মই মানুহ হ’ব বিচাৰো
মিনহাজ উদ্দিন, বৰপেটা
মই মানুহ হ’ব বিচাৰো
হয়তো আপুনি মোক সুধিব পাৰে
মোৰ ধৰ্ম কি,মোৰ জাতি কি
মই কলা, নে বগা
মই কুলি নে,নাপিত, নে ব্ৰাহ্মণ
মোৰ ভাষা কি, সংস্কৃতি কি
মই নহবও পাৰো ….
সমাজ সেৱক,কবি,…
সাহিত্যিক, ৰাজনীতিবিদ…
কিন্তু মই মানুহ হ’ব বিচাৰো।
মই হ’ব নিবিচাৰো সমাজত থকা
মূখা পিন্ধা মানুহৰ দৰে
যি ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ
মানুহৰ শৰীৰৰ ভক্ষণ কৰে…
মই মানুহ হ’ব বিচাৰো
মোৰ ধৰ্ম হ’ব মানৱ ধৰ্ম
মোৰ হৃদয় হ’ব পবিত্ৰ
গংগা, যমুনাৰ দৰে…
নাথাকিব কোনো হিংসা,
ভয়-ভাৱ, ক্ৰোধ
জাতিগত ভেদা-ভেদ…
থাকিব মাথো ঐক্য, শান্তি, সম্প্ৰতি
মই মানুহ হ’ব বিচাৰো
মোৰ ধৰ্ম হ’ব মানৱ ধৰ্ম…।।