা নেকি ?”
  • “নাই নাই ৰাস্তা দেখাইছো ৷ মোৰো বেয়া লাগে পৰিয়ালৰ মানুহে তোমাক যদি ঘৃণাৰ চকুৰে চায় ৷”
  • “তোমাৰ যি মন যায় তাকে কৰিব পাৰা মই যাওঁ ৷”
  • “ক’ত যোৱা জীনুৰ ওচৰলৈ —- জীনু আজি আমাৰ ঘৰলৈ আহিছিল ৷”
  • “কো–ন কো–ন জীনু মইতো কোনো জীনু নামৰ ছোৱালী চিনি নাপাওঁ ৷”
  • “ছোৱালী নহয় বোৱাৰী মই তোমাৰ মোবাইলত দি দিছো চোৱা ৷ “
  • ” এইয়া তাই কেতিয়া তুলিলে ৷”
  • “তাইৰ বেদৰুমত চি চি কেমেৰা আছিল ৷ সেয়ে ঘৰত গিৰিয়েক নথকাৰ সুযোগ লৈ  লোকৰ বেদৰূম পাবগৈ নালাগে ৷”
  • “মোক ব্লেকমেইল কৰে মই চাই লম ৷”
  • “আৰু অঘটন ঘটাৰ আগতেই মই জিনুক সকিয়াই দিছো যদি ব্লেকমেইল কৰে তেন্তে তাই আৰু গিৰিয়েকৰ মাজত বিবাহ বিচ্ছেদৰ বাবে চলি থকা কেচটোত এইবোৰ দেখাই দিম তাই গিৰিয়েকক দাবী কৰামতে টকা নাপাব ৷ লগতে তোমাক কৈ থলো যদি আকৌ তালৈ যোৱা গ’ম পাওঁ বা তেনে পথ লোৱা বুলি জানো  তেতিয়া মই পৰিয়ালৰ মানুহ গোটাম ৷”
  • “মোৰ ভুল হৈ গ’ল তুমি এনে নকৰিবা মই আৰু কেতিয়াওঁ নাযাওঁ ৷ তুমি মোক যি শাস্তি দিয়া তাকে মানি চলিম ৷”
  • ” তুমি আজিৰ পৰা ৰামুৰ ৰূমত থাকিবলৈ লবা ৰামুৱে আমাৰ ঘৰত আৰু কাম নকৰে তাক মাক দেউতাকে বিয়া পাতি দিবৰ বাবে মাতি পঠাইছে  ৷ “
  • ” কি–ই–ই- ৷
সমাপ্ত