এজনী নাৰীৰ বিলাপ – এছ ইছলাম

এজনী নাৰীৰ বিলাপ
এছ ইছলাম, শিক্ষক, বৰপেটা
পৰ্বতে-পাহাৰে নগৰে-চহৰে
ভাগৰি পৰিলোঁ তোমাক বিচাৰি
বয়স হ’ল মোৰ তিনি কুৰি
তথাপি আছোঁ তোমাৰ আশা কৰি।
তুমি মোৰ জীৱনৰ
প্ৰথম সপোন
তোমাক মই কৰিছিলোঁ
বুকুৰ আপোন
পাহৰা নাই জানা বাপোন
তুমিয়ে মোৰ জীৱনৰ দাপোন।
চৰাই-চিৰিকটিয়েও জানে
যোৰ পাতিবলৈ
বাহ সাজে গছৰ ডালত
কণী পাৰে বাহত
পোৱালী জগায় সময়ত।
নদীয়ে বাৰিষা কালত
উথলি উঠে যৌৱন জোৱাৰত
ফেনেফোটোকাৰে যায় বৈ
গভীৰ সাগৰলৈ।