নাৰী – সবিতা বেগম

PC - Entrepreneur
নাৰী 
সবিতা বেগম, বৰপেটা
নাৰী …
সহিষ্ণুতাৰ নামেই হ’ল নাৰী
সান্তনাৰ জগত জননী
সৰলতাৰ স্নিগ্ধ গৰাকী
নীৰৱ যাতনাৰ মৌন স্মৃতি
অৱহেলাৰ তুচ্ছ সামগ্ৰী
সংসাৰ সাগৰত মৰে ডুবি
শান্তিৰ দ্বিতীয় নাম নাৰী
ধ্বংশ পতন সৃষ্টি আদি
বীৰাংগনা মহা ত্যাগী জয়মতী
অসুৰ নিধন মহাশক্তি মা কালি।
নাৰী নানা ৰূপী,বহু মূখী…
ছলনাৰ ফান্দ জগত মোহিনী
ৰাক্ষসী সত্ত্বাৰ মহা অধিকাৰী
ভুৱা মায়াৰ ৰঙীন চাবি কাঠি
ক্ষনে স্ৰোতে আধুনিকতাত বন্দী
বিসৰ্জন কৰে মন সংশয় এৰি
মহানগ্নতাৰ চিকাৰ জগত খনী ।।