ৰাজ্যত শাৰদীয় দুর্গোৎসৱৰ সময়ত সুৰাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি 

Pc Northeast Now

ৰাজ্যত শাৰদীয় দুর্গোৎসৱৰ সময়ত সুৰাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত শাৰদীয় দুর্গোৎসৱৰ দিনকেইটাত সুৰা বিক্ৰীৰ পৰিমাণে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে। কেৱল গুৱাহাটীতে দুৰ্গা পূজাৰ চাৰি দিনত বিক্ৰী হ’ল ২২.৫০ কোটি টকাৰ সুৰা। আবকাৰী বিভাগে এই তথ্য সদৰী কৰিছে। বিভাগটোৰ সূত্ৰই সদৰী কৰা মতে বিগত বৰ্ষৰ তুলনাত ২৫-৩০ শতাংশ ৰাজহ সুৰা বিক্ৰীৰ জৰিয়তে বৃদ্ধি পাইছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ গুৱাহাটীত প্ৰায় ৬ কোটি টকাৰ সুৰা অধিক বিক্ৰী হৈছে। 2022 বৰ্ষত দুর্গোৎসৱৰ সময়ছোৱাত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। লক্ষণীয় যে বিগত বৰ্ষসমূহত দশমীৰ দিনটোত ড্রাই ডে’ ঘোষণা কৰা হয়। কিন্তু এইবাৰ বিজয়া দশমীৰ দিনা ড্রাই ডে’ ৰাজ্য চৰকাৰে ঘোষণা নকৰাৰ ফলত ৰাজ্যৰ সুৰাৰ বিপণীসমূহ খোলা আছিল। ইয়াৰ বাবেও দুৰ্গাপূজাৰ সময়ছোৱাত সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি পোৱা বুলি ভবা হৈছে।